ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ ৰূপে কৰাটো পাপ নেকি?



মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অলপতে ৰাষ্ট্ৰীয় টিভি চেনেল এটাৰ অনুষ্ঠানত ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰ হ’ব লাগে মন্তব্য দিছিল। তেওঁৰ ব্ক্তব্যৰ পাছতে অসমত এচাম লোক ৰাউচি জুৰিবলৈ ধৰে। যেন মুখ্যমন্ত্ৰী ড০ শৰ্মাই কোনেও কেতিয়াও উচ্চাৰণ কৰিব নোৱাৰা নিষিদ্ধ কথা এষাৰহে ক’লে। কংগ্ৰেছ, বাওঁপন্থী, এআইইউডিএফৰ দৰে দলৰ নেতাই আস্ফালন কৰিবলৈ আৰম্ভ কৰিলে। ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে কল্পনা কৰা, ইয়াক বাস্তৱক ৰূপায়িত কৰিবলৈ চেষ্টা এইবোৰ নিষিদ্ধ শব্দ বা চিন্তা নেকি? কিয় ভাৰতীয় লোক এজনে ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ হিচাপে কল্পনা কৰিব নোৱাৰে? বিশ্বত ধৰ্মৰ আধাৰত গঠিত ৰাষ্ট্ৰ নাই নেকি? কোনো এটা বিশেষ ধৰ্মক ৰাষ্ট্ৰ ধৰ্ম হিচাপে লৈ দেশ এখন চলি থকা নাই নেকি?

বিশ্বৰ কেইবাটাও প্ৰধান ধৰ্মৰ এটা অন্যতম ধৰ্ম হৈছে হিন্দু। ইয়াৰ উপৰি খ্ৰীষ্টান, ইছলাম, ইহুদি, বৌদ্ধ ধৰ্মৰ কোটি কোটি লোক এইখন পৃথিৱীত বসবাস কৰে। এই প্ৰতিটো ধৰ্মৰেই ৰাষ্ট্ৰ আছে। তেন্তে হিন্দু ধৰ্মৰ পৱিত্ৰভূমি ভাৰতে হিন্দু ৰাষ্ট্ৰৰ দাবী কৰাত আপত্তি কিহৰ? বিশ্বৰ ৯৫ শতাংশ সনাতনী হিন্দু লোক ভাৰতত বসবাস কৰে। এইখন দেশ হিন্দুৰ ওপজাভূমি। বাবৰে হিন্দুস্তান আক্ৰমণ কৰাৰ পূৰ্বে এই পৱিত্ৰভূমিত প্ৰায় সকলো লোক হিন্দু আছিল। অত্যাচাৰী মোগল শাসকৰ হেঁচা, নীপিড়নৰ বলি হৈ বহু লোকে হিন্দু ধৰ্ম ত্যাগ কৰি ইছলামক আঁকোৱালি লৈছিল। সেই মুছলমানসকলেও ধৰ্মৰ ভেটিত নিজৰ বাবে ৰাষ্ট্ৰ এখন ব্ৰিটিছৰ জৰিয়তে লৈ গ’ল। মুছলিম লীগক ভোট দি পাকিস্তান অৰ্থাৎ ইছলামিক ৰাষ্ট্ৰ এখন গঠনত সহায় কৰা বহু মুছলমান লোকে ভৌগলিক দূৰত্বকে ধৰি বিভিন্ন কাৰণত পাকিস্তানলৈ যাব নোৱাৰি ভাৰতবৰ্ষত থাকি গ’ল। মাদ্ৰাছ, উত্তৰপ্ৰদেশ, বিহাৰ, আজিৰ পশ্চিমবংগত হাজাৰ হাজাৰ মুছলমানে ১৯৪৬ চনত অনুষ্ঠিত নিৰ্বাচনত মুছলিম লীগক এইবাবেই ভোট দি কংগ্্ৰেছক প্ৰত্যাখান কৰিছিল যে লীগে ধৰ্মৰ ভিত্তিত পাকিস্তান গঠনৰ দাবী কৰিছিল। তেওঁলোক সকলোৱে দেশ এৰি পাকিস্তানলৈ নগ’ল। এতিয়া সেই লোকসকলৰ বাবে ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ হ’ব লাগে নেকি? ভাৰত কিয় হিন্দু ৰাষ্ট্ৰ হ’ব নোৱাৰে? আজি ভাৰতক লৈ হিন্দু ৰাষ্ট্ৰ সপোন দেখা লোকক একাংশই দেশদ্ৰোহী, দেশৰ শত্ৰু আখ্যা দিব খোজে। ভাৰত হিন্দু ৰাষ্ট্ৰ হ’লেই যেন তেওঁলোকৰ ভোটবেংকৰ বাসিন্দাসকল অস্তিত্বৰ সংকটত পৰিব। ধৰ্মীয় অধিকাৰ হেৰুৱাই পেলাব। সকলোকে বলপূৰ্বক হিন্দুলৈ ধৰ্মান্তিৰত কৰা হ’ব। সনাতনী হিন্দু ধৰ্মৰ ইতিহাসত আজিলৈকে আন ধৰ্মৰ লোকক বলপূৰ্বক হিন্দু ধৰ্মলৈ ধৰ্মন্তৰিত কৰাৰ নজিৰ নাই। সনাতনী হিন্দু ধৰ্মৰ এইটো চৰিত্ৰয়েই নহয়। ইয়াৰ বিপৰীতে ইছলামিক বা খ্ৰীষ্টান ৰাষ্ট্ৰত ধৰ্মীয় সংখ্যালঘু লোকৰ ওপৰত নিৰ্যাতন চলাটোক একপ্ৰকাৰ প্ৰাত্যহিক ঘটনা বুলি ক’ব পাৰি। দূৰলৈ যাব নালাগে, পাকিস্তান, আফগানিস্তান, বাংলাদেশত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত কিদৰে নিৰ্যাতন চলে, সেইটো প্ৰতিজন ভাৰতীয়ই জানে।

