ক্ৰমাৎ বাঢ়িছে ই-শ্ৰম পৰ্টেলত অন্তৰ্ভুক্তিৰ সংখ্যা, ২০ নৱেম্বৰৰ ভিতৰত ৮.৪৩ কোটি পঞ্জীয়ন সম্পূৰ্ণ




শ্ৰম মন্ত্ৰালয়ে ৰ অধীনত ই-শ্ৰম পৰ্টেলত ক্ৰমাৎ বাঢ়িছে শ্ৰমিকৰ অন্তৰ্ভুক্তিৰ সংখ্যা । এই সংখ্যাই ৮.৪৩ কোটিৰ ঘৰ স্পৰ্শ কৰিছে বুলি মন্ত্ৰালয়ে উল্লেখ কৰে । এই সন্দৰ্ভত মন্তব্য দি মন্ত্ৰালয়ে কয় যে চলিত বৰ্ষৰ ২৬ আগষ্টৰ পৰা ই-শ্ৰম পৰ্টেল কাৰ্যকৰী হোৱা হেতুকে পৰ্টেলটোত অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ পঞ্জীয়ন শেহতীয়া বাৰটা সপ্তাহত যথেষ্ট বৃদ্ধি পাইছে । নৱেম্বৰৰ ২০ তাৰিখলৈ এনে পঞ্জীয়নৰ সংখ্যা ৮,৪৩,৮৯,১৯৩ হৈছে বুলি মন্ত্ৰালয়ে কয় । পঞ্জীয়নৰ তথ্যক সপ্তাহৰ হিচাপত চালে দেখা যায় যে দশমটো সপ্তাহে ১,১৫,৬৬,৯৮৫ টা পঞ্জীয়নেৰে সৰ্বাধিক পঞ্জীয়নৰ স্থান দখল কৰিছে । তাৰ পিছতে আছে সপ্তমটো সপ্তাহ যত পঞ্জীয়নৰ সংখ্যা আছিল ৮৬,৮৩,৮৮১ টা । নৱেম্বৰৰ ২০ তাৰিখৰ ভিতৰত সৰ্বাধিক পঞ্জীয়ন হোৱা বৃত্তিগত বিভাগবোৰ আছিল কৃষি (৫৩.২%), নিৰ্মাণ (১২.১%), ঘৰুৱা কৰ্মী (৮.৮%), দৰ্জী (৬.৩%) আৰু পুঁজিগত বস্তু আৰু নিৰ্মাণ (৩.৩%) । দেখা গৈছে যে মুঠ পঞ্জীয়নভুক্ত শ্ৰমিকৰ ভিতৰত ৯১% শ্ৰমিকৰ মাহিলী উপাৰ্জন ১০ হাজাৰতকৈ কম । মুঠ পঞ্জীয়নভুক্ত শ্ৰমিকৰ ভিতৰত ৪৮.২% হৈছে পুৰুষ শ্ৰমিক আৰু ৫১.৮% হৈছে মহিলা শ্ৰমিক ।

5 views0 comments