আফগানিস্তানত শক্তি বৃদ্ধি কৰিছে আইএছে : চিন্তিত আমেৰিকা



ছিৰিয়া আৰু ইৰাকত পৰাজিত হৈছে ইছলামিক ষ্টেট (ISIS)। বিশ্বজুৰি ‘খিলাফত’ প্রতিষ্ঠাৰ স্বপ্ন ৰচা সংগঠনটোৰ মুৰব্বী আবু বক্কৰ আল বাগদাদী মার্কিন সেনাৰ হাতত নিহত হয়। কিন্তু বিপদৰ এতিয়াও অন্ত পৰা নাই। এইবাৰ আফগানিস্তানত মূৰ তুলি উঠিছে আইএছ। ইফালে, কেইবাহাজৰ কিলোমিটাৰ নিলগত থাকিও নতুন বিপদৰ ঘ্ৰাণ পাইছে আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকাৰ বাবে বিপদ সম্ভৱ পাৰে বুলি ৰাষ্ট্ৰপতি বাইডেন আৰু দেশখনৰ জইন্ট চীফ অৱ ষ্টাফ জেনেৰেল মার্ক মাইলি।

অলপতে ইছলামিক ষ্টেটৰ পুনৰুত্থানক লৈ মার্কিন ছিনেটত বিবৃতি দিয়ে জেনাৰেল মাইলিয়ে। সেই সময়ত ছিনেটত মার্কিন প্রতিৰক্ষা সচিব লয়েড অষ্টিনো উপস্থিত আছিল। বিবৃতিটোত মাইলিয়ে কয়, “আফগানিস্তানত শক্তি সংগ্রহ কৰাত নামি পৰিছে ইছলামিক ষ্টেট আৰু আন আন জেহাদী সংগঠনসমূহে। অৱশ্যে এতিয়াও সেই অর্থত তেওঁলোক সফল হোনা নাই বা হ’ব পৰা নাই। আৰু আমেৰিকাৰ মূল ভূখণ্ডৰ বাবে বিশেষ ভয়ৰ কাৰণ হৈ উঠিব পৰা নাই।কিন্তু জেহাদীসকলে যদি আক্ৰমণৰ প্ৰস্তুতি লয়, তাৰ কঠোৰভাৱে উত্তৰ দিয়া হ’ব। তেওঁ লগতে কয়, “এতিয়ালৈক আমি সন্ত্রাসবাদীসকলৰ কেইবাটাও আশ্রয়স্থল ধ্বংস কৰি দিছো। কেইখনমান স্কুল আৰু মছজিদে আইএছে আক্ৰমণ কৰিলেও বিশেষ সুবিধা আদায় কৰিব পৰা নাই।”

তাৎপর্যপূর্ণ যে ইয়াৰ পূৰ্বে আফগানিস্তানত আইএছৰ উত্থানক লৈ সতর্কবাণী শুনাইছিল মার্কিন চেণ্ট্ৰেল কমাণ্ডৰ প্ৰধান প্রধান জেনেৰেল কেনেথ মেককেঞ্জিয়ে। তেওঁ কৈছিল, আফগানিস্তানত দ্রুততাৰে শক্তিবৃদ্ধি কৰিছে ইছলামিক ষ্টেটে। সংগঠনটোক কোনোপধ্যে ৰোধ কৰিব পৰা নাই তালিবানে। ক্ষমতা দখলৰ পিছত পাৰৱান আৰু পুল-ই-চাৰকি কাৰাগাৰৰ পৰা আইএছ জেহাদীসকলক তালিবানে মুকলি কৰি দিয়ে। সেই কর্মৰ ফল ভুগিবলগীয়া হৈছে।

বিশ্লেষকৰ মতে, আফগানিস্তানত আল কায়দা আৰু তালিবানক আইএছে প্ৰত্যাহ্বান জনাই আছে। আইএছ জেহাদীসকলৰ সৈতে কেইবাবাৰ আল কায়দাৰ জেহাদীৰ সংঘৰ্ষও হৈছে। বহু আল কায়দা জেহাদীয়ে ইতিমধ্যে আইএছত যোগদান কৰিছে।

তাৎপর্যপূর্ণ কথাটো হৈছে, তালিবান আৰু আইএছ দুয়োটা ছুন্নী জেহাদী সংগঠন। কিন্তু ইছলামৰ ব্যাখ্যা আৰু মতবাদত দুয়োটা সংগঠনৰ বিবাদ তুংগত আইএছৰ দাবী, তালিবান আমেৰিকাৰ ‘মোল্লা ব্ৰেডলী’ প্রকল্পৰ অংশ। সেই মৌলবাদীসকলৰ মতে, প্রকল্পটোৰ জৰিয়তে জেহাদি সংগঠনৰ একাংশক নিজৰ পক্ষলৈ টানি নি সেইবোৰক আমেৰিকাই দুৰ্বল কৰি দিয়ে।

9 views0 comments