ভাৰতত শীঘ্ৰেই ছুনামিৰ ৰূপ পৰিগ্ৰহ কৰিব পাৰে অমাইক্ৰনে : কেমব্ৰিজৰ অধ্যাপক







সংখ্যাৰ হিচাপত অদ্যাপি হাজাৰৰ আশে-পাশে থাকিলেও ভাৰতত শীঘ্ৰেই ছুনামিৰ ৰূপ পৰিগ্ৰহ কৰিব কৰোনাভাইৰাছৰ নতুন প্ৰজাতি অমাইক্ৰনৰ সংক্ৰমণ। এই আশংকা ব্যক্ত কৰিছে কেমব্রিজ বিশ্ববিদ্যালয়ৰ অধ্যাপক পল কাট্টুমানে। তেওঁৰ অনুমান, অমাইক্রনৰ কাৰণে আৰু কিছুদিনৰ ভিতৰতে ভাৰতত হোৰাহোৰে বাঢ়িব পাৰে কৰোনাৰ সংক্ৰমণ। লগতে অৱশ্যে এটা স্বস্তিৰ বাৰ্তাও দিছে। মহামাৰীৰ আৰু এটা লহৰ আহিলেও ইয়াৰ স্থায়িত্ব দীৰ্ঘস্থায়ী নহ’ব।

উল্লেখ্য যে কেমব্রিজ বিশ্ববিদ্যালয়ে প্ৰস্তুত কৰিছে ক’ভিড ইণ্ডিয়া ট্রেকাৰ। ভাৰতত কৰোনা সংক্রমণৰ ওপৰত ইয়াৰ জৰিয়তে বিশ্ববিদ্যালয়খনৰ বিশেষজ্ঞসকলে নজৰ ৰাখি আছে। কাট্টুমানে কৈছে, ‘কেইটামান সপ্তাহৰ ভিতৰতে ভাৰতত সংক্রমণৰ হাৰ নতুনকৈ বৃদ্ধি হোৱাটো আৰম্ভ হ’ব। দিনে বহু মানুহ আক্রান্ত হ’ব।’ যোৱা ২৪ ডিচেম্বৰত তেওঁ কৈছিল যে ভাৰতৰ পাঁচখন ৰাজ্যত কৰোনা পৰিস্থিত উদ্বেগজনক। তাত দৈনিক সংক্রমণ ৫ শতাংশ হাৰত বাঢ়িছে। ২৬ ডিচেম্বত ক’ভিড ট্ৰেকাৰে জনায় যে ভাৰতৰ ১১খন ৰাজ্যৰ অৱস্থা ক্রমশঃ উদ্বেগজনক হৈ উঠিছে।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে বৃহস্পতিবাৰে পুৱা যি পৰিসংখ্যা প্রকাশ কৰিছে তাত দেখা গৈছে,বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কৰোনাত সংক্রমিত হৈছে ৯,১৯৫জন। অমাইক্রনৰ দৌৰাত্ম্যত দেশৰ বিভিন্ন প্রান্তত সংক্রমণ বৃদ্ধিৰ আশংকা ইতিমধ্যে দেশজুৰি সৃষ্টি হৈছে। মহাৰাষ্ট্রৰ মন্ত্রী তথা মুখ্যমন্ত্রী উদ্ধৱ ঠাকৰেৰ পুত্র আদিত্য ঠাকৰে জনািচে যে আজি মুম্বাইত নতুনকৈ কৰোনাত আক্রান্ত হৈছে ২,৫১০জন। এয়া কালিৰ তুলনাত ৮২ শতাংশ অধিক। উদ্ভূত পৰিস্থিতিক লৈ তেওঁ বিষয়াৰ সৈতে আজি তেওঁ বৈঠকত মিলিত হ’ব। প্ৰসংগ্ৰক্ৰমে উল্লেখ্য প্রবীণ নাগৰিক আৰু কিশোৰ-কিশোৰীৰ টিকাকৰণৰ বাবে ইতিমধ্যে মহাৰাষ্ট্র প্রশাসনে তৎপৰতা আৰম্ভ কৰি দিছে। এই সন্দৰ্ভত তেওঁ কয় যে ১৫-১৮ বছৰ বয়সৰ লোকৰ বাবে টিকাকৰণ জানুৱাৰীৰ প্ৰথম সপ্তাহতে চৰকাৰে আৰম্ণ কৰিব বিচাৰিছে।

5 views0 comments