কোন দেশত ছোৱালীৰ বিবাহৰ ন্যূনতম বয়স কিমান?




ভাৰতবৰ্ষত ছোৱালীৰ বিবাহৰ ন্যূনতম বয়স ২১ বছৰ হ’বলৈ বেছি দিন নাই। সংসদৰ চলিত শীতকালীন অধিৱেশনতে ইয়াকে বিধেয়ক এখন গৃহীত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পিছত মাথোঁ কিছু আনুষ্ঠানিকতাহে বাকী থাকিব। ইতিমধ্যে কেন্দ্ৰীয় কেবিনেটে বয়স বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ তৰিছে। জয়া জেটলিৰ অধ্যক্ষতা গঠিত সমিতিয়ে আগবঢ়োৱা পৰামৰ্শ অনুসৰি কেন্দ্ৰীয় কেবিনেটে ছোৱালীৰ বিবাহৰ ন্যূনতম বয়স ল’ৰাৰ সমান কৰি দিয়ে। অৰ্থাৎ দেশখনত শীঘ্ৰেই ল’ৰা আৰু ছোৱালীৰ বিবাহৰ বয়স ২১ বছৰ হ’ব। কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তৰ পিছতে ভাৰতবৰ্ষত এচামে ন্যূনতম বয়সৰ সীমাক লৈ আপত্তি তুলিবলৈ ধৰিছে। অনেক তাৰ্কিকে আন আন দেশৰ উদাহৰণ দি মোদী চৰকাৰক শ’লঠেকত পেলাবলৈও চেষ্টা চলাইছে। ভাৰতৰ বাহিৰে আন দেশত ছোৱালীৰ বিবাহৰ ন্যূনতম বয়সনো কি, তাকেই এই প্ৰতিবেদনটোৰ জৰিয়তে ফহিয়াই চোৱাৰ প্ৰয়াস কৰা হৈছে।


চীনত ছোৱালীৰ বিবাহৰ ন্যূনতম বয়স ২০ বছৰ আৰু ল’ৰাৰ ২২ বছৰ।

নাইজেৰিয়াত ছোৱালীৰ বিবাহৰ ন্যূনতম বয়স ১৫ বছৰ আৰু ল’ৰাৰ ১৮ বছৰ। দেশখনত পিতৃ-মাতৃৰ সন্মতিসাপেক্ষে ছোৱালীক ১৫ বছৰ বয়সত বিবাহ কৰিব পৰা যায়। এটা সমীক্ষা অনুসৰি, নাইজেৰিয়াত ৭৬ শতাংশ ছোৱালীৰ বিবাহ ১৮ বছৰ বয়সৰ পূৰ্বেই সম্পন্ন হয়।

ইউৰোপৰ এষ্টেনিয়াতে সবাতকৈ কম বয়সত ছোৱালীৰ বিবাহ সম্পন্ন হয়। দেশখনত ছোৱালীৰ বিবাহৰ ন্যূনতম বয়স ১৫ বছৰ।

আমেৰিকাৰ মাচাচুচেটছত ছোৱালীৰ বিবাহৰ ন্যূনতম বয়স ১২ বছৰ আৰু ল’ৰাৰ ১৪ বছৰ।ইয়াত বিবাহৰ ন্যূনতম বয়স অতি কম হ’লেও বিশেষ কাৰণতহে ইমান কম বয়সত বিবাহ সম্পন্ন হয়। ইয়াৰ বাবে পিতৃ-মাতৃৰ অনুমতি অনিবাৰ্য আৰু বিবাহত ন্যায়াধীশ উপস্থিত থাকে।

চৌদি আৰবত বিবাহৰ কোনো ন্যূনতম বয়স নাই। বহু চেষ্টা স্বত্ত্বেও দেশখনত বিবাহৰ ন্যূনতম বয়স নিৰ্ধাৰণ কৰিব পৰা সম্ভৱ হৈ উঠা নাই।

পেলেষ্টাইনত ছোৱালীৰ বিবাহৰ ন্যূনতম বয়স ১৫ বছৰ আৰু ল’ৰাৰ ১৬ বছৰ। দেশখনত পিতৃ-মাতৃৰ অনুমতি দৰকাৰ যদিও বলপূৰ্বক বিবাহো সম্পন্ন হয়।

পাকিস্তানত ছোৱালীৰ বিবাহৰ ন্যূনতম বয়স ১৬ বছৰ আৰু ল’ৰাৰ ১৮ বছৰ। অৱশ্যে দেশখনত বাল্য বিবাহ ৰোধৰ বাবে আইনী ব্যৱস্থা। কিন্তু ইউনিচেফৰ প্ৰতিবেদন অনুসৰি, পাকিস্তানত ১৬ বছৰ বয়সৰ পূৰ্বেই ৭০ শতাংশ ছোৱালীৰ বিবাহ হৈ যায়।


ভেনিজুৱালাত ছোৱালীৰ বিবাহৰ ন্যূনতম বয়স ১৬ বছৰ আৰু ল’ৰাৰ ১৪ বছৰ।

জাৰ্মানীত পিতৃ-মাতৃ বা অভিভাৱকৰ সন্মতিসাপেক্ষে ১৬ বছৰ বয়সত ছোৱালীৰ বিবাহ সম্পন্ন হয় যদিও বিবাহৰ ন্যূনতম বয়স ১৮ বছৰহে।

ফ্ৰান্সত ছোৱালীৰ বিবাহৰ ন্যূনতম বয়স ১৫ বছৰ।

বাংলাদেশত ছোৱালীৰ বিবাহৰ ন্যূনতম বয়স ১৮বছৰ আৰু ল’ৰাৰ ২১ বছৰ। কিন্তু দেশখনৰ প্ৰতি তিনিগৰাকী ছোৱালীৰ দুগৰাকীয়েই বাল্য বিবাহৰ বলি হয়। পৃথিৱীৰ সৰ্বাধিক বাল্য বিবাহ বাংলাদেসত হয়।

14 views0 comments