যোৰহাট কাণ্ডত আহত মৃদুস্মন্ত-প্ৰণয়ৰ স্বাস্থ্যৰ অৱনতি : জেএমচিএইচত ভৰ্তি




মানৱৰূপী দানৱ এদলৰ আক্ৰমণত নিহত অনিমেষ ভূঞাৰ লগতে যোৰহাটৰ মাজমজিয়াত গুৰুতৰভাৱে আহত

সাংবাদিক মৃদুস্মন্ত বৰুৱা আৰু ছাত্ৰ নেতা প্ৰণয় বৰুৱাৰ শাৰীৰিক অৱস্থাৰ পুনৰ অৱনতি ঘটিছে। দুয়োকে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। নিশা অনিমেষ ভূঞাৰ শেষকৃত্য অনুষ্ঠানত উপস্থিত হৈ দুয়োগৰাকীয়ে অনিমেষক শ্ৰদ্ধাঞ্জলি জনাইছিল। ইয়াৰ পিছতে নিশাই অসুস্থ হৈ পৰে মৃদুস্মন্ত আৰু প্ৰণয়।


প্ৰসংগক্ৰমে উল্লেখ্য যে সোমবাৰে যোৰহাটৰ মাজমজিয়াত এজন সুৰাপায়ীক সহায় কৰিবলৈ গৈ এজাক বৰ্বৰৰ আক্ৰমণৰ সন্মুখীন হৈছিল অনিমেষ ভূঞাসহ মৃদুস্মন্ত বৰুৱা আৰু প্ৰণয় বৰুৱা। দলবদ্ধ আক্ৰমণত অনিমেষে প্ৰাণ হেৰুওৱাৰ বিপৰীতে মৃদুস্মন্ত আৰু প্ৰণয় গুৰুতৰভাৱে আহত হয়।

6 views0 comments