ভাৰত ত ৭০,৭৩৩ কোটি ব্যয়েৰে নিৰ্মাণ ৪,৩৫৮ কি:মি:ৰো অধিক ৰাষ্ট্ৰীয় ঘাইপথ




সুখবৰ, ক্ষীপ্ৰতাৰে চলি আছে ৰাষ্ট্ৰীয় ঘাইপথ সমুহৰ নিৰ্মাণ কাৰ্য । ৭০,৭৩৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে ৪,৩৫৮ কি:মি:ৰো অধিক ৰাষ্ট্ৰীয় ঘাইপথ । যোৱা ৫ বছৰত পাহাৰীয়া আৰু সীমান্ত অঞ্চলত ৪,৩৫৮ কিলোমিটাৰৰো অধিক ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে। এই কথা জনাবলৈ দিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত কৈছে যে "যোৱা পাঁচ বছৰত ৭০,৭৩৩ কোটি টকা ব্যয়েৰে পাহাৰীয়া আৰু সীমান্ত অঞ্চলত ৪,৩৫৮ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে"। উত্তৰাখণ্ডত ৮১টা, পশ্চিম বংগত ৫৩টা, অসমত ৫১টা, অৰুণাচলত ৪৭টা, নাগালেণ্ডত ৪৪টা, হিমাচলত ৪১টা, জম্মু-কাশ্মীৰত ৩৪টা, মণিপুৰত ৩১টা, ছিকিমত ২৯টা, ত্ৰিপুৰা, মিজোৰাম আৰু মেঘালয়ত ২২টা কৈ আৰু লাডাখত দুটাকৈ প্ৰকল্প চলি আছে।এই কামসমূহ ২০২১ ৰ পৰা ২০২৩ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য ৰখা হৈছে বুলিও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।

6 views0 comments