এয়াও পৰিৱৰ্তন : অসমত এমাহত ৫,৫১৭টা প্ৰতিবেদন ঘৰতে গৈ দিলে আৰক্ষীয়ে




মন কৰিলেই ছন। নেতৃত্ব যদি সঠিক হয়, সংকল্প যদি দৃঢ় হয়, কিছুমান পৰিৱৰ্তনৰ বাবে অধিক সময় অপেক্ষা কৰিব নালাগে। অসম আৰক্ষীৰ ক্ষেত্ৰতে এই কথা প্ৰযোজ্য হয়। মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন, পাছপ’ট ভেৰিফিকেচনৰ ৰিপ’ট আদি আৰক্ষীয়ে ঘৰতে দি আহিব লাগিব বুলি কোনেনো কল্পনা কৰিছিল। আনকি কিমান দিনৰ ভিতৰত দিব লাগিব, সেই নীতিমালা প্ৰস্তুত হোৱাই নাই। কিন্তু এমাহত পাঁচ সহস্ৰাধিক প্ৰতিবেদন লোকৰ দুৱাৰমুখত গৈ উপস্থিত হৈছে।


উল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এমাহ পূৰ্বে মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন, পাছপ’ট ভেৰিফিকেচনৰ ৰিপ’ট আদি আৰক্ষীয়ে আবেদনকাৰীৰ ঘৰলৈ গৈ দি আহিব লাগিব বুলি নিৰ্দেশ দিছিল। সেই অনুসৰি এমাহত ৰাজ্যৰ বিভিন্ন থানাই ৫,৫১৭টা ৰিপ’ট ঘৰতে দি আহিছে৷ নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা দুর্ঘটনাৰ ৰিপ’ট, মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ট আদি কিমান দিনৰ ভিতৰত ঘৰতে দি আহিব লাগিব, সেই সন্দর্ভত আৰক্ষীৰ বাবে নতুন এছ অ’ পি প্রস্তুত কৰা হ’ব৷ অৱশ্যে পাছপ’ৰ্ট ভেৰিফিকেচন ৩০ দিনৰ ভিতৰতে আবেদনকাৰীক ঘৰত দি আহিব লাগিব৷

5 views0 comments