ভাৰতৰ টেলিসংযোগ ব্যৱস্থাক হেক-প্ৰুফ কৰিব ইছৰ'ৱে : চলিছে গৱেষণা




ভাৰতৰ টেলিসংযোগ ব্যৱস্থা এনেদৰে গঢ়ি তোলা হ'ব যে কোনোপধ্যে হেক কৰিব পৰা নাযাব। এক কথাত ভাৰতীয় ইণ্টাৰনেট ব্যৱস্থা হৈ পৰিব অভেদ্য। সেইটো সম্ভৱ হ'ব পৃথিৱীৰ কক্ষপথত সংস্থাপিত বিভিন্ন উপগ্রহৰ জৰিয়তে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ'ৰ অধ্যক্ষ কে শিৱানে এই কথা জনাইছে।


তেওঁ কয়, ‘‘সমাগক দিনত যিকেইটা প্রযুক্তি অতি তাৎপর্যপূর্ণ হ'বলৈ গৈ আছে তাৰে অন্যতম হৈছে হেক-প্রুফ কোৱান্টাম কমিউনিকেচন। ইয়াৰ জৰিয়তে দেশৰ টেলিযোগাযোগ ব্যৱস্থাক হেকিঙৰ বিপদ পৰা মুক্ত কৰা সম্ভৱ হ'ব।


‘ডিটিডিআই-টেকনোলজী কনক্লেভ ২০২১’ত শিৱানে আৰু কয় যে একেলগে কেইবাটাও প্রযুক্তিক লৈ গৱেষণা আৰু বিকাশত ব্যস্ত হৈ আছে ইছৰ'ৰ বিজ্ঞানী। দেশীয় পদ্ধতিত বিকশিত প্রযুক্তিসমূহে ইছৰ'ক আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছা আৰু ৰাছিয়ান মহাকাশ গৱেষণা সংস্থা ৰছকছমছৰ সৈতে প্ৰতিদ্বন্দ্বিতাত শক্তি যোগাব।


প্রযুক্তিসমূহ কি কি তাৰো ব্যাখ্যা কৰিছে ইছৰ'ৰ অধ্যক্ষই। শিৱানে কয়, ‘‘ প্রযুক্তিসমূহৰ অন্যতম- মহাকাশত উত্তৰোত্তৰ বর্জ্য বা আৱর্জনাৰ (স্পেচ ডেব্রি বা স্পেচ জাংক) পৰিমাণ হ্ৰাসৰ ব্যৱস্থা। এনে প্রযুক্তি বিকশিত কৰা হ'ব যাতে কোনো ৰকেট বা মহাকাশযানে আৱর্জনাবোৰ খাই পেলাব পাৰে। এ তদুপৰি চোৰাংচোৱাৰ নজৰদাৰীক অধিক নিখুঁত কৰি তোলাৰ বাবে প্ৰস্তুত কৰা হ'ব কোৱান্টাম ৰাডাৰ। ৰাডাৰ মহাকাশত স্থাপন কৰা হ'ব।

তদুপৰি ইছৰ'ৱে কৃত্রিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত মহাকাশযান, লেণ্ডাৰ আৰু ৰোভাৰ নিৰ্মাণ কৰিছে।

4 views0 comments