অসমৰ নখন জিলাত ইছলাম সংখ্যাগৰিষ্ঠৰ ধৰ্ম : পৰৱৰ্তী লোকপিয়লত কি হ’ব?




২০২১ চন যাবৰ হ’ল। লোকপিয়ল এটাৰ বাবে দেশখন সাজু হ’বৰ হ’ল। ভাৰতবৰ্ষত প্ৰতি ১০ বছৰত লোকপিয়ল হয়। ইয়াৰ জৰিয়তে দেশখনৰ জনসংখ্যা গণনা কৰা হয়। এই পৰিসংখ্যাত ধৰ্মৰ ভিত্তিতো জনগণনা হয়। পৰৱৰ্তী লোকপিয়লে অসমলৈ কেনে ছবি এখন কঢ়িয়াই আনিব পাৰে, পূৰ্বৰ লোকপিয়লৰ তথ্যৰ আধাৰত বিশ্লেষণ কৰি চালেই বুজিব পাৰি।

২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি, তাৰে পূৰ্বৰ লোকপিয়ল অৰ্থাৎ ২০০১ চনৰ পৰা ২০১১ চনলৈ দহ বছৰৰ ভিতৰত দেশত গড়ে জনসংখ্যা বৃদ্ধি হৈছে ১৮ শতাংশ। ইছলাম ধর্মী লোকৰ জনসংখ্যা এই দহ বছৰত ২৪ শতাংশ বৃদ্ধি পাইছে৷ সময়ছোৱাত অধিক হাৰত মুছলমান লোক বৃদ্ধি হোৱা ৰাজ্যবোৰৰ ভিতৰত অসম ৩.৩ শতাংশ (৩০.৯ শতাংশৰ পৰা ৩৪.২ শতাংশ), দ্বিতীয় উত্তৰাঞ্চল ২ শতাংশ (১১.৯ শতাংশৰ পৰা ১৩.৯ শতাংশ), তৃতীয় কেৰালা ১.৯ শতাংশ (২৪.৭ৰ পৰা ২৬.৬), চতুর্থ পশ্চিমবংগ ১.৮ শতাংশ (২৫.২ৰ পৰা ২৭), পঞ্চম গোৱা ১.৬ শতাংশ (৬.৮ৰ পৰা ৮.৪), ষষ্ঠ জম্মু আৰু কাশ্মীৰ ১.৩ শতাংশ (৬৭ৰ পৰা ৬৮.৩), সপ্তম হাৰিয়ানা (১.২ শতাংশ, (৫.৮ৰ পৰা ৭), অষ্টম দিল্লী ১.১ শতাংশ (১১.৭ৰ পৰা ১২.৯৷ মণিপুৰত ০.৪ শতাংশ মুছলমান লোকৰ সংখ্যা হ্রাস পাইছে৷

এতিয়া যদি অসমৰ প্ৰেক্ষাপটলৈ চোৱা হওক। ২০১১ চনৰ লোকপিয়লৰ প্রতিবেদন অনুসৰি অসমৰ মুঠ জনসংখ্যা ৩ কোটি ১১ লাখ ৬৯ হাজাৰ ২৭