অভিষেক টেষ্টত শতক আয়াৰৰ : ৩৪৫ ৰানত প্ৰথম ইনিংছ সমাপ্ত ভাৰতৰ





কানপুৰ টেশ্টত দৰ্শনীয় শতক অৰ্জন কৰি অভিষেক টেষ্টত চেঞ্চুৰী কোবোৱা সম্ভ্ৰান্ত ক্লাবটোৰ সদস্য হ'ল শ্ৰেয়ছ আয়াৰ। আয়াৰে নিউজিলেণ্ডৰ বিৰুদ্ধে কানপুৰত চলি থকা শৃংখলাৰ প্ৰথমখন টেষ্টৰ আজি দ্বিতীয় দিনা শতক অৰ্জন কৰে। আয়াৰ হৈছে অভিষেক টেষ্টত শতক অৰ্জন কৰা ১৬ নম্বৰ ভাৰতীয় বেটছমেন। আয়াৰে ১৭১ টা বলত ১০৫ ৰাণ কৰি বিদায় লয়।


ইফালে, প্ৰথম দিনা চাৰিটা উইকেট হেৰুৱাই ২৫৮ ৰান সংগ্ৰহ কৰা ভাৰতে আজি ৮৭ ৰান যোগ দি প্ৰথম ইনিংছ সামৰে। ভাৰতৰ এই বেটিং বিপৰ্যয়ৰ মূলতে হ'ল নিউজিলেণ্ডৰ বেগী বলাৰ টিম ছাউদি। তেওঁ মেচখনত ৫টা উইকেট লাভ কৰে।

6 views0 comments