আজিৰ বিশ্বত ৫৩খন ইছলামিক ৰাষ্ট্ৰ আছে। তদুপৰি বিশ্বত ১৫খন ৰাষ্ট্ৰ এশ শতাংশ খ্ৰীষ্টানৰ। তাত খ্ৰীষ্টান ৰাষ্ট্ৰীয় ঘৰ্ম। দেশকেইখনৰ মাজত ইংলেণ্ড, গ্ৰীচ, আয়াৰলেণ্ড, নৰৱে’, হাংগেৰী, ডেনমাৰ্ক আদি আছে। এইখন বিশ্বতে ছখন বৌদ্ধ ৰাষ্ট্ৰও আছে। ইজৰাইল এখন ইহুদি ৰাষ্ট্ৰ। কিন্তু ইয়াক লৈ কংগ্ৰেছ, বাওঁপন্থী আদিৰ কোনো আপত্তি নাই। কিন্তু যেতিয়া ভাৰতক হিন্দু ৰাষ্ট্ৰ ৰূপে কোনোৱে কল্পনা কৰে, মনৰ কথা বা পৰিকল্পনা ব্যক্ত কৰে, তেওঁলোকৰ গাত খজুৱটি উঠে।


ভাৰত হিন্দু ৰাষ্ট্ৰ হ’লে ধৰ্মীয় সংখ্যালঘুৱে অধিকাৰ হেৰুৱাব নেকি? এইটো মানুহক বিভ্ৰান্ত কৰাৰ অপচেষ্টাহে মাথোঁ। মোগল বা ইংৰাজসকল অহাৰ পূৰ্বেও ভাৰতৰ ইতিহাস াছে। এটা দীঘলীয়া আছে। এই ইতিহাস ৫ হাজাৰ বছৰতকৈও পুৰণি। ইতিহাসৰ এই দীঘলীয়া সময়ছোৱাত ভাৰতে প্ৰথমে কাকো আক্ৰমণ কৰাৰ নজিৰ নাই। ইয়াত সেই সময়ত সভ্যতাৰ বিকাশ আৰু সভ্যতাক সমৃদ্ধ কৰাৰ আৰাধনা চলিছিল। জ্ঞানৰ সাধনা চলিছিল। কিয়নো এই ভূ-খণ্ডৰ বাসিন্দাসকল সনাতনী হিন্দু। মহেঞ্জোদাৰো, হৰপ্পা, নালন্দাত জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাৰ যি সংস্কৃতি আছিল, সেই সময়ত বিশ্বৰ আন আন অঞ্চল অজ্ঞানতাৰ আন্ধাৰত শুই আছিল। অৰ্থাৎ সনাতনী হিন্দু সভ্যতা-সংস্কৃতিয়ে ভাৰতক এটা সমৃদ্ধিশালী ভেটি দিছে। তাৰ ভেটিতেই ভাৰতক হিন্দু ৰাষ্ট্ৰ ৰূপে কল্পনা কৰিব পাৰি। ইয়াক বাস্তৱায়িত কৰাৰ কথা ভাবিব পাৰি। মতলববাজ ৰাজনৈতিক দল তথা তথাকথিত উদাৰবাদীয়ে এইবোৰ কথা মানুহৰ মাজলৈ আহিব নিদিয়ে। কথাটো তেনেই সৰল, সান্দহ খোৱা বাটি তল যাব।

11 views0 comments