ভাৰতত লক্ষাধিক কৰোনা পজিটিভ : অসমত ৮৪৪ : আজি নতুন এছঅ’পি



সাত মাহৰ অন্তত ভাৰতত এদিনত কৰোনাৰ সংক্ৰমণে লাখ ঘৰ পাৰ কৰিলে। বিগত ২৪ ঘণ্টাত দেশখনত ১,১৭,১০০জন কৰোনা পজিটিভ হয়। ইয়াৰ মাজতে স্বস্তিৰ কথাটো হৈছে দেশত ৯৭.৫ শতাংশ লোকেই কৰোনামুক্ত হ’বলৈ সক্ষম হৈছে। ইফালে, বৃহস্পতিবাৰে অসমতো কৰোনাৰ সংক্ৰমণ উদ্বেগজনকভাৱে বাঢ়িছে। সময়ছোৱাত অসমত কৰোনা পজিটিভৰ সংখ্যা ৮৪৪জন। ৰাজ্যখনত অমাইক্ৰনত আক্ৰান্তৰ সংখ্যাও ৯জনলৈ বৃদ্ধি পাইছে। দেশত সংখ্যাটো ৩,০০৭জন। ইপিনে, অসমত কৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাত তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। বিষয়টোত স্বাস্থ্য বিভাগৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি আলোচনাত মিলিত হয়। আজি বিয়লি ৰাজ্যখনত কৰোনাৰ নতুন এছ অ’ পি জাৰি কৰা হ’ব। ইয়াৰ জৰিয়তে নৈশ সান্ধ্য আইনৰ পৰিধি বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। মাস্ক পিন্ধাৰ ক্ষেত্ৰতো কঠোৰ নিয়ম বান্ধি দিয়াৰ সম্ভাৱনা আছে।

শুকুৰবাৰ আৰ্থাৎ আজি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে সদৰী কৰা তথ্য অনুসৰি, বিগত ২৪ ঘন্টাত ভাৰতত ১,১৭,১০০জন নতুনকৈ কৰোনাত আক্রান্ত হৈছে। পৰিসংখ্যাটো বুধবাৰৰ তুলনাত ২৮.৮ শতাংশ অধিক। ইয়াৰ পূৰ্বে বিগত বছৰৰ জুনত অন্তিমবাৰৰ বাবে দিনে এক লক্ষাধিক লোক কৰোনা পজিটিভ হৈছিল। বিগত ২৪ ঘণ্টাৰ সংখ্যাক লৈ দেশখনত কৰোনাত আক্ৰান্তৰ মুঠ সংখ্যা ৩,৫২,২৬,৩৮৬জনলৈ বৃদ্ধি পালে।

বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্রত সৰ্বাধিক লোক কৰোনা পজিটিভ হয়। ৰাজ্যখনত ৩৬,২৬৫জন আক্রান্ত হৈছে। দ্বিতীয় স্থানত থকা পশ্চিমবংগত দিনটোত আক্রান্তৰ সংখ্যা ১৫,৪২১জন। পশ্চিমবংগৰ পিছতে আছে ক্ৰমে দিল্লী (১৫,০৯৭), তামিলনাড়ু (৬,৯৮৩) আৰু কর্ণাটক (৫,০৩১)। বৃহস্পতিবাৰে দেশত মুঠ ৩০২জন কৰোনাত আক্ৰান্তৰ মৃত্যু হৈছে। ইয়াৰে অকল কেৰালাৰ ২২১জন।


ইফালে, দেশখনত অমাইক্ৰনত াক্ৰান্তৰ সংখ্যাও দ্ৰুতগতিত বাঢ়িছে। বৰ্তমান দেসখনত কৰোনাৰ নুতন প্ৰজাতিটোত আক্ৰান্তৰ সংখ্যা হৈছে ৩,০০৭জন। ইয়াৰে ১,১৯৯জন ইতিমধ্যে সুস্থ হৈ উঠিছে। অমাইক্রনত আক্রান্তৰ পৰিসংখ্যাতো শীর্ষত আছে মহাৰাষ্ট্র। ৰাজ্যখনত মুঠ ৮৭৬জন অমাইক্রনত আক্রান্ত হৈছে। মহাৰাষ্ট্ৰৰ পিছতে আছে দিল্লী। দিল্লীত আক্রান্তৰ সংখ্যা ৪৬৫। ইফালে, দেশত হঠাতে কৰোনাৰ সংক্ৰমণ হোৰাহোৰে বৃদ্ধি পোৱাৰ কাৰণ হিচাপে অমাইক্ৰনকে বিশেষজ্ঞসকলে জগৰীয়া কৰিছে।

ইফালে, দেশৰ অন্যান্য অংসৰ সৈতে অসমতো কৰোনাৰ সংক্ৰমণ আৰু পজিটিভিটীৰ হাৰ বৃদ্ধি পাবলৈ ধৰিছে। বিগত ২৪ ঘণ্টাত ৮৪৪জন কোভিড পজিটিভ হৈছে। ইয়াৰে ৩৬৯জন কামৰূপ মেট্ৰ’ৰ, ৫৭জন যোৰহাটৰ, ৫২জন কামৰূপ গ্ৰাম্যৰ আৰু ৫০জন দৰঙৰ। ৰাজ্যখনত চিকিৎসাধীন হৈ আছে ২৬৮৯জন কৰোনা ৰোগী। আনহাতে, ৰাজ্যখনত বৃহস্পতিবাৰে সুস্থ হয় ১৩২জন লোক। মৃত্যু হয় দুজনৰ।ইপিনে,অসমত অমাইক্ৰনত আক্ৰান্তৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পালে। ইয়াৰে ৩ গৰাকী ইতিমধ্যে সুস্থা হৈছে। বাকী ৬গৰাকী চিকিৎসাধীন। কেউজনেই ডিব্ৰুগড় জিলাৰ। আনহাতে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন আলটাভ হুছেইন নামৰ ব্যক্তিজন সুস্থ হৈ ঘৰলৈ উভতিছে। চৌদি আৰৱৰ পৰা অহা মামুদ হুছেইন আৰু ৰোহন হুছেইনো অমাইক্ৰনমুক্ত হৈছে। ইপিনে,

গুৱাহাটী মহানগৰৰ চানমাৰি আৰু ৰাজগড়ত কৰোনাৰ সংক্ৰমণ বাঢ়িছে। সংক্ৰমণ বাঢ়িছে মালিগাঁও অঞ্চলতো।

#আজি অসমত নতুন এছ অ’ পি

শুকুৰবাৰ অৰ্থাৎ আজি অসমত প্ৰকাশ পাব কৰোনাৰ নতুন এছ অ’ পি। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে এই কথা। তেওঁ লগতে ৰাইজক কৰোনাৰ বিধি মানি চলিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ভেকচিন নোলোৱা লোকসকলক ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বানো জনাইছে। আনহাতে, কৰোনাৰ সংক্ৰমণ বৃদ্ধি পালেও অসমত লকডাউনৰ সম্ভাৱনা নাকচ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে, নতুন এছ অ’ পিত মাস্ক পিন্ধাটো বাধ্যতামূলক হোৱাৰ সম্ভাৱনা আছে। নৈশ সান্ধ্য আইনৰ পৰিধিও বাঢ়িব পাৰে। লগতে বজাৰ-সমাৰত ভিৰ কমোৱাৰ বাবে থাকিব বিশেষ নিৰ্দেশনা।

2 views0 comments