সমুদ্ৰৰ মহাশক্তিৰ দিশে ভাৰত : নৌসেনাৰ গৃহত আহিল অত্যাধুনিক ঘাতক ছাবমেৰিন




সমুদ্ৰৰ মহাশক্তিত পৰিণত হোৱাৰ দিশে অগ্ৰসৰ হৈছে ভাৰত। ভাৰতীয় নৌসেনাৰ শক্তি বৃদ্ধি কৰিবলৈ এইবাৰ হাজিৰ হৈছে স্কৰপেন গোত্রৰ ছাবমেৰিন আইএনএছ ভেলা। বৃহস্পতিবাৰ অৰ্থাৎ আজি নৌবাহিনীৰ নুতন সদস্য হিচাপে অন্তর্ভুক্ত হয় ছাবমেৰিনখন। চৰকাৰ পৰিচালিত

মাঝগাঁও শ্বীপবিল্ডাৰ্ছ লিমিটেডে ছাবমেৰিনখন তৈয়াৰ কৰিছে। এইখন ভাৰতৰ স্কৰপেন গোত্রৰ চতুর্থ ছাবমেৰিন।


ইয়াৰ পূৰ্বে ২০১৭ চনত আইএনএছ কালভাৰী, ২০১৯ চনত আইএনএছ খাণ্ডোৰী আৰু চলিত বৰ্ষত আইএনএছ কৰঞ্জক নৌবাহিনীৰ সদস্য হিচাপে অন্তর্ভুক্ত কৰা হৈছিল। পঞ্চম ছাবমেৰিন আইএনএছ ভাগিৰ নিৰ্মাণৰো প্রস্তুতি পর্ব চলিছে।


উল্লেখ্য যে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত চীনে প্রাধান্য বিস্তাৰৰ চেষ্টা চলাই আছে। এই প্ৰেক্ষাপটত ভাৰতে দেশহিতৰ স্বাৰ্থত নৌবাহিনীৰ শক্তি বৃদ্ধি কৰিবলৈ বাধ্য হৈছে। অত্যাধুনিক আৰু ঘাতক ছাবমেৰিন আইএনএছ ভেলাৰ অন্তৰ্ভুক্তিয়ে ভাৰতৰ নৌসেনাক যথেষ্ট শক্তিশালী কৰি তুলিব।




ভাৰতীয় নৌবাহিনীত ভেলা নতুন নাম নহয়। ইয়াৰ পূৰ্বে এই নামত এখন ছাবমেৰিন আছিল। ১৯৭৩-২০১০ চনত ছাবমেৰিনখন নৌসেনাৰ অংশ আছিল। এইবাৰো একেই নামত আৰু অত্যাধুনিক প্রযুক্তিৰে সজ্জিত আইএনএছ ভেলাক নুতন ৰূপত নৌসেনাক প্ৰদান কৰা হৈছে। পূৰ্বৰ ছাবমেৰিনখন ৰাছিয়াৰ ফক্সট্রট গোত্রৰ আছিল। নতুন ৰূপৰ আইএনএছ ভেলা স্কৰপেন গোত্রৰ। ছাবমেৰিনখন একেলগে ৮জন নৌবিষয়া আৰু ৩৫জন সেনা বহনৰ ক্ষমতাৰে সমৃদ্ধ। ছাবমেৰিনখনত চি৩০৩ এন্টি টর্পেডো কাউন্টাৰমেচাৰ ব্যৱস্থা আছে। ছাবমেৰিনখনে এবাৰত ১৮টা টর্পেডো বহন কৰিব পাৰে। কেৱল সেয়াই নহয়, আইএনএছ ভেলাত আছে জাহাজ বিধ্বংসী ক্ষেপণাস্ত্র।

4 views0 comments