ভাৰতে নিজৰ প্ৰয়োজনীয় সুৰক্ষা সামগ্ৰীসমূহৰ ভিতৰত ৯০ শতাংশ সামগ্ৰী নিজেই উৎপাদন কৰিব : ৰাজনাথ সিং




মেক ইন ইণ্ডিয়া ৰ অধীনত ভাৰতে নিজৰ প্ৰয়োজনীয় সুৰক্ষা সামগ্ৰীবোৰ নিজেই বনাবলৈ পৰিকল্পনা হাতত লৈছে । কেন্দ্ৰীয় ৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে কয় যে ২০২৪-২৫ চনমানলৈ ভাৰতে আনকি এই স্ব-উৎপাদিত সামগ্ৰীবোৰৰ ভিতৰত আমেৰিকান ৫ বিলিয়ন ডলাৰ মূল্যৰ সামগ্ৰী বাহিৰলৈ ৰপ্তানি কৰিব । ঝান্সীত আয়োজিত হোৱা 'ৰাষ্ট্ৰ ৰক্ষা সমৰ্পণ পৰ্ব'ত সমবেত জনতাক সম্বোধন কৰি তেও জনাই যে ভাৰতে আগতে ৬৫-৭০% সুৰক্ষা সামগ্ৰী বাহিৰৰ পৰা আমদানি কৰিছিল, কিন্তু এতিয়া আত্মনির্ভৰ হোৱাৰ দিশ হিচাপে আগবাঢ়িছে ভাৰত ।আজিৰ তাৰিখত ৬৫% সুৰক্ষা সামগ্ৰী ভাৰতত নিৰ্মিত হয় । ভাৰতক আগতে আমদানিকাৰী নামেৰে জনা গৈছিল কিন্তু আজি ভাৰতে বিশ্বৰ ৭০ খন দেশলৈ সুৰক্ষা সামগ্ৰী ৰপ্তানি কৰে বুলি মন্ত্ৰীজনে ভাষণত উল্লেখ কৰে । সুৰক্ষা সামগ্ৰীৰ বাহিৰলৈ ৰপ্তানিৰ বিষয়ত তেওঁ কয় যে শেহতীয়া সাতটা বছৰত ভাৰতে ৩৮ হাজাৰ কোটি টকাৰ সুৰক্ষা সামগ্ৰী বাহিৰলৈ ৰপ্তানি কৰিছে ।

3 views0 comments