নতুন শিক্ষা নীতিৰে বিশ্বক নেতৃত্ব দিব ভাৰতে : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা




অসমত আৰু পাঁচখন মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উন্নীত হ'ব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত নৰ্থ-ইষ্ট শিক্ষা কনক্লেভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা জানিবলৈ দিয়ে। তেওঁ কয় যে সমাগত দুবছৰৰ ভিতৰত বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত হ'ব নৰ্থ লখিমপুৰ কলেজ, জেবি কলেজ, সন্দিকৈ ছোৱালী কলেজ, শিৱসাগৰ কলেজ আৰু নগাওঁ কলেজ। তদুপৰি ৰাজ্যৰ অধিকাংশ কলেজকে প্ৰদান কৰা হ'ব স্বায়ত্তশাসন।

আনহাতে, অনুষ্ঠানটোত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সন্দৰ্ভত আলোচনা কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, 'নতুন ভাৰত গঢ়াত উৎসাহ জগাব নতুন শিক্ষা নীতিয়ে। ভাৰতৰ সভ্যতাক লৈ সকলোৱে গৌৰৱ কৰে। কালৰ সোঁত বহু সভ্যতাৰ বিলুপ্তি ঘটিল। ইয়াৰ বিপৰীতে চিৰ প্ৰৱাহমান হৈ আছে ছহেজাৰ পুৰণি ভাৰতীয় সভ্যতা। ভাৰতীয় সভ্যতাৰ মূল ছাবিকাঠিয়ে হ'ল জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনা।'মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে কয় যে বিগত এটা দশকত দেশৰ শৈক্ষিক জগতৰ বাবে সৰ্বোৎকৃষ্ট উপহাৰ হৈছে নতুন শিক্ষা নীতি। ইয়াৰ সঠিক বলৱৎ হ'লে বিশ্বক নেতৃত্ব দিব ভাৰতে।

9 views0 comments