দেশৰ পৰিৱৰ্তে আইপিএলত খেলাত প্ৰাধান্য দিয়ে ভাৰতীয় খেলুৱৈয়ে : কপিল দেৱ





'ক্রিকেটাৰসকলে দেশৰ হৈ খেলাৰ পৰিৱর্তে আইপিএলত খেলাক প্রাধান্য দিছে। বিষয়টো ভালদৰে পৰীক্ষা কৰি চাওক বিচিচিআই-এ।'- এই বিস্ফোৰক অভিযোগ ক্ৰিকেট ইতিহাসৰ অন্যতম মহান অলৰাউাণ্ডাৰ তথা ভাৰতক ক্ৰিকেটৰ প্ৰথমটো বিশ্বকাপ উপহাৰ দিয়া কপিল দেৱৰ। মৰুৰ দেশত চলি থকা টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ শোচনীয় প্ৰদৰ্শনত ক্ষুব্ধ কপিল দেৱে এটা বেচৰকাৰী টেলিভিছন চেনেলৰ আগত কয় যে যেতিয়া ক্ৰিকেটাৰ দেশৰ পৰিৱৰ্তে আই পি এলত খেলাত অধিক প্ৰাধান্য দিয়ে, আমাৰ আৰু ক'বলৈ কি থাকে? ক্ৰিকেটাৰ বাবে দেশক প্রতিনিধিত্ব কৰাটো সকলো সময়তে গর্বৰ বিষয় হৈ থকা উচিত। অৱশ্যে মই তেওঁলোকৰ আর্থিক বিষয়টো অৱগত নহওঁ। সেয়ে বিষয়টোত অধিক কোৱাৰ অৱকাশ নাই। 'তথাপি ক'ব খোজো, দেশক সকলো সময়তে অগ্ৰাধিকাৰ দিয়া উচিত।' - তেওঁ কয়। কপিল দেৱে লগতে স্পষ্ট কৰি দিয়ে যে ফ্ৰেঞ্চাইজী ক্ৰিকেটৰ তেওঁ বিৰোধী নহয়।


আনহাতে, অহা বৰ্ষটোতেই টি-২০ বিশ্বকাপ। পৰৱৰ্তী বছৰটোত অৰ্থাৎ ২০২৩ চনত এদিনীয়া ক্ৰিকেটৰ বিশ্বকাপ। ইয়াৰ বাবে ভাৰতে এতিয়াই পৰিকল্পনা যুগুত কৰা দৰকাৰ বুলি কপিল দেৱে বিচিচিআইলৈ আহ্বান জনায়।

3 views0 comments