অশ্লীল শব্দৰে গালি পৰিছিল, বাটামেৰে মাৰি দিলোঁ : তৰুণ ডকাক হত্যাকাৰীৰ স্বীকাৰোক্তি





অশ্লীল শব্দৰে গালি দিয়াৰ বাবেই বাটামেৰে কোবাই হত্যা কৰিছিল তৰুণ ডেকাক। এই বিস্ফোৰক স্বীকাৰোক্তি বিকি চাহানিৰ। চাহানিক সোমবাৰে অসম আৰক্ষীৰ এটা দলে উত্তৰবংগৰ পুণ্ডিবাৰীত গ্ৰেপ্তাৰ কৰিছিল। তৰুণ ডেকাক হত্যাৰ পাছতে চাহানিয়ে গুৱাহাটীৰ পৰা পলায়ন কৰি কোচবিহাৰ জিলাৰ সেই ঠাইডোখৰত আত্মগোপন কৰিছিল।


আপোনালোকৰ নিশ্চয় মনত আছে ৫ নৱেম্বৰৰ নিশা মালিগাঁৱত সংঘটিত হত্যাকাণ্ডটোৰ কথা। চিচি টিভিত বন্দী হৈছিল হত্যাকাণ্ডটোৰ দৃশ্য।


ঘটনাটোৰ তদন্ত কৰি অৱশেষত বিকি চাহানি জড়িত থকাৰ তথ্য লাভ কৰে। সেই অনুসৰি, কালি চাহানিক গ্ৰেপ্তাৰ কৰা হয়।

বিকিয়ে আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি, তৰুণ ডেকাই চকীদাৰ হিচাপে কৰ্মৰত কমপ্লেক্সলৈ গৈছিল বিকি চাহানী।তাতেই দুয়োৰে মাজত আৰম্ভ হৈছিল সংঘাত। তাৰ পিছতেই কাঠৰ বাটামেৰে আক্ৰমণ কৰিছিল বিকি সাহানীয়ে।


আনহাতে, সাংবাদিকৰ আগত বিকি চাহানীয়ে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰি কয় ”তৰুণ ডেকাই অশ্লীল গালি দিয়াৰ বাবে মই প্ৰহাৰ কৰিছোঁ। মোকো তেওঁ আক্ৰমণ কৰিছিল। কিন্তু মৰি যাব বুলি ভৱা নাছিলোঁ। মই অকলেই তেওঁক মাৰিছোঁ। সেই সময়ত মই সুৰামত্তও নাছিলোঁ।"

27 views0 comments