ভাৰতীয় সংগীতৰ প্ৰসাৰ : তাঞ্জানিয়াৰ পলক সম্বৰ্ধনা উচ্চায়ুক্তৰ






যুৱকজন ভাৰতীয় নহয়। মাতৃভাষাও কোনো ভাৰতীয় ভাষা নহয়। কিন্তু ভাৰতীয় সংগীতৰ প্ৰতি তেওঁৰ আছে সীমাহীন ভালপোৱা আৰু অনুৰাগ। বিশেষকৈ বলীউডৰ সংগীত জগতখনৰ সৈতে তেওঁৰ অনুৰাগ অতুল্য। তেওঁৰ এই নিষ্ঠা, অনুৰাগ আৰু সেৱাৰ মনোভাবৰ বাবে তাঞ্জানিয়াৰ ভাৰতীয় উচ্চায়ুক্তই যুৱকজনক সম্বৰ্ধনা জনায়।


যুৱকজন তাঞ্জানিয়াৰে। নাম- কিলি পল। অৱশ্যে কিলি পল ছ’চিয়েল মিডিয়াত এটা সাধাৰণ নাম নহয়। তেওঁ অতি জনপ্ৰিয়। তেওঁক বৰ্তমান ইণ্টাৰনেটৰ শিহৰণ বুলি ক'ব পাৰি। ভাৰতীয়ৰ মাজতো তেওঁ অতি জনপ্ৰিয়। যুৱকজনে বলীউডৰ গানত ওঁঠ মিহলাই কৰা নৃত্যই সকলোকে চমকিত কৰি আহিছে। কিলিৰ হাঁহিও মন পৰশা। কেতিয়াবা কিলিৰ সৈতে ৰীলবোৰত তেওঁৰ ভগ্নীয়েও সহযোগ কৰে।


তাঞ্জানিয়াৰ যুৱক কিলি পলে ভাৰতীয় গানক প্ৰাধান্য দি ৰীল ভিডিঅ’ প্ৰস্তুত কৰি আহিছে। ইয়াৰ জৰিয়তে তেওঁ ভাৰতীয় সংগীতৰ প্ৰসাৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। ইয়াৰ বাবে কিলি পলক তাঞ্জানিয়াৰ ভাৰতীয় উচ্চায়ুক্তই বিশেষভাৱে সন্মানিত কৰে।


তাঞ্জানিয়াৰ ভাৰতৰ উচ্চায়ুক্ত বিনয় প্ৰধানে ২১ ফেব্ৰুৱাৰীত বিশেষভাৱে সম্বৰ্ধনা জনায় কিলি পলক। কিলিয়ে ভাৰতৰ উচ্চায়ুক্তৰ পৰা সন্মান গ্ৰহণ কৰিবলৈ যাওঁতে পৰম্পৰাগত পোছাক পৰিধান কৰি গৈছিল।


বিনয় প্ৰধানে কিলিৰ সৈতে উঠা এখন ফটো শ্বেয়াৰ কৰি লিখিছে- 'আজি তাঞ্জানিয়াৰ ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়লৈ এগৰাকী বিশেষ অতিথি আহে। তাঞ্জানিয়াৰ বিখ্যাত শিল্পী কিলি পলে তেওঁৰ ভিডিঅ’ৰে ভাৰতত লাখ লাখ মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।”




ভাৰতীয় উচ্চায়ুক্ত বিনয় প্ৰধানৰ পৰা সন্মান গ্ৰহণ কৰাৰ লগতে তেওঁৰ সৈতে আলোচনাতো মিলিত হয় কিলি পল। কিলি পলেও তেওঁৰ ইনষ্টাগ্ৰামত ভাৰতীয় উচ্চায়ুক্তৰ সৈতে হোৱা সাক্ষাতৰ ফটো শ্বেয়াৰ কৰিছে। উল্লেখ্য যে ছ’চিয়েল মিডিয়া ছুপাৰষ্টাৰ কিলিৰ ইনষ্টাগ্ৰামত ২.২ মিলিয়ন ফল’ৱাৰ্ছ আৰু টিকটকত ১.৭৬ মিলিয়ন ফল’ৱাৰ্ছ আছে।

4 views0 comments