মণিপুৰ-ত্ৰিপুৰাত আজি প্ৰধানমন্ত্ৰী মোদীয়ে বোৱাব বিকাশৰ গংগা




উত্তৰ-পূব ভাৰতৰ বিকাশত সৰ্বাধিক গুৰুত্ব আৰোপ দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰি দুয়োখন ৰাজ্যৰ বিকাশক নতুন গতি আৰু মাত্ৰা প্ৰদান কৰিব। তেওঁ ৰাজ্য দুখনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প মুকলি কৰিব। লগতে কেইটামান আঁচনিৰ শিলান্যাস কৰিব।


প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সংবাদমাধ্যমক জনোৱা মতে, প্ৰধানমন্ত্ৰী মোদীয়ে আজি ইম্ফলত ৪,৮০০ কোটি টকাৰ ২২টা প্ৰকল্প মুকলি কৰিব। তেওঁ আগৰতলাত মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰত নতুন একত্ৰিত টাৰ্মিনেল ভৱন উদ্বোধন কৰিব আৰু দুটা গুৰুত্বপূৰ্ণ উন্নয়নমূলক আঁচনি মুকলি কৰিব। আনহাতে, মণিপুৰত মোদীয়ে ১,৮৫০ কোটি টকাৰ ১৩টা প্ৰকল্প উদ্বোধন কৰিব আৰু ২,৯৫০ কোটি টকাৰ নটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰকল্পসমূহ পথ আন্তঃগাঁথনি, খোৱাপানী যোগান, স্বাস্থ্য, নগৰ উন্নয়ন, আৱাসিক, তথ্য প্ৰযুক্তি, দক্ষতা বিকাশ আৰু কলা আৰু সংস্কৃতিকে ধৰি বিভিন্ন খণ্ডৰ সৈতে সম্পৰ্কিত।


প্ৰধানমন্ত্ৰী মোদীয়ে ১,৭০০ কোটি টকা ব্যয়েৰে পাঁচটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। আন এটা গুৰুত্বপূৰ্ণ প্ৰকল্প হ'ল ৭৫ কোটি টকা ব্যয়েৰে ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ৰ বৰাক নদীৰ ওপৰত এখন তীখাৰ দলং, যি ইম্ফলক শিলচৰৰ সৈতে সংযোগ কৰিব। প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ জনসাধাৰণৰ বাবে প্ৰায় ১,১০০ কোটি টকা ব্যয়েৰে ২,৩৮৭টা মোবাইল টাৱাৰ উৎসৰ্গা কৰিব, যাৰ ফলত মোবাইল সংযোগ উন্নত হ'ব।


ৰাজ্যখনত বিশুদ্ধ খোৱাপানী যোগানৰ বাবে  মোদীয়ে এখন গুৰুত্বপূৰ্ণ আঁচনি উদ্বোধন কৰিব। ইয়াৰ ভিতৰত আছে থোবাল বহুমুখী প্ৰকল্পৰ ২৮০ কোটি টকাৰ পানী পৰিবহন প্ৰণালী। আন এটা প্ৰকল্পই তামেংলং জিলাৰ ১০টা অঞ্চলৰ বাসিন্দাসকলক সুৰক্ষিত খোৱা পানী প্ৰদান কৰিব। মোদীয়ে ৫১ কোটি টকা ব্যয়েৰে সেনাপতি জিলা মুখ্য কাৰ্যালয় পানী যোগান আঁচনিও উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে ১৬০ কোটি টকা ব্যয়েৰে ইম্ফলৰ এখন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলাও স্থাপন কৰিব। তেওঁ কিয়ামগেইৰ ২০০ বিছনাযুক্ত কোভিড চিকিৎসালয়ৰো উদ্বোধন কৰিব।

4 views0 comments