ব্যক্তিগতকৰণ নহয় ভাৰতীয় ৰে'ল





কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভাৰতীয় ৰে'ল ব্যক্তিগতকৰণ কৰাৰ সন্দৰ্ভত যিসমূহ বাতৰি প্ৰচাৰ হৈ আছিল সেই সকলো নৎস্যাত কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিষ্ঠিত ৰাষ্ট্ৰীয় পৰিবহনকাৰীৰ বেচৰকাৰীকৰণ কৰা নহয় আৰু ভৱিষ্যতেও নহ'ব। এক সংবাদ মাধ্যমৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰই ভাৰতীয় ৰে'লৰ বাবে কোনো ব্যক্তিগতকৰণ পৰিকল্পনাৰ ওপৰত কাম কৰা নাই। ৰে'লৱে এক বৃহৎ আৰু জটিল ব্যৱস্থা। মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জানিবলৈ দিয়া অনুসৰি এই সমগ্ৰ বিষয়টোৰ ওপৰত তেওঁ যাত্ৰী আৰু চাহ দোকান বিক্ৰেতাসকলৰ পৰা পোনপটীয়া প্ৰতিক্ৰিয়াও শুনিছিল। এই প্ৰতিক্ৰিয়াসমূহো মূল্যৱান আছিল বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে । উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে পীয়ুষ গোৱেলেও স্পষ্টকৈ কৈছিল যে,"ৰে'লৱে হৈছে ভাৰতৰ সম্পত্তি আৰু ৰে'লৱেক কেতিয়াও ব্যক্তিগতকৰণ কৰা নহ'ব। এইটো প্ৰতিজন ভাৰতীয়ৰ সম্পত্তি আৰু তেনেকৈয়ে থাকিব।"

4 views0 comments