ঊষানগৰীয়ে পালে উত্তৰ-পূবৰ শ্ৰেষ্ঠ স্বচ্ছ চহৰৰ সন্মান




স্বচ্ছতাৰ ক্ষেত্ৰত তেজপুৰ দেশৰ ভিতৰতে এটা মৰ্যাদাপূৰ্ণ নাম। ঊষা আৰু অনিৰুদ্ধৰ অনুপম চহৰখনে এই গৰিমা অক্ষুণ্ণ ৰাখি ২০২১ বৰ্ষত উত্তৰ-পূবৰ ভিতৰতে স্বচ্ছ চহৰৰ মান লাভ কৰিছে। ভাৰত চৰকাৰৰ আৱাসিক আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ স্বচ্ছ ভাৰত অভিযান (নগৰাঞ্চল)ৰ স্বচ্ছসৰ্বেক্ষণৰ অধীনত তেজপুৰে ২০২১ বৰ্ষত উত্তৰ-পূবৰ মণ্ডলৰ ভিতৰতে এই সন্মান লাভ কৰে ।


৫০ হাজাৰৰ পৰা ১ লাখ জনবসতিপূৰ্ণ নগৰৰ শাখাত উত্তৰ-পূবৰ ভিতৰত তেজপুৰে শ্ৰেষ্ঠ স্বচ্ছ নগৰৰ গৌৰৱ অৰ্জন কৰে ৷ নতুন দিল্লীৰ বিজ্ঞান ভৱনত কালি অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ উপস্থিতিত প্ৰদান কৰা বঁটাটো তেজপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়াৰ হৈ সহকাৰী অভিযন্তা বিজিত কটকী, কনিষ্ঠ অভিযন্তা ৰন্টু হাজৰিকা আৰু নগৰ প্ৰকল্প বিষয়া অঞ্জুমা মহিলাৰীয়ে গ্ৰহণ কৰে ৷


পৰিস্কাৰ চহৰ হিচাপে খ্যাত তেজপুৰে স্বচ্ছ চহৰৰ সন্মান লাভ কৰাক চহৰখনৰ বাসিন্দাক উৎফুল্লিত কৰাৰ লগতে পৌৰসভাখনৰ সম্পত্তি সুৰক্ষিত তথা সংৰক্ষিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবেও ৰাইজে দাবী জনাইছে ৷ আনহাতে, তেজপুৰ পৌৰসভা অঞ্চলৰ পৰা আৱৰ্জনা সংগ্ৰহৰ বাবে ইতিমধ্যেই পৌৰ সভাই দুটাকৈ নতুন সংস্হাক দায়িত্ব দিয়াৰ পিছতে স্বচ্ছতাৰ অভিযান পুৰ্বতকৈ আৰু অধিক ত্বৰান্বিত হৈছে ৷ শেহতীয়াকৈ বিভিন্ন অঞ্চলৰ ৰাইজে এই দুটা সংস্থাৰ কৰ্ম পৰিসৰ বৃদ্ধিৰ বাবেও তেজপুৰ পৌৰসভাক আহ্বান জনাইছে।

8 views0 comments