" বিশ্বৰ প্ৰতিজন হিন্দুৰ দায়িত্ব ভাৰতৰ": "মাদ্ৰাছাত পঢ়ি কেৱল মৌলৱীৰহে সৃষ্টি হয়"- হিমন্ত বিশ্ব শৰ্মা




"কেৱল যদি আমি ধৰ্মনিৰপেক্ষতাৰ ভোক পৰিহাৰ কৰোঁ, ভাৰত সঁচাকৈয়ে ধৰ্মনিৰপেক্ষ হৈ পৰিব"। ভাৰত এখন হিন্দু ৰাষ্ট্ৰ, হিন্দু সভ্যতাই ভাৰতীয় সভ্যতা। বিশ্বৰ প্ৰতিজন হিন্দুৰ দায়িত্ব ভাৰতৰ।"

এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এনেদৰে মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । CAA ৰ সন্দৰ্ভত মন্তব্য দিবলৈ গৈ এনেদৰে ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। CAA ৰ প্ৰসংগত তেখেতে আৰু কয় যে "হিন্দু সম্প্ৰদায়ৰ লোক যিকোনো দেশত পীড়িত হ'লে নিজৰ মাতৃভূমিলৈ ঘূৰি অহাৰ অধিকাৰ আছে । এইবাবেই মই নাগৰিকত্ব সংশোধনি আইন CAA সমৰ্থন কৰো"।উল্লেখযোগ্য যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে তেওঁৰ চৰকাৰক 'সাম্প্ৰদায়িক' বুলি ষ্ট্ৰিওটাইপ কৰাৰ বাবে বামপন্থী লবীক সমালোচনা কৰিছিল। এই সন্দৰ্ভতো তেওঁ কয় যে

"মই বাওঁপন্থী লবীক সাম্প্ৰদায়িক কি আৰু কি নহয় বিচাৰ কৰাৰ কৰ্তৃত্ব দিয়া নাই। ভাৰতীয় সভ্যতাৰ বাবে যি লাগে মই কৰিম"। ইফালে মাদ্ৰাছা শিক্ষানুষ্ঠানৰ সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে " তেওঁ ৰাজ্যখনৰ সকলো মাদ্ৰাছা বন্ধ কৰি সেইবোৰৰ সলনি নিয়মীয়া বিদ্যালয় স্থাপন কৰাৰ পৰিকল্পনা কৰিছে। তেওঁ নাজানে যে তেওঁ কিমান দূৰ সফল হ'ব কিন্তু তেওঁ আন্তৰিকতাৰে চাব বিচাৰে যাতে তেওঁৰ মুছলমান ভাই-ভনীসকল চিকিৎসক আৰু অভিযন্তা হয় । কিয়নো মাদ্ৰাছাত অধ্যয়ন কৰাসকল কেৱল মাত্ৰ মৌলৱীহে হয় । মাদ্ৰাছাত পঢ়া শিশুসকল অজ্ঞাত, তেওঁলোকক তেওঁলোকৰ পিতৃ-মাতৃয়ে মাদ্ৰাছালৈ যাবলৈ বাধ্য কৰায়। এয়া শিশুসকলৰ মৌলিক অধিকাৰৰ উলংঘন, যাক অসমে অনুমতি নিদিব।"

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত এনেদৰে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই ।

2 views0 comments