ভাৰতত উৎপাদন হ'ব এক মিনিটত ৬০০জাঁই গুলীচালনা কৰিব পৰা একে-২০৩




এক মিনিটত ৬০০জাঁই গুলীচালনা কৰিব পৰা উন্নত, অত্যাধুনিক কালাছনিকভ স্বয়ংক্ৰিয় ৰাইফল উৎপাদন কৰিব ভাৰতে। একে-৪৭ৰ উন্নততৰ সংস্কৰণটো উত্তৰপ্ৰদেশৰ আমেঠিত ৰাছিয়ান প্ৰযুক্তিৰ সহায়ত উৎপাদন কৰা হ'ব। মঙলবাৰে প্রতিৰক্ষা মন্ত্রালয়ে কালাছনিকভ স্বয়ংক্রিয় ৰাইফল প্রস্তুতকাৰী ৰাছিয়াৰ সংস্থাৰ সৈতে সম্পাদিত চুক্তিত অনুমোদন জনাইছে। চৰকাৰী সূত্ৰ অনুসৰি, ২০২২ চনৰ আৰম্ভণিতে একে-২০৩ স্বয়ংক্ৰিয় ৰাইফলৰ উৎপাদন আৰম্ভ হ'ব। প্ৰাথমিক পৰ্যায়ত আমেঠীৰ নতুন কাৰখানাত সমাগত ৩২ মাহত ৬ লাখ ১ হাজাৰ ৪২৭টা একে-২০৩ তৈয়াৰ কৰা হ'ব। উল্লেখ্য যে দেশত তৈৰী ইনছাছ ৰাইফলৰ স্থানত স্থলসেনা আৰু ৰাষ্ট্রীয় ৰাইফলছক অস্ত্র হিচাপে একে-২০৩ স্বয়ংক্রিয় ৰাইফল দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। ৫.৫৬ এমএমৰ ইনছাছৰ তুলনাত একে ছিৰিজৰ ৭.৬২ মিলিমিটাৰ কার্টিজ অধিক প্রাণঘাতী। অধিক কাৰ্যকৰীও। উল্লেখ্য যে ২০১৮ চনৰ এপ্রিলত তদানিন্তন প্রতিৰক্ষামন্ত্রী নির্মলা সীতাৰমনৰ ৰাছিয়া ভ্ৰমণৰ সময়ত বিষয়টোক লৈ প্রাথমিক চুক্তি স্বাক্ষৰ হৈছিল। চুক্তি অনুযায়ী ৰুছ প্রযুক্তি ব্যৱহাৰ কৰি ভাৰতৰ অস্ত্র কাৰখানাতে কালাথনিকছ ৰাইফলৰ সর্বাধুনিক মডেল উৎপাদনৰ অনুমতি পায় ভাৰতে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০১৯ চনৰ মার্চত আমেঠীৰ কৰৱাৰ এর্ডনেন্স ফেক্টৰীত একে-২০৩ ৰাইফল উৎপাদন প্রকল্প উদ্বোধন কৰে।এক মিনিটত ৬০০জাঁই গুলীচালনা কৰিব পৰা উন্নত, অত্যাধুনিক কালাছনিকভ স্বয়ংক্ৰিয় ৰাইফল উৎপাদন কৰিব ভাৰতে। একে-৪৭ৰ উন্নততৰ সংস্কৰণটো উত্তৰপ্ৰদেশৰ আমেঠিত ৰাছিয়ান প্ৰযুক্তিৰ সহায়ত উৎপাদন কৰা হ'ব। মঙলবাৰে প্রতিৰক্ষা মন্ত্রালয়ে কালাছনিকভ স্বয়ংক্রিয় ৰাইফল প্রস্তুতকাৰী ৰাছিয়াৰ সংস্থাৰ সৈতে সম্পাদিত চুক্তিত অনুমোদন জনাইছে। চৰকাৰী সূত্ৰ অনুসৰি, ২০২২ চনৰ আৰম্ভণিতে একে-২০৩ স্বয়ংক্ৰিয় ৰাইফলৰ উৎপাদন আৰম্ভ হ'ব। প্ৰাথমিক পৰ্যায়ত আমেঠীৰ নতুন কাৰখানাত সমাগত ৩২ মাহত ৬ লাখ ১ হাজাৰ ৪২৭টা একে-২০৩ তৈয়াৰ কৰা হ'ব।

উল্লেখ্য যে দেশত তৈৰী ইনছাছ ৰাইফলৰ স্থানত স্থলসেনা আৰু ৰাষ্ট্রীয় ৰাইফলছক অস্ত্র হিচাপে একে-২০৩ স্বয়ংক্রিয় ৰাইফল দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। ৫.৫৬ এমএমৰ ইনছাছৰ তুলনাত একে ছিৰিজৰ ৭.৬২ মিলিমিটাৰ কার্টিজ অধিক প্রাণঘাতী। অধিক কাৰ্যকৰীও। উল্লেখ্য যে ২০১৮ চনৰ এপ্রিলত তদানিন্তন প্রতিৰক্ষামন্ত্রী নির্মলা সীতাৰমনৰ ৰাছিয়া ভ্ৰমণৰ সময়ত বিষয়টোক লৈ প্রাথমিক চুক্তি স্বাক্ষৰ হৈছিল। চুক্তি অনুযায়ী ৰুছ প্রযুক্তি ব্যৱহাৰ কৰি ভাৰতৰ অস্ত্র কাৰখানাতে কালাথনিকছ ৰাইফলৰ সর্বাধুনিক মডেল উৎপাদনৰ অনুমতি পায় ভাৰতে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০১৯ চনৰ মার্চত আমেঠীৰ কৰৱাৰ এর্ডনেন্স ফেক্টৰীত একে-২০৩ ৰাইফল উৎপাদন প্রকল্প উদ্বোধন কৰে।

5 views0 comments