অনুপ্ৰৱেশ অব্যাহত : এবছৰত ৩ হাজাৰ অবৈধ বাংলাদেশীক গ্ৰেপ্তাৰ বিএছএফৰ





অসম চুক্তি, কাঁইটীয়া তাঁৰৰ বেৰ, চৰকাৰ সলনি আদি একোৱেই ৰুধিব পৰা নাই অবৈধ বাংলাদেশীৰ ভাৰত বা অসমলৈ অনুপ্ৰৱেশ। ৰোধ হোৱা নাই চোৰাং ব্যৱসায়। সীমান্তৰ প্ৰহৰী বিএছএফৰ তথ্যতে প্ৰকাশ পাইছে উদ্বেগজনক ছবিখন।



বিএছএফৰ তথ্য অনুসৰি, বিগত এবছৰত ভাৰতত প্ৰৱেশ ৩০০০ অবৈধ বাংলাদেশীক বাহিনীটোৱে কৰায়ত্ত কৰিছে। এয়া ধৰা পৰাৰ তথ্যহে। ধৰা নপৰাকৈ ভাৰতলৈ অহা অনুপ্ৰৱেশকাৰীৰ তালিকাখন ইয়াত সংযোজিত হোৱা নাই। অৱশ্যে সেয়া সম্ভৱো নহয়।



তদুপৰি অব্যাহত আছে পশুৰ অবৈধ সৰবৰাহ। কিছু গতিৰোধক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এইবাৰ অক্টোবৰলৈ বছৰটোত ভাৰতৰ পৰা অবৈধ সৰবৰাহ কৰাৰ উদ্দেশ্যে ৮০ হাজাৰ পশু জব্দ হৈছে। বিগত বছৰকেইটাৰ তুলনাত এইবাৰ অৱশ্যে পশুধনৰ অবৈধ সৰবৰাহ হ্ৰাস পাইছে। বিগত দুই-তিনি বৰ্ষত সংখ্যাটো প্ৰায় দুই লাখ আছিল।



বিএছএফৰ ৫৭সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে এখন সংবাদ মেলত বাহিনীটোৰ সঞ্চালকপ্ৰধান পংকজ কুমাৰ সিঙে এই তথ্য সদৰী কৰিছে। তেওঁ কয়, বিএছএফে এতিয়া ১৯৩টা বেটেলিয়নৰ সৈতে দেশৰ সীমান্ত সুৰক্ষাত নিয়োজিত হৈ আছে। ভাৰত-বাংলাদেশ সীমান্তৰ সুৰক্ষা আছে বিএছএফৰ হাতত। বাংলাদেশৰ সীমান্তৰ সৈতে ভাৰতৰ ৪,১০০ কিলোমিটাৰ ভূমি আৰু ৯৩০ কিলোমিটাৰ নদী সীমা ক্ষেত্ৰ সংযোজিত হৈ আছে।



সংবাদ মেলত বাংলাদেশ সীমান্তৰে দেশলৈ অবৈধভাৱে সৰবৰাহ হৈ থকা ‘য়াবা’ ড্ৰাগছ বিএছএফৰ মুৰব্বীজনে কষ যে যোৱা বছৰ এই নিষিদ্ধ নিচাজাতীয় টেবলেট ৬ লাখটা জব্দ হৈছিল। এইবছৰ সেয়া ২.৫লাখলৈ হ্ৰাস হৈছে। আনহাতে, কেৱল পশুধনৰ অবৈধ সৰবৰাহ বা অবৈধ অনুপ্ৰৱেশেই নহয়, সীমান্তৰে জালনোট, নিষিদ্ধ ড্ৰাগছো সৰবৰাহ হয়।

4 views0 comments