সংক্ৰমণ ক্ষমতা দেখুৱালে : বৃটেইনত এনিশাতে ৭০ সহস্ৰাধিক অমাইক্ৰনত আক্ৰান্ত




মাৰক ক্ষমতা সম্পৰ্কত অদ্যাপি ভয়ংকৰ তথ্য পোহৰলৈ নাহিলেও কৰোনাৰ নতুন অৱতাৰ অমাইক্ৰনৰ সংক্ৰমিত হোৱাৰ ক্ষমতা কিমান, সেই কথা বৃটেইনত প্ৰতিপন্ন হৈছে। ইউৰোপীয় ৰাষ্ট্ৰখনত একেনিশাতে ৭০ সহস্ৰাধিক লোক ভাইৰাছবিধত আক্ৰান্ত হৈছে। কৰোনাৰ ইতিহাসত এইদৰে প্ৰাথমিক স্তৰত সংক্ৰমণ ঘটাৰ নজিৰ পাবলৈ নাই। অমাইক্ৰনে দেশখনত বিপৰ্যয়ৰ সৃষ্টি কৰাৰ আশংকাই দেখা দিছে। বুধবাৰে দিনটোত বৃটেইনত মুঠ ৭৮,৬১০গৰাকী লোক কৰোনাত আক্ৰান্ত হৈছে। কোৰোনাৰ দ্বিতীয় ঢৌত বৃটেইনত এনিশাত সৰ্বাধিক ৬৮ হাজাৰ লোক আক্ৰান্ত হৈছিল। দেশখনত বৰ্তমানলৈকে মুঠ ৬.৭০ কোটি লোকৰ ভিতৰত ১.১০ কোটিৰো অধিক লোক আক্ৰান্ত হৈছে কৰোনাত।



ইফালে, ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে অমাইক্ৰনে সৃষ্টি কৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশবাসীক 'অতি বিপদজ্জনক পৰিস্থিতি'ৰ সতৰ্কবাণী জাৰি কৰিছে। উল্লেখযোগ্য যে বিশ্বত অমাইক্ৰনত আক্ৰন্ত হৈ মৃত্যু প্ৰথম আৰু এতিয়ালৈ একমাত্ৰ ব্যক্তিজন বৃটেইনৰে।



ইপুৱে, কৰোনাৰ নতুন প্ৰকৰণ অমাইক্ৰন অসমৰ কাষত আহি উপস্থিত হৈছে চুবুৰীয়া। বুধবাৰে পশ্চিমবংগ আৰু তামিলনাডুত নতুনকৈ অমাইক্ৰনত আক্ৰান্ত চিনাক্ত হৈছে। তামিলনাডুৰ স্বাস্থ্যমন্ত্ৰী এ সুব্ৰমনিয়ামে কোৱা অনুসৰি, এগৰাকী ৪৭ বছাৰীয়া ব্যক্তি অমাইক্ৰনৰ দ্বাৰা সংক্ৰমিত হৈছে। আক্ৰান্ত ব্যক্তিজন নাইজেৰিয়াৰ পৰা উভতি আহিছিল। আনহাতে, পশ্চিমবংগত এটি ৭ বছাৰীয়া শিশু আক্ৰান্ত হৈছে। শিশুটি নিজ পৰিয়ালৰ সৈতে আবু ধাবিৰ পৰা হায়দৰাবাদ হৈ কলকাতালৈ আহিছিল। আনহাতে মহাৰাষ্ট্ৰ আৰু কেৰালাত ৪জনকৈ লোক নতুনকৈ অমিক্ৰনত সংক্ৰমিত হৈছে। মহাৰাষ্ট্ৰৰ ওচমানাবাদত নতুনকৈ ২জন, মুম্বাই আৰু বুলধানাত এজনকৈ লোক অমাইক্ৰনত আক্ৰান্ত হৈছে। ৰাজ্যখনত বৰ্তমান অমাইক্ৰনত আক্ৰান্ত ৰোগীৰ সংখ্যা ৩২জনলৈ বৃদ্ধি হৈছে। কেৰালাত বৰ্তমানলৈকে মুঠ ৫জন ব্যক্তি অমাইক্ৰনত আক্ৰান্ত হোৱা বুলি ধৰা পৰিছে। ইয়াৰ ফলত দেশত অমাইক্ৰনত আক্ৰান্তৰ সংখ্যা ৭৩গৰাকীলৈ বৃদ্ধি পাইছে।

4 views0 comments