প্ৰসংগ অমাইক্ৰন : অসমত নতুনকৈ এছঅ'পিৰ কথা ভবা নাই মুখ্যমন্ত্ৰীয়ে




ক'ভিডৰ নতুন ভেৰিয়েণ্ট অমাইক্ৰনক লৈ অসম চৰকাৰক অলপ relax হৈ থকা যেন লাগিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে নিশা জিএমচিএইচত সাংবাদিকৰ আগত কয় যে Omicronৰ বাবে ভাৰত চৰকাৰৰ SOP পালন কৰিম। নতুন SOPৰ কথা চিন্তা কৰা নাই। অমাইক্রন আহিলে বা নতুন ভেৰিয়েন্ট আহিলে আমি নতুন SOPৰ কথা চিন্তা কৰিম। এতিয়া কোনো নতুন SOPৰ কথা চিন্তা কৰা নাই। ক'ভিড হ'লে চিকিৎসা চলি থাকিব। কিন্তু এনেই ভয় কৰাৰ দৰকাৰ নাই। ভেকচিন নোলোৱা লোকৰ বাবে কিছু নিয়ম থাকিব। Non Covid ICUৰ কথা চিন্তা কৰা হৈছে।


উল্লেখ্য যে ৰাজনৈতিক উপদেষ্টা জয়ন্তমল্ল বৰুৱাক লগত লৈ নিশা জিএমচিএইচত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। তাত জিএমচিএইচৰ অধীক্ষক আৰু অধ্যক্ষক লগত লৈ তেওঁ চিকিৎসালয়খনৰ বুজ লয়। মুখ্যমন্ত্ৰী ড০ শৰ্মাই চিকিৎসালয়ত ভৰ্তি হৈ থকা ৰোগীৰ সৈতেও বাৰ্তালাপ কৰে।



ইফালে, বহু দিনৰ পিছত চিকিৎসালয়খনলৈ অহা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেইটামান গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে। তেওঁ কয় যে  ১ জানুৱাৰীৰ পৰা এম এম চি এইচ বন্ধ হ'ব। সেই স্থানত  দ্বিতীয়খন মেডিকেল কলেজৰ নিৰ্মাণকাৰ্য আৰম্ভ হ'ব। লগতে পাণ্ডু আৰু ধীৰেনপাৰাৰ হাস্পতালত জিএমচিএইচৰ অধীনত আনি ৰোগীৰ চিকিৎসা কৰা হ'ব বুলি প্ৰকাশ কৰে।



আনহাতে, চিকিৎসকে  কৰ্তব্যৰ সময়ত নাৰ্ছিংহোমত  গৈ উপস্থিত হয় বুলি অভিযোগ পোৱা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য দি ড০ শৰ্মাই লগতে কয় যে মই স্বাস্থ্যমন্ত্ৰী হোৱাৰ সময়ত এইয়া হোৱা নাছিল। বিগত দুমাহৰ পৰা অবিৰতভাবে এনে অভিযোগ পাই আছোঁ। কিন্তু এতিয়াৰ পৰা এনে কাম কৰিব নোৱাৰিব চিকিৎসকসকলে। এই সম্পৰ্কে তেওঁ জিএমচিএইচৰ অধীক্ষক, নাৰ্ছিং হোমৰ মালিকৰ সৈতে কথা পতা বুলি উল্লেখ কৰে। লগতে কিছু চিকিৎসকে দেৰিকৈ আহি সোনকালে যায় বুলিও তেওঁ উল্লেখ কৰে।

10 views0 comments