আমেৰিকা-ৰাছিয়াৰ যুঁজৰ মেৰপেঁচত ভাৰত : মোদীৰ সন্মুখত বৃহৎ প্রত্যাহ্বান




সফল বৈদেশিক নীতি আৰু সাৰ্থক কূটনীতিৰ জৰিয়তে ভাৰতবৰ্ষৰ স্বাৰ্থ আৰু হিতক ৰক্ষা কৰাত সফল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত শেহতীয়াকৈ এটা বৃহৎ প্রত্যাহ্বান আহি পৰিছে। আমেৰিকা আৰু ৰাছিয়াৰ শীতল যুঁজখনৰ মাজত পৰিছে ভাৰতবৰ্ষ। সংকটটোৰ পৰা স্বাৰ্থৰ বিঘিনি নঘটাকৈ ভাৰতক উলিয়াই অনাটো হ’ব প্ৰধানমন্ত্ৰীৰ বাবে এটা ডাঙৰ পৰীক্ষা। আমেৰিকা আৰু ৰাছিয়াৰ মাজৰ যুঁজখন আচলতে কি? এটা কথা সকলোৱে জানে যে কমিউনিষ্ট শাসকৰ অধীনত থকা এসময়ৰ ছোভিয়েত ৰাছিয়াৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আছিল প্ৰবল বৈৰীতা। দেশখন ভংগৰ হোৱাৰ পিছত সেই শীতল যুদ্ধৰ অৱসান ঘটা বুলি ধাৰণা কৰা হৈছিল। কিন্তু ভ্্লডিমিৰ পুতিনৰ হাতত ধৰি ৰাছিয়াৰ পুনৰ উত্থান ঘটাত দুয়োখন ৰাষ্ট্ৰ পুৰণি বৈৰীতাই পুনৰ প্ৰাণ পাই উঠে। বিশেষকৈ অত্যাধুনিক সমৰাষ্ট্ৰৰ বজাৰখনত আমেৰিকাৰ প্ৰবল প্ৰতিদ্বন্দ্বী হৈ উঠে ৰাছিয়া। ইয়াৰে পৰিপ্ৰেক্ষিতত আমেৰিকাই নিজৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ কাটছা প্ৰৱৰ্তন কৰে। আইনখনৰ উদ্দেশ্যই হৈছে ৰাছিয়াৰ পৰা সমৰাস্ত্ৰ ক্ৰয়ত আন ৰাষ্ট্ৰ বিশেষকৈ আমেৰিকাৰ মিত্ৰৰাষ্ট্ৰক অৰ্থনৈতিক নিষেধাজ্ঞাৰ ভয় দেখুৱাই বাধা প্ৰদান কৰা। শেহতীয়াকৈ তুৰস্কক ৰাছিয়াৰ পৰা অস্ত্ৰ ক্ৰয় কৰাৰ বাবে আমেৰিকাই আৰ্থিক নিষেধাজ্ঞা আৰোপ কৰে। কিন্তু আইনখনৰ অস্তিত্বক একপ্ৰকাৰ নস্যাৎ কৰি ভাৰতে ৰাছিয়াৰ সৈতে অস্ত্ৰ ক্ৰয়কে ধৰি বিভিন্ন সামগ্ৰী আৰু প্ৰযুক্তি ক্ৰয় কৰি আহিছে। এতিয়ালৈকে একমাত্ৰ ভাৰতবৰ্ষ হৈছে আইনখনক উপেক্ষা কৰা একমাত্ৰ দেশ। ভাৰতে একে সময়তে আমেৰিকা আৰু ৰাছিয়াৰ পৰা বিভিন্ন ধৰণৰ অস্ত্ৰ ক্ৰয় কৰি আহিছে। নতুন দিল্লীৰ এই কূটনৈতিক সাফল্যক সমগ্ৰ বিশ্বই বিস্ময়ৰ দৃষ্টিৰে চায়।


কিন্তু শেহতীয়াকৈ আমেৰিকাই ভাৰতৰ ক্ষেত্ৰত কঠোৰ হোৱাৰ ইংগিত প্ৰদৰ্শন কৰিছে। শুকুৰবাৰে সংবাদ সংস্থা এ এন আইক দিয়া এটা সাক্ষাৎকাৰত আমেৰিকাৰ বিদেশ বিভাগৰ মুখপাত্ৰই কয় যে আমি সকলো মিত্ৰ দেশলৈ অনুৰোধ জনাইছোঁ, ৰাছিয়াৰ পৰা এনে কোনো অস্ত্ৰ ক্ৰয় নকৰে যাৰ বাবে তেওঁলোকে কাছটাৰ অধীনত নিষেধাজ্ঞাৰ মুখত পৰিব পাৰে। তেওঁ কয়, ৰাছিয়াৰ সৈতে অস্ত্ৰচুক্তি সন্দৰ্ভত ভাৰতক ৰেহাই দিয়াক লৈ কোনো ধৰণৰ সিদ্ধান্ত লোৱা হোৱা নাই। কাটছাৰ অধীনত কোনো বিশেষ দেশক ৰেহাই দিয়াৰ কোনো বিধানো নাই। ইয়াৰ দ্বাৰা আমেৰিকাই স্পষ্ট কৰি দিলে যে ৰাছিয়াৰ পৰা অস্ত্ৰ ক্ৰয় কৰিলে ভাৰত আমেৰিকাৰ অৰ্থনৈতিক নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে।


ভাৰতৰ বিৰুদ্ধে আমেৰিকাৰ এই কঠোৰতাৰ কাৰণ কি?

