মানুহৰ যৌনাংগ খালে যৌনক্ষমতা বাঢ়ে : নৰখাদকক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ




আর্থিকভাৱে সমৃদ্ধিশালী। পছন্দৰ খাদ্য ক্ৰয় কৰি খোৱাত কোনো সমস্যাই নাই। কিন্তু বার্লিনৰ প্রাক্তন শিক্ষকজনৰ বিশ্বাস, মানুহৰ যৌনাংগ খালে যৌনক্ষমতা বাঢ়ে। সেয়ে নেটমাধ্যমত সদ্য পৰিচিতক নিজৰ ঘৰলৈ আমন্ত্রণ জনাই হত্যা কৰি আমন্ত্ৰিতৰ যৌনাংগ ৰান্ধি ভক্ষণ কৰে।


বার্লিনৰ এখন আদালতে নৰখাদক আৰ ষ্টেফানক (৪২)ক সেই অপৰাধত যাৱজ্জীবন কাৰাদণ্ড বিহিছে। ন্যায়াধীশ মেথিউজ চার্টজে ৰায়ত কৈছে, ‘‘মোৰ তিন দশকৰ কর্মজীৱনত এনে ঘটনা দেখা নাই।’’


আৰক্ষীৰ তদন্তত পোৱা গৈছে, ঘটনাটো ২০২০ চনৰ। নিহত ব্যক্তিৰ সৈতে এটা ‘ডেটিং এপ’ৰ জৰিয়তে পৰিচয় হৈ লয় ষ্টেফান। তাৰ পিছত তেওঁক নিজৰ ঘৰলৈ আমন্ত্ৰণ জনায়। সদ্য পৰিচিতজনক নিচাজাতীয় দ্ৰব্য খুৱাই ডিঙি কাটি হত্যা কৰে। সম্ভৱতঃ অপৰাধীৰ ধাৰণা মানুহৰ যৌনাংগ খালে যৌনক্ষমতা বাঢ়ে। সেয়ে তেওঁ ‘চিকাৰ’ৰ যৌনাংগ কাটি খা।য়।


নিহতসকলৰ দেহ টুকুৰা টুকুৰকৈ কাটি চহৰৰ বিভিন্ন অংশত পেলাই দিয়ে। ২০২০ চনৰ নৱেম্বৰত বার্লিনৰ উত্তৰ-পূর্বাঞ্চলৰ এখন পার্কত মানুহৰ হাড় পোৱাৰ পিছত তদন্তত নামে জার্মানীৰ পুলিচ। নানা সূত্রৰ আঁত ধৰি গ্রেপ্তাৰ কৰা হয় নৰখাদক ষ্টেফানক।


ষ্টেফানৰ অধিবক্তাই আদালতত যুক্তি দিছিল ষ্টেফান আৰু নিহত ব্যক্তি দুয়োজম সমকামী আছিল আৰু সেইবাবে ডেটিং এপৰ জৰিয়তে চিনাকি হৈছিল। লগতে হত্যাৰ অভিযোগ অস্বীকাৰ কৰে ষ্টেফানে। ব্যক্তিজন তেওঁৰ ঘৰলৈ আহি হঠাৎ মৃত্যু হয়। তাৰ পিছত তেওঁ মৃতকৰ যৌনাংগ আৰু দেহৰ অন্য কিছু অংশ কাটি খাইছিলে।

5 views0 comments