তৃতীয়বাৰ গৌতম গম্ভীৰক মৃত্যুৰ পৰোৱানা আইএছআইএছৰ





এবাৰ দুবাৰ নহয়, তৃতীয়বাৰ বিজেপি সাংসদ তথা প্ৰাক্তন আন্তৰ্জাতিক ক্ৰিকেটাৰ গৌতম গম্ভীৰলৈ মৃত্যুৰ পৰোৱানা প্ৰেৰণ কৰিলে আইএছআইএছৰ কাশ্মীৰ গোটে। দেওবাৰ অৰ্থাৎ আজি ISIS Kashmir’-তৰফৰ পৰা ধমকিভৰা ই-মেইল লাভ কৰিছে গৌতমে। বিষয়টোক লৈ পুনৰ দিল্লী আৰক্ষীৰ কাষ চাপিছে সাংসদগৰাকী।




উল্লেখ্য যে জেহাদি সংগঠনটোৱে প্রথমবাৰ ভাবুকি পোৱাৰ লগে লগে দিল্লী আৰক্ষীৰ দ্বাৰস্থ হৈছিল গৌতম গম্ভীৰ। তাৰে ৪ দিন পাছত পুনৰ দুবাৰকৈ ভাবুকি দিয়া হয়। গৌতম গম্ভীৰক কিয় বাৰে বাৰে লক্ষ্য কৰি লোৱা হৈছে, আৰক্ষীয়ে সেইটো উলিওৱাৰ যত্ন কৰিছে। উল্লেখ্য যে দিল্লী আৰক্ষীৰ তদন্তত জনা গৈছে যে হত্যাৰ ভাবুকি দিয়া ই-মেইল পাকিস্তানৰ পৰা প্ৰেৰণ কৰা হৈছে। অন্তিমখন পত্ৰত দিল্লী আৰক্ষীৰো নাম উল্লেখ কৰা হৈছে।

3 views0 comments