ভাৰত ৰাছিয়াৰ পক্ষত : দুটা সিদ্ধান্তৰে নতুন দিল্লীয়ে বিশ্বক জনাই দিলে



ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা যুদ্ধখনত ভাৰত কাৰ পক্ষত অৱস্থান কৰিছে বা কৰিব? আজিৰ তাৰিখত সমগ্ৰ বিশ্ববাসীৰ এইটো আগ্ৰহৰ বিষয় হৈ পৰিছে। অৱশ্যে ভাৰতবৰ্ষই এতিয়ালৈকে নিৰপেক্ষ অৱস্থান গ্ৰহণ কৰি ৰাছিয়াক যুদ্ধৰ পথৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনাই আহিছে যদিও বিগত ২৪ ঘণ্টাত দুটা তাৎপর্যপূর্ণ ঘটনা ঘটিছে। ইয়াৰে প্ৰথমটো হৈছে ৰাষ্ট্ৰসংঘত আমেৰিকাই ৰাছিয়াৰ বিৰুদ্ধে ুত্থাপন কৰা নিন্দা প্ৰস্তাৱত ভোটদানৰ পৰা বিৰত থাকে ভাৰত। আমেৰিকা ভাৰতৰ ষ্ট্ৰেটেজিক মিত্ৰ হোৱা সত্ত্বেও দেশখনে ৰাষ্ট্ৰসংঘত উত্থাপন কৰা প্ৰস্তাৱটোৰ প্ৰকাৰান্তৰে বিৰোধিতা কৰিলে। আন্তৰ্জাতিক প্ৰেক্ষাপটত ইয়াৰ গুৰু্ত্ব অপৰিসীম। ইয়াৰ দ্বাৰা ভাৰতে বিশ্ববাসীক এইটো বুজাই দিছে যে সুদীৰ্ঘকালৰ মিত্ৰ ৰাছিয়াক সংকটকালত নতুন দিল্লীয়ে একাষৰীয়াকৈ এৰি নাযায়। অবিভক্ত ৰাছিয়াই ভাৰতক বহুবাৰ উপকাৰ কৰি থৈছে। যি সময়ত পাকিস্তানৰ পক্ষত থাকি আমেৰিকাই ভাৰতক বাৰে বাৰে শ’লঠেকত পেলাবলৈ চেষ্টা চলাইছিল, সেই সময়ত ভাৰতক সহায় ৰাষ্ট্ৰখনেই আছিল ছোভিয়েট ৰাছিয়া। পৰৱৰ্তীকালত নতুন ৰাষ্ট্ৰ ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্কৰ কিছু অৱনতি ঘটিছিল বা আমেৰিকাৰ সৈতে আত্মীয়তা বৃদ্ধি পোৱাত ৰাছিয়াই ভাৰতৰ সৈতে কিছু দূৰত্বৰ সৃষ্ট কৰিছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনকালত সেই ভুল বুজাবুজি আংতৰ হয়। আজিৰ তাৰিখত ৰাছিয়াৰ আনুগত্য বা আগ্ৰহ চীনৰ দিশে ঢাল খাইছে যদিও ভাৰতৰ স্বাৰ্থ সৰুক্ষিত কৰাৰ ক্ষেত্ৰত ৰাছিয়াই অলপো কৃপণালি কৰা নাই। আনহাতে, আমেৰিকাৰ ৰঙাচকুক ভয় কৰি ভাৰতেও ৰাছিয়াৰ সৈতে সমৰাস্ত্ৰৰ চুক্তি বা আমদানিত এখোজো পিছুৱাই অহা নাই। ইয়ে দুয়োখন দেশৰ পূৰ্বৰ চৰ্তহীন মিত্ৰতাৰ দিনোৰ পুনৰ ওভতাই আনে। ইয়াৰে পৰিপ্ৰেক্ষিতত ভাৰতে এতিয়া লাহে লাহে মুকলিকৈ ৰাছিয়াৰ পক্ষক সমৰ্থন কৰিবলৈ ধৰিছে। অৱশ্যে যুদ্ধৰ পক্ষত আজিও ভাৰত নাই। কালিও নাছিল। কাইলৈও নাথাকে। নতুন দিল্লীয়ে শান্তিপূৰ্ণ অৱস্থানেৰে সমস্যাটো সমাধানৰ আহ্বান জনাই আহিছে, আগলৈও সেই আহ্বানকে জনাই যাব। আমেৰিকাৰ নিন্দসূচক প্ৰস্তাৱত ভোটদানৰ পৰা বিৰত থকা ভাৰতে একেই যুক্তিকে দিছে- কূটনৈতিক প্ৰয়াসেৰে সমস্যাটোৰ সমাধান কৰিব লাগিব।

