চিনেমাগৃহত অবৈধ যৌনাচাৰ : ১০ স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীক গ্ৰেপ্তাৰ





কোনো বিখ্যাত চলচ্চিত্ৰৰ প্ৰদৰ্শনৰ বাবে নহয়, ছাত্ৰ-ছাত্ৰীৰ অবৈধ যৌনলীলাৰ বাবে চৰ্চালৈ আহিছে পশ্চিমবংগৰ এটা চিনেমাগৃহ। চিনেমাগৃহটোত বুধবাৰে অভিযান চলাই ১০গৰাকী ছাত্ৰ-ছাত্ৰীক অসংযত অৱস্থাত গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে চিনেমাগৃহটোৰ মেনেজাৰকো গ্ৰেপ্তাৰ কৰে।


চিনেমা হলটো বালুৰঘাটৰ ৰঘুনাথপুৰত অৱস্থিত। নাম- সত্যজিৎ মঞ্চ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনোৱা মতে, সত্যজিৎ মঞ্চত বুধবাৰে বিয়লি অতৰ্কিতে অভিযান চলোৱা হৈছিল। অভিযানকালত চিনেমাগৃহটোত অসংযত অৱস্থাত পোৱা যায় ছাত্ৰ–ছাত্ৰীসকলক। লগে লগে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়। লগতে চিনেমা হলটোৰ মেনেজাৰকো গ্ৰেপ্তাৰ কৰে।


আৰক্ষীয়ে ছবিগৃহটোৰ পৰা ১০গৰাকী ছাত্ৰ-ছাত্ৰীক গ্ৰেপ্তাৰ কৰে। তেওঁলোক স্কুল–কলেজৰ ছাত্ৰ–ছাত্ৰী।


উল্লেখ্য যে চিনেমা হলটোত অশালীন কাৰ্যকলাপ চলা বুলি খবৰ লাভ কৰিছিল আৰক্ষীয়ে। তাৰে আঁত ধৰি ছবিগৃহটোত উপস্থিত হয় আৰক্ষী। অভিযানত অশালীন কামত লিপ্ত থকা অৱস্থাত ধৰা পৰে ছাত্ৰ–ছাত্ৰীৰ দলটো।

5 views0 comments