মহামাৰীয়ে জুৰুলা কৰাৰ মাজতে ভোগালীক আদৰিবলৈ সাজু অসমবাসী





পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয়। মাঘ বিহুৰ মূল আকৰ্ষণ হ'ল মেজি পোৰা কাৰ্য। এই সময়ত সূৰ্য্য মকৰ ক্ৰান্তিৰ ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তি বোলা হয়। মাঘ বিহুৰ দুটা প্ৰধান অংশ হৈছে মেজি আৰু উৰুকা।


কোভিড সৃষ্ট পৰিৱেশৰ মাজতো, বিভিন্ন নীতি-নিয়ম চৰকাৰে বান্ধি দিয়াৰ মাজতে ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ সাজু এতিয়া অসমবাসী। অসমীয়াৰ ৩ টা বিহুৰ মাজত অন্যতম মাঘ বিহু। এই বিহুত সকলোৱে লগ হৈ হাঁহে-মাহে এসাঁজ খাই সকলোৱে আনন্দ কৰে। কৃষিৰ লগত জড়িত দীৰ্ঘদিনীয়া যি দুখঃ-কষ্ট সেইয়া যেন নোহোৱা হৈ পৰে।


ভোগালীক লৈ ব্যাপক উচ্চাহ-উদ্দীপনা পৰিলক্ষিত হৈছে ৰাজ্যৰ প্রতিটো প্ৰান্তত। সামগ্ৰীৰ আকাশলঙ্ঘী মূল্য বৃদ্ধি, মহামাৰীয়ে জুৰুলা কৰা অৰ্থ ব্যৱস্থাৰ মাজতো সকলো সাজু ভোগালীক আদৰিবলৈ। কিয়নো বাপতি সাহোন হেঁপাহৰ ভোগালীক জানো নেওচা দিব পাৰি ।


উল্লেখযোগ্য যে বিগত প্ৰায় দুটাকৈ বছৰ কোভিড সৃষ্ট পৰিৱেশৰ মাজতে সকলো উৎসৱ-পাৰ্বন অনুষ্ঠিত কৰিব লগীয়া হৈছে অসমবাসীয়ে। ইতিমধ্যে ভোগালীৰ বিভিন্ন সামগ্ৰীৰে অৰ্থাৎ লাৰু,পিঠা, চিৰা,দৈৰে এতিয়া ভৰি পৰিছে অসমৰ বজাৰসমূহ।


সাজু কৰি তোলা হৈছে ভেলাঘৰ, মেজি। যদিও ৰাজ্য চৰকাৰে ভেলাঘৰ বা মাঘ বিহুৰ উৰুকাৰ ভোজ খোৱাৰ সন্দৰ্ভত কঠোৰ নিয়ম বান্ধি দিছে তথাপিও ম্লান পৰা ৰাজ্যবাসীৰ উচ্চাহ।


অসমৰ কৃষিজীৱি লোকসকলে অতি কষ্টেৰে কৰা কৃষি কাৰ্য সামৰি পথাৰৰ ধান-শস্য কাটি ভড়ালত থোৱাৰ পিছত সকলোৱে লগ হৈ আনন্দ মনেৰে এসাঁজ খাবলৈ সাজু হৈছে সকলো।


অসমৰ মাঘ বিহুৰ দৰে ভাৰতৰ অন্যান্য জাতি-জনগোষ্ঠীৰ মাজতো দেখিবলৈ পোৱা যায় এই উৎসৱ। শস্য চপোৱাৰ বতৰ হোৱা হেতুকে দেশৰ ভিন ভিন প্ৰান্ততো বিভিন্ন নামেৰে পালন কৰা হয় এই উৎসৱ। বাঙালীসকলে মাঘ বিহুক পৌষ সংক্রান্তি বুলি কোৱাৰ সমান্তৰালকৈ উড়িয়াসকলেও পৌষ সংক্রান্তি অনুষ্ঠিত কৰে। ‘পুংগল’ নামেৰে এই উৎসৱ পালন কৰে তামিলসকলে। আনহাতে এই পৌষ সংক্রান্তিত ‘টুচু পৰৱ" নামৰ এক উৎসৱ পালন কৰে চাহ জনগোষ্ঠীসকলে। ইফালে লোহৰি হিচাপে এই উৎসৱ পালন কৰে উত্তৰ ভাৰতৰ পঞ্জাব, হাৰিয়ানা, হিমাচল প্ৰদেশকে ধৰি ৰাজ্যসমূহত।

6 views0 comments