অংগ সংৰোপনৰ ক্ষেত্ৰত ভাৰত তৃতীয় স্থানত





এয়া অত্যন্ত সুখৰ খবৰ যে , অংগ সংৰোপনৰ ক্ষেত্ৰত ভাৰতবৰ্ষ ই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে । কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মন্দাভিয়াই কয় যে জিঅ'ডিটি ৱেবচাইটত উপলব্ধ তথ্যমতে বিশ্বৰ ভিতৰতে অংগ সংৰোপনৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ পিছতে স্থান লাভ কৰিছে ভাৰতে ।স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে 'জীয়াই থাকোতে ৰক্তদান আৰু মৃত্যুৰ পিছত অংগদান' আমাৰ জীৱনৰ মূলমন্ত্ৰ হোৱা উচিত । অংগদানৰ গুৰুত্বৰ সম্পৰ্কত তেওঁ কয় যে আমাৰ সংস্কৃতিয়ে 'শুভ' আৰু 'লাভ'ৰ ওপৰত গুৰুত্ব দিয়ে য'ত ব্যক্তিৰ মংগল আৰু সমাজৰ বৃহৎ লাভ একেলগে শিপাই থাকে । উল্লেখযোগ্য যে যোৱা ২০১০ চনৰ পৰা প্ৰতিবছৰে ভাৰতীয় অংগদান দিৱস পালন কৰা হৈ আহিছে । তেওঁ লগতে কয় যে ২০১২-১৩ সময়ছোৱাৰ তুলনাত বৰ্তমান অংগদানৰ মাত্ৰা প্ৰায় চাৰিগুণ বৃদ্ধি পাইছে । অৱশ্যে মন্ত্ৰীগৰাকীয়ে কয় যে দেশত এতিয়াও অংগ সংৰোপনৰ কৰিবলগীয়া ৰোগী আৰু মৃত্যুৰ পিছত অংগদান কৰিব খোজা ব্যক্তিৰ মাজত এক বৃহৎ ব্যৱধান আছে । তদুপৰি কোভিড মহামাৰীৰ ফলত অংগদান আৰু সংৰোপন প্ৰক্ৰিয়াত যথেষ্ট ঋণাত্মক প্ৰভাৱ পৰিছে বুলিও তেওঁ উল্লেখ কৰে । অংগদানৰ বিষয়টোত সজাগতা আৰু মনোযোগিতা বৃদ্ধি কৰাত মুখ্য ভূমিকা পালন কৰিবলৈ তেওঁ ডাক্তৰ, সজাগ জনতা, চৰকাৰ আৰু মিডিয়াক আহ্বান জনায় ।

4 views0 comments