বৃহস্পতিতকৈও ডাঙৰ তৰা-গ্ৰহ এটা আৱিষ্কাৰ কৰিছে ভাৰতৰ বিজ্ঞানীয়ে





আহমেদাবাদস্থিত ভৌতিক অনুসন্ধান লেবৰেটৰিয়ে এটা এক্জ'প্লেনেটৰ আৱিষ্কাৰ কৰিছে যিয়ে সূৰ্যতকৈ ১.৫ গুণ ডাঙৰ আৰু ইয়াৰ পৰা ৭২৫ আলোকবৰ্ষ দূৰত থকা বিৱৰ্তিত তৰা এটাৰ চাৰিওফালে খুব ওচৰেৰে ঘূৰে । ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)-ই এই কথা সদৰি কৰে । মাউন্ট আবু নিৰীক্ষণ স্থলীত পি আৰ এলৰ ১.২ মিটাৰ দৈৰ্ঘ্যৰ টেলিস্ক'পৰ ওপৰত পি আৰ এল এডভান্সড ৰেডিকেল-ভেলোচিটি আবু-স্কাই চাৰ্ছ (পি এ আৰ এ এছ) অপ্টিকেল ফাইবাৰ ফেড স্পেক্টোগ্ৰাফ ব্যৱহাৰ কৰি এই আৱিষ্কাৰ কৰা হয় । এক্জ'প্লেনেট এটাৰ ভৰ জুখিব পৰা পি এ আৰ এ এছ ব্যৱহাৰ কৰি গম পোৱা গৈছে যে এক্জ'প্লেনেটটোৰ ভৰ হৈছে বৃহস্পতি গ্ৰহৰ ৭০ শতাংশ আৰু ই বৃহস্পতি গ্ৰহতকৈ ১.৪ গুণ ডাঙৰ । এই জোখমাখবোৰ ২০২০ চনৰ ডিচেম্বৰ আৰু ২০২১ চনৰ মাৰ্চ মাহৰ ভিতৰত কৰা হৈছিল । আই এ ইউ নামাকৰণ অনুসৰি এই নব্য আৱিষ্কৃত গ্ৰহটোৰ নাম ৰখা হৈছে TOI 1789b অথবা HD 82139b । ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছাত্ৰৰ দ্বাৰা সমৰ্থিত এই আৱিষ্কাৰৰ দলটোৰ নেতৃত্বত আছিল অধ্যাপক তথা বিজ্ঞানী অভিজিৎ চক্ৰৱৰ্তী ।

6 views0 comments