নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় টেষ্ট দল ঘোষণা : কাণপুৰত ৰাহানে অধিনায়ক







২৫ নৱেম্বৰৰ পৰা নিউজিলেণ্ডৰ বিৰুদ্ধে আৰম্ভ হ'বলগীয়া টেষ্ট শৃংখলাৰ বাবে শুকুৰবাৰ অৰ্থাৎ আজি ভাৰতীয় দলৰ তালিকা ঘোষণা কৰা হৈছে। শৃংখলাৰ প্ৰথমখন টেষ্টত অধিনায়কৰ দায়িত্ব পালন কৰিব অজিংক্য ৰাহানে। দ্বিতীয় টেষ্টত বিৰাট কোহলিয়ে সেই দায়িত্ব পুনৰ নিজৰ কান্ধত ল'ব। শৃংখলাটোত ৰোহিত শর্মাক বিশ্ৰাম দিয়া হৈছে। ঋষভ পন্তকো বিশ্ৰাম দি দললৈ অনা হৈছে ঋদ্ধিমান সাহাক। ইফালে, সহঃঅধিনায়কৰ দায়িত্ব দিয়া হৈছে শ্বেতেশ্বৰ পুজাৰাক। শৃংখলাটোত নাথাকিব যশপ্রীত বুমৰা আৰু মহম্মদ চামি। ফেচ বলাৰৰ টীমটোত থাকিব ইশান্ত শর্মা, মহম্মদ চিৰাজ, প্রসিদ্ধ কৃষ্ণ আৰু উমেশ যাদৱ। স্পিন বিভাগ চম্ভালিব ৰবীন্দ্র জাডেজা, ৰবিচন্দ্রন অশ্বিন, অক্ষৰ পেটেল আৰু জয়ন্ত যাদৱ।বিচিচিআয়ে ঘোষণা দলটো হৈছে- ৰাহানে, পূজাৰা, কে এল ৰাহুল, শুভমন গিল, শ্ৰেয়চ আয়াৰ, ঋদ্ধিমান সাহা, ৰবীন্দ্ৰ জাডেজা, ৰবিচন্দ্রন অশ্বিন, অক্ষৰ পেটেল, জয়ন্ত যাদৱ, ঈশান্ত শৰ্মা, উমেশ যাদৱ, মহম্মদ ছিৰাজ আৰু পি কৃষ্ণা। উল্লেখ্য যে শৃংখলাৰ প্ৰথমখন টেষ্ট কাণপুৰত অনুষ্ঠিত হ'ব।

7 views0 comments