গুৱাহাটীত সুব্ৰমণিয়ম স্বামীৰ দাবী, চীনক অৰুণাচলৰ পৰা খেদিব লাগে




ভাৰতবৰ্ষৰ ৰাজনীতিৰ অন্যতম চৰ্চিত ব্যক্তি তথা ছোনিয়া গান্ধী-ৰাহুল গান্ধীৰ বাবে দাঁতৰ কুটা চকুৰ শালস্বৰূপ জ্যেষ্ঠ বিজেপি নেতা ড০ সুব্ৰমণিয়ম স্বামী বৃহস্পতিবাৰে পুৱা উপস্থিত হয় গুৱাহাটী উচ্চ ন্যায়ালয়ত। এটা পুৰণি গোচৰ সংক্ৰান্তত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত উপস্থিত হয়। গোচৰটো

কংগ্ৰেছৰ শাসনকালত স্বামীৰ বিৰুদ্ধে তৰা হৈছিল। মীমাংসাৰ বাবে উচ্চতম ন্যায়ালয়ে গোচৰটো উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰিছিল। বৰ্তমান ন্যায়াধীশ মণীষ চৌধুৰীৰ আদালতত চলি আছে ইয়াৰ বিচাৰ প্ৰক্ৰিয়া।


ন্যায়িক প্ৰক্ৰিয়া সমাপন হোৱাৰ পাছত ন্যায়ালয়ৰ চৌহদত স্বামীয়ে সাংবাদিকৰ আগত কয় যে, গোচৰৰ ৰায় সংৰক্ষিত আছে। এতিয়া মোৰ কৰিবলগীয়া একো নাই। তেওঁ চীনৰ শেহতীয়া কাৰ্যৰ প্ৰত্যুত্তৰত ভাৰত চৰকাৰকো কঠোৰ হ'বলৈ আহ্বান জনায়। সাংবাদিকৰ আগত তেওঁ কয়- অৰুণাচলৰ পৰা খেদি পঠাব লাগে চীনক। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি মই কৈছোঁ চীনৰ বিৰুদ্ধে কঠোৰ হ’ব লাগে। তেওঁ লগতে এই প্ৰসংগক লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো কঠোৰ হবলৈ আহ্বান জনায় সুব্ৰমণিয়ম স্বামীয়ে।

3 views0 comments