ভাৰতৰ মহানুভৱতা : বাজেটত আফগানিস্তানৰ বাবে ২০০ কোটি টকা ধাৰ্য





তালিবানে কাবুল দখল কৰাৰ পিছৰে পৰা আফগানিস্তানৰ আৰ্থিক দুৰৱস্থাই আকাশ স্পৰ্শ কৰিবলৈ লৈছে। দেশখনৰ জনগণ খাদ্য, কাপোৰ, দৰবৰ ভয়াৱহ নাটনিত ভুগিছে। এই প্ৰেক্ষাপটত দেশখনলৈ মানৱীয় সাহায্য প্ৰদান অতি জৰুৰী হৈ পৰিছে। ভাৰতে ইয়াৰ বাবে ২০২২-২৩ বৰ্ষৰ বাজেটত বুজন পৰিমাণৰ ধন ধাৰ্য কৰিছে। অৱশ্যে সংকটত পৰা দেশখনৰ জনসাধাৰণক ভাৰতে পূৰ্বৰে পৰা সহায় কৰি আহিছে। চলিত বৰ্ষটোতে ভাৰতৰ পৰা কেইবাবাৰো দৰব, খাদ্য আদি যোগান ধৰিছে। দুবাৰকৈ কৰোনা ভেকচিন যোগান ধৰা হৈছে। লক্ষণীয় কথাটো হ'ল আফগানিস্তানৰ বাবে বিশ্বৰ দুৱাৰে দুৱাৰে হাত পাতি ফুৰা ভণ্ড পাকিস্তানে নিজ দেশৰ ভূমিৰে আফগানিস্তানলৈ সাহায্য সামগ্ৰী প্ৰেৰণত অনুমতি নিদিলে। ভাৰতো কম নহয়। পাকিস্তানে ৰাস্তা এৰি নিদিয়াত চাবাহাৰ বন্দৰেৰে ইৰানৰ জৰিয়তে আফগানিস্তানলৈ সামগ্ৰী প্ৰেৰণ কৰে। পাকিস্তানৰ দম্ভ-দৰ্প চূৰ্ণ হ'ল।


ইফালে, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ নতুন বাজেটত আফগানিস্তানক সাহায্য হিচাপে প্ৰদান কৰিবলৈ ২০০ কোটি টকা আবণ্টন দিয়া হৈছে।


উল্লেখ্য যে আফগানিস্তান এতিয়া সম্পূৰ্ণৰূপে বিধ্বস্ত দেশ। যোৱা বছৰৰ ১৫ আগষ্টত তালিবানে কাবুল দখল কৰাৰ পাছত আফগানিস্তানৰ সাধাৰণ নাগৰিকৰ জীৱনৰ নিৰাপত্তা নোহোৱা হৈ পৰিছে। আৰ্থিকভাৱে চৰম দুৰ্বল হৈ পৰিছে। আফগানিস্তানৰ লোকসকলে দুবেলা দুমুঠিৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। পৰিস্থিতিয়ে এনে পৰ্যায় পাইছে যে দাৰিদ্ৰ্যতা আৰু অনাহাৰত ভুগি থকা বহুতো আফগানী লোকে তেওঁলোকৰ সন্তানক বাধ্য হৈ বিক্ৰীও কৰিছে। বহু লোকে নিজৰ কিডনীপৰ্যন্ত বিক্ৰী কৰিব লগা হৈছে।

দেশখনক সহায় কৰাৰ উদ্দেশ্যে ভাৰতৰ বাজেট ২০০ কোটি টকা ধাৰ্য কৰা হৈছে। প্ৰসংগক্ৰমে উল্লেখ্য যে ২০০১ চনৰ পৰাই ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছত মানৱীয় ভিত্তিত আফগানিস্তানক আটাইতকৈ বেছি সহায় কৰি আহিছে। এই মাহত ভাৰতীয় ঘেঁহুও আফগানিস্তানে লাভ কৰিব। যোৱা বছৰ ভাৰতে আফগানিস্তানক ৩৫০ কোটি টকাৰ সাহায্য আগবঢ়াইছিল।

0 views0 comments