বিৰোধী দলৰ সাংসদসকলৰ অসন্তুষ্টিৰ মাজতে সংসদ পেনেলে গ্ৰহণ কৰিলে তথ্য সুৰক্ষাৰ প্ৰতিবেদন





ব্যক্তিগত তথ্য সুৰক্ষা বিল, ২০১৯-ক পৰীক্ষা কৰি থকা সংসদৰ যুটীয়া সমিতিখনে কংগ্ৰেছ, টিএমচি আৰু বিজেডিৰ বহু সাংসদৰ অসন্তুষ্টিৰ সৈতে বিলখনৰ ওপৰত প্ৰতিবেদন গ্ৰহণ কৰিছে । পেনেলখনে আগবঢ়োৱা চুপাৰিছৰ কিছু নিৰ্দিষ্ট নিয়মৰ বিৰোধিতা কৰিছিল কংগ্ৰেছৰ পৰা ৪ জন, তৃণমূল কংগ্ৰেছৰ পৰা ২ জন আৰু বিজেডিৰ ১ জন সাংসদে । সংসদৰ দ্বাৰা বিবেচিত আৰু পাছ হোৱাৰ পূৰ্বে বিলখন বিচাৰৰ বাবে জেচিপিলৈ পঠোৱা হৈছিল । কংগ্ৰেছ সাংসদ মনিষ তিৱাৰীয়ে কয় যে বিলৰ কাম ২০১৯-ৰ ডিচেম্বৰত আৰম্ভ হৈছিল আৰু শেষ হ'ল ২০২১-ৰ নৱেম্বৰত । বিলখনক লৈ অসন্তুষ্টি প্ৰকাশ কৰা সাংসদসকলে জনায় যে তেওঁলোক বিলখনৰ মৌলিক ডিজাইনক লৈ সন্তুষ্ট নহয় আৰু তেওঁলোকৰ দ্বাৰা প্ৰস্তাৱিত চুপাৰিছবোৰ বিলখনৰ প্ৰস্তুতিৰ সময়ত গ্ৰহণ কৰা নহল । কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে তেওঁৰ অসন্তুষ্টি টোকাত লিখিছে যে তেওঁ বিলখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ ধাৰা নং ৩৫ আৰু ধাৰা নং ১২-ত সংশোধন ঘটোৱাৰ প্ৰস্তাৱ আগবঢ়াইছিল কিন্তু তাক গ্ৰহণ কৰা নহল । তেওঁ কয় যে যিকোনো চৰকাৰী এজেঞ্চিক গোটেই এক্টখনৰ পৰাই বাহিৰ কৰিব পৰা ক্ষমতা ধাৰা নং ৩৫-য়ে কেন্দ্ৰক দিয়ে । তেওঁ কয় যে এইক্ষেত্ৰত কেন্দ্ৰই 'সংসদীয় অনুমোদন লব লাগিব' বুলি তেওঁ ধাৰাটোক সংশোধন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল ।

4 views0 comments