সন্ত্ৰাসবাদীৰ তৎপৰতা বৃদ্ধি : মণিপুৰত কাহিলিপুৱাতে বিস্ফোৰিত শক্তিশালী বোমা




মণিপুৰত সন্ত্ৰাসবাদীৰ তৎপৰতা বৃদ্ধি পাবলৈ ধৰিছে। আজি অৰ্থাৎ বৃহস্পতিবাৰে পুৱা ৰাজ্যখনৰ পূব ইম্ফল জিলাত এটা শক্তিশালী বোমাৰ বিস্ফোৰণ ঘটে। সৌভাগ্যক্ৰমে ঘটনাটোত কোনো লোক হতাহত হোৱা নাই।




জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱা প্ৰায় ৪ বজাত মহম্মদ তোলেন নামৰ এগৰাকী লোকৰ দোকানৰ সন্মুখত বিস্ফোৰণটো সংঘটিত হয়। ঘটনাৰ খবৰ পাই আৰক্ষীৰ দল বিস্ফোৰণস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।


উল্লেখ্য যে যোৱা ১৩ নৱেম্বৰত ৰাজ্যখনৰ চুৰাচান্দপুৰ জিলাত পি এল এ আৰু এম এন এফ এৰ যুটীয়া এম্বুশ্বত আছাম ৰাইফলছৰ কৰ্নেল বিপ্লৱ ত্ৰিপাঠী, তেওঁৰ পত্নী, তিনি বছৰীয়া পুত্ৰ আৰু চাৰিগৰাকী জোৱান শ্বহীদ হৈছিল। শ্বহীদৰ মাজত অসম সন্তান সুমন স্বৰ্গীয়াৰীও আছে।

6 views0 comments