এই সময়ছোৱাত দ্বিতীয়টো তাপর্যপূর্ণ ঘটনা ঘটিছে ব্রিটেইনত অনুষ্ঠিতব্য বায়ুসেনাৰ অনুশীলনৰ পৰা ভাৰতে নিজৰ নাম প্ৰত্যাহাৰ কৰিছে। ইয়াৰ পৰা এটা কথা স্পষ্ট যে স্পৰ্শকাতৰ সময়ছোৱাত ভাৰতে পশ্চিমীয়া বা ইউৰোপীয় ৰাষ্ট্ৰৰ সৈতে কোনো ধৰণৰ সামৰিক সম্পৰ্ক ৰক্ষা নকৰে। এইখিনিতে উল্লেখ কৰিব পাৰি যে আমেৰিকা আৰু ইউৰোপীয় ইউনিয়নৰ প্ৰায় সকলো ৰাষ্ট্ৰ এতিয়া ৰাছিয়াৰ বিৰোধী শিবিৰত। দেশসমূহে ৰাছিয়াৰ বিৰুদ্ধে কঠোৰ আৰ্থিক নিষেধাজ্ঞা আৰোপ কৰিছে। এই প্ৰেক্ষাপটত ব্ৰিটেইনত অনুষ্ঠিতব্য বায়ুসেনাৰ অনুশীলনৰ পৰা আঁতৰি আহি ভাৰতে ৰাছিয়াৰ সমৰ্থনত আৰু এখোজ দিলে।

সংবাদ সংস্থা এএনআইৰ বাতৰি অনুসৰি, ব্রিটেইনৰ বিমানবাহিনীৰ সৈতে ‘কোব্রা ৱাৰিয়ৰ-২০২২’ অনুশীলন বাতিল কৰিছে কৰিছে ভাৰতবৰ্ষই। ভাৰতীয় নৌসেনাই টুইটযোগেও এই কথা সদৰী কৰিছে। টুইটাৰ সিদ্ধান্তটোৰ কথা সদৰী কৰি বায়ুসেনাই কৈছে, “বর্তমান পৰিস্থিতিৰ কথা মনত ৰাখি কোব্রা ৱাৰিয়ৰ-২০২২ সামৰিক অনুশীলনত ভাগ লোৱাৰ পৰা বিৰত থকা হৈছে।” উল্লেখ্য যে ৬ মার্চৰ পৰা ২৭ মাৰ্চলৈকে ব্রিটেইনত অনুষ্ঠিত হ’ব কোব্রা ৱাৰিয়ৰ-২০২২ সামৰিক অনুশীলন। তাত কেইবাখনো দেশে ভাগ লোৱাৰ কথা। ইয়াৰ বাবে ৱেডিংটনৰ ব্রিটিছ ৰয়েল এয়াৰফোৰ্চৰ বিমানঘাটিত বায়ুসেনাৰ এটা দলসহ ভাৰতৰ পাঁচখন তেজছ যুদ্ধ বিমান প্ৰেৰণৰ কথা আছিল। কিন্তু সেই সিদ্ধান্ত বাতিল হ’ল। অনুশীলনত ব্রিটিছ বিমানবাহিনীৰ সৈতে এখন প্ৰতীকী যুদ্ধত ভাগ লোৱাৰ কথা আছিল। লগতে দুয়ো বাহিনীৰ মাজত কৌশলগত বুজাপৰা দৃঢ় কৰাও সেই অনুশীলনৰ অন্যতম উদ্দেশ্য আছিল।

বিশ্লেষকৰ মতে, ইউক্রেইনত চলি থকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত পশ্চিমৰ সৈতে কোনো ধৰণৰ সামৰিক অনুশীলনত ভাগ ল’ব বিচৰা নাই ভাৰত। ইয়ে ৰাছিয়ালৈ নেতিবাচক বাৰ্তা প্ৰেৰণ কৰিব পাৰে। লগতে ভাৰতে এটা কথাও স্পষ্ট কৰি দিব বিচাৰে যে প্ৰতিৰক্ষা আৰু বৈদেশিক নীতিৰ ক্ষেত্ৰখনত লণ্ডনৰ তুলনাত ৰাছিয়া ভাৰতৰ বাবে অধিক গুৰুত্বপূৰ্ণ। এটা কথা সৰ্বজনবিদিত যে চীনৰ সৈতে ভাৰতৰ সম্পৰ্ক অহি-নকুল। ইউক্ৰেইনৰ ক্ষেত্ৰত একপ্ৰকাৰ আত্মসমৰ্পণ কৰা আমেৰিকাৰ দুৰ্বলতাক চীনে ভালদৰে অধ্যয়ন কৰিও লৈছে। এতিয়া চীন অধিক আগ্ৰাসী হৈ পৰিব পাৰে। ভাৰতৰ সীমান্তত দেশখনে অধিক অসুবিধাৰ সৃষ্টি কৰিব পাৰে। কিন্তু চীনক ভেটিবলৈ ভাৰতৰ বাবে আমেৰিকা বা ব্ৰিটেইনৰ তুলনাত ৰাছিয়াৰ গুৰুত্ব আৰু মহত্ত্ব অধিক। ভারতের সুখোই যুদ্ধবিমানৰ পৰা টি-৯০ টেংকলৈকে বহু গুৰুত্বপূৰ্ণ আৰু শক্তিশালী সমৰাস্ত্ৰ ৰাছিয়াৰ পৰা কিনা। ভাৰতীয় সেনাৰ অস্ত্ৰভাণ্ডাৰ ৰাছিয়াৰ অস্ত্ৰৰে ভৰি আছে। গতিকে মিত্ৰৰাষ্ট্ৰ ৰাছিয়াক সংকটৰ সময়ত ভাৰতে অকলশৰীয়া নকৰে। ইউক্ৰেইনত চলি থকা যুদ্ধখন দীঘলীয়া হ’লে লাহে লাহে ভাৰতৰ স্থিতি অধিক স্পষ্ট হৈ পৰিব।

11 views0 comments