আমেৰিকাৰ প্ৰস্তাৱ খাৰিজ কৰি ভাৰতে ৰাছিয়াৰ পৰা ৰাছিয়াৰ পৰা এছ-৪০০ মিছাইল ডিফেন্স ছিষ্টেম ক্ৰয় চুক্তি কৰিছিল। আমেৰিকাই নিজ দেশত উৎপাদিত ইয়াৰ বিকল্প মিছাইল ডিফেন্স ছিষ্টেম বিক্ৰীৰ প্ৰস্তাৱ দিছিল। কিন্তু আমেৰিকাৰ মিছাইল ডিফেন্স ছিষ্টেমৰ তুলনাত ৰাছিয়াৰ এছ-৪০০ কেইবাগুণে উত্তম আৰু এডভাঞ্চ প্ৰযুক্তিৰে সমৃদ্ধ হোৱা হেতু আমেৰিকাৰ প্ৰস্তাৱ নাকচ কৰি ৰাছিয়াৰ সৈতে চুক্তি কৰে। চুক্তিখন অৱশ্যে ট্ৰাম্পৰ কাৰ্যকালতে সম্পাদিত। কিন্তু চলিত মাহৰ পৰা ৰাছিয়াই ভাৰতক এছ-৪০০ মিছাইল ডিফেন্স ছিষ্টেম যোগান ধৰিব। ইতিমধ্যে ভাৰতীয় সেনাৰ এটা দলক ৰাছিয়াই এছ-৪০০ ব্যৱহাৰৰ প্ৰশিক্ষণ দিছে। আনহাতে, লোকসভাৰ চলিত শীতকালীন অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিয়ে যে ৰাছিয়ান এছ-৪০০ মিছাইল ডিফেন্স ছিষ্টেম ক্ৰয় কৰা বিষয়টো এখন সাৰ্বভৌম দেশৰ সিদ্ধান্ত।নিৰাপত্তা পৰিস্থিতি আৰু সেনাৰ চাহিদালৈ লক্ষ্য ৰাখি চৰকাৰে হাথিয়াৰ ক্ৰয় কৰে।নিৰ্দিষ্ট সময়মতেই এছ-৪০০ ভাৰতলৈ আহিব। ইয়াৰ পিছতে তরপৰ হৈ উঠে আমেৰিকা যুক্তৰাষ্ট্ৰ। উল্লেখ্য যে ৰাছিয়াৰ পৰা এছ-৪০০ মিছাইল ডিফেন্স ছিষ্টেম ক্ৰয় কৰাৰ বাবে আমেৰিকাই ইতিমধ্যে তুৰস্কৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে।


ভাৰতৰ ওপৰত নিষেধাজ্ঞাৰ প্ৰভাৱ কি হ’ব পাৰে?

সকলোৱে জানে যে আমেৰিকা আৰু ভাৰতৰ মাজত সম্পৰ্ক অকল বাণিজ্যিক নহয়, সম্পৰ্ক ৰণনীতিকো। আৰ্থিক নিষেধাজ্ঞাই দুয়োখন ৰাষ্ট্ৰৰ মাজত থকা সম্পৰ্কত বিৰুপ প্ৰভাৱ পেলাব পাৰে। আমেৰিকাৰ চীনবিৰোধী যুঁজখনৰ অন্যতম অংশীদাৰ ভাৰতবৰ্ষ। দেশখন কোৱাডৰো অন্যতম সদস্য। তদুপৰি দুয়োখন দেশৰ মাজত হাজাৰ হাজাৰ কোটি টকাৰ অস্ত্ৰক্ৰয় চুক্তি স্বাক্ষৰিত হৈ আছে। ভাৰতৰ বিশাল বজাৰখনৰ সৈতে আমেৰিকাৰ অৰ্থনৈতিক প্ৰগতিও জৰিত হৈ আছে। এনে অৱস্থাত ভাৰতৰ ওপৰত আৰ্থিক নিষেধাজ্ঞা আকল ভাৰতৰে নহয়, আমেৰিকাৰো স্বাৰ্থ বিঘ্নিত কৰিব। লক্ষণীয় কথাটো হ’ল কোনো এখন দেশৰ বৈদেশিক নীতি অথবা কূটনীতি নিজৰ স্বাৰ্থৰ ভেটিত প্ৰতিষ্ঠা কৰা হয়। সেয়ে ভাৰতৰ ওপৰত আমেৰিকাৰ নিষেধাজ্ঞা সহজ নহ’ব। তথাপি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিচক্ষণতাৰ ওপৰত নিৰ্ভৰ কৰিব ভাৰতে এই জটিল অৱস্থাটোৰ পৰা দেশহিত ৰক্ষা কৰি কিদৰে ওলাই আহে।

7 views0 comments