শীতৰ প্ৰৱাহত স্তব্ধপ্ৰায় অসম : আৰু তললৈ নামিব তাপমাত্ৰা




হাড় কঁপোৱা শীতৰ কবলত পৰিছে অসম। এফালে বৰষুণ আনফালে শীতৰ প্ৰকোপ। এই অৱস্থাত জনজীৱন একপ্ৰকাৰ স্তব্ধপ্ৰায়। শীতৰ মাৰ দেখি ৰাজপথো সেৰেঙা হৈ পৰিছে। অতি প্ৰয়োজন নহ'লে জনসাধাৰণে ঘৰৰ পৰা বাহিৰ ওলাবলৈ এৰিয়েই দিছে। ঘৰতে সোমাই অকণমান উত্তাপৰ সন্ধান কৰিছে। একো নাপালে জুই একুৰাকে ধৰি পৰিয়ালৰ সদস্যসকল তাৰে তাপ লৈছে। কিন্তু এই পৰিৱেশ কিমান দিন? আৰু কিমান শীতৰ লহৰ অব্যাহত থাকিব? বৰষুণ কমিবনে?


বতৰৰ চক্ৰ অনুসৰি অসমত লাহে লাহে শীতৰ বিদায় হ'ব লাগিছিল। দুৱাৰমুখত বসন্তৰ টোকৰ। লাহে লাহে প্ৰকৃতিয়ে ৰূপ সলাব। এদিন পিছতে সৰস্বতী পূজা। এই সময়ত সৰ্বনিম্ন তাপমাত্রা ১৪-১৫ ডিগ্ৰীৰ আশেপাশে থাকে। কিন্তু অসমত ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধিৰ সম্ভাৱনাহে আছে। বৰষুণৰ বাবে শীতৰ প্ৰকোপ বৃদ্ধি পাব পাৰে। তাপমাত্ৰা ৭ ডিগ্ৰী চেলচিয়াছলৈ নামিব পাৰে। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই আগজাননী দিছে।


বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, আজিৰ লগতে অনাগত দুদিনত বৰষুণৰ প্ৰবল সম্ভাৱনা আছে। তদুপৰি বাকী সময়ছোৱা বতৰ ডাৱৰীয়া হৈ থাকিব। আজিৰ দিনটোত পুৱা ৯ বজালৈ ৰাজ্যত ১০ ডিগ্ৰীলৈ নামে শীত। কাইলৈৰ দিনটোতো শীতৰ প্ৰৱাহ সমানে থকাৰ লগতে বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা আছে।


আজাৰাস্থিত গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি অহা ৬ ফেব্ৰুৱাৰীত শীতৰ প্ৰকোপ অধিক বৃদ্ধি পাব পাৰে। এটা সপ্তাহ ধৰি শীতৰ প্ৰকোপ একেদৰেই থাকিব বুলি বতৰৰ আগজাননীত প্ৰকাশ।

10 views0 comments