ভাৰতত ২৪ ঘন্টাত ১.৬০ লাখৰ কাষ চাপিল কৰোনাত সংক্ৰমিত, অসমতো বৃদ্ধি




দেশজুৰি  চহৰে চহৰে কঠোৰ বিধিনিষেধ, নৈশ সান্ধ্য আইন। তামিলনাড়ুত সাপ্তাহিক লকডাউন। সমান্তৰালকৈ চলি দ্ৰুতহাৰত  টিকাকৰণ। কিন্তু  একোতে গতিৰুদ্ধ হোৱা নাই কৰোনাৰ দুৰ্বাৰ গতি। বিগত ২৪ ঘণ্টাত দেশখনত সংক্ৰমিত লোকৰ সংখ্যাই ডেৰ লাখৰ ঘৰ অতিক্ৰম কৰে। লগতে বাঢ়িছে পজিটিভিটীৰ হাৰ। ১০ শতাংশৰ অধিক হৈছে। এইটো চিন্তা আৰু উদ্বেগৰ বিষয়।


শুকুৰবাৰে দেশত কৰোনা আক্ৰান্তৰ সংখ্যা আছিল  ১ লাখ ১৪ হাজাৰ। ২৪ ঘন্টাত সংখ্যাটো বৃদ্ধি হৈছে  ১ লাখ ৫৯ হাজাৰ ৬৩২জনলৈ। সঁচা অৰ্থত ক'বলৈ ভাৰতত কৰোনাৰ লেকাম ছিগিছে। দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়ালকল্যাণ মন্ত্রালয়ে সদৰী কৰা তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত কৰোনাত আক্রান্ত হৈছে ১ লাখ ৫৯ হাজাৰ ৬৩২জন। নিশাটোত পটিজিভিটী হাৰ বাঢ়ি হৈছে ১০.২১ শতাংশ। অকল মুম্বাইতে ২০ হাজাৰৰ অধিক পজিটিভ পোৱা গৈছে। একেই ছবি দিল্লীৰো। ইফালে, দেশত  অমাইক্রন আক্রান্তৰ সংখ্যা  ৩ হাজাৰ ৬২৩জন হৈছে। তাৰে ইতিমধ্যে সুস্থ হৈছে ১ হাজাৰ ৪০৯জন।


আনহাতে, মহামাৰীটোৱে বিগত ২৪ ঘণ্টাত ৩২৭জন লোকৰ প্ৰাণ হৰিছে। ভারতে প্রাণ হারিয়েছেন ৩২৭ জন। শুকুৰবাৰৰ তুলনাত মৃত্যুৰ সংখ্যা বাঢ়িছে। অৱশ্যে মুঠ আক্ৰান্তৰ সংখ্যালৈ চালে দেশত মৃত্যুৰ আন দেশৰ তুলনাত কম। ইফালে, ৩২৭জনক ধৰি ভাৰতত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা  ৪ লাখ ৮৩ হাজাৰ ৭৯০জন হ'ল। তদুপৰি  বর্তমানে দেশত কৰোনাত চিকিৎসাধীন হৈ আছে  ৫ লাখ ৯০ হাজাৰ ৬১১জন। সংখ্যাটো আগৰ দিনটোতকৈ  প্রায় ১ লাখ ১৮ হাজাৰ অধিক। এই সংখ্যাটোৱে  বিশেষজ্ঞ মহলক চিন্তিত ককি তুলিছে। ইপিনে, চৰকাৰী পরিসংখ্যাই কৈছে, ভাৰতত  ৩ কোটি ৪৪ লাখ ৫৩ হাজাৰ ৬০৩জন কৰোনামুক্ত হৈছে। ইয়াৰ মাজত বিগত ২৪ ঘণ্টাত কৰেনামুক্ত হোৱা ৪০ হাজাৰ ৮৬৩জনো সোমাই আছে।


উল্লেখ্য যে ভাৰতত ভেকচিন প্ৰদানৰ গতি দুৰ্বাৰ হৈ পৰিছে। দেশখনত  ১৫১ কোটি ৫৭ লাখৰ অধিক পালি ভেকচিন দিয়া হৈছে। । আনহাতে, ১৫-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ টিকাকৰণৰ সংখ্যা ইতিমধ্যে ২ কোটিৰ অতিক্ৰম কৰিছে।


ইফালে, বিগত ২৪ ঘণ্টাত অসমত কৰোনাত আক্ৰান্ত হৈছে ১২৫৪জন লোক। বৃদ্ধি পাইছে পজিটিভিটী হাৰ। ৰাজ্যখনত শনিবাৰে ৩৩,৬০৯জন লোকৰ কৰোনা পৰীক্ষা কৰা হয় আৰু আক্ৰান্তৰ হাৰ হৈছে ৩.৭৩ শতাংশ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰে এই তথ্য।

4 views0 comments