গুৱাহাটীত বিদ্যুৎস্পৃষ্ট হৈ আহত বিদ্যুৎ শ্ৰমিক




গুৱাহাটীৰ খানাপাৰাত বিদ্যুৎস্পৃষ্ট হৈ দুজন শ্ৰমিক গুৰুতৰভাৱে আহত হয়। খানাপাৰাৰ ছায়েন্স মিউজিয়ামৰ সমীপত সংঘটিত হয় ঘটনাটো।


বিদ্যুৎৰ খুঁটাত উঠি কাম কৰি থকা সময়ত এডাল উচ্চ পৰিবাহী তাঁৰত লাগি দুয়োজন শ্ৰমিক বিদ্যুৎস্পৃষ্ট হয়। গুৰুতৰভাৱে আঘাতপ্রাপ্ত শ্ৰমিক দুজন চাদ্দাম হুছেইন, ছফিকুল ইছলাম বুলি জানিব পৰা গৈছে।

স্থানীয় লোকৰ তৎপৰতাত লোক দুজনক গুৱাহাটী মেট্র’ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

4 views0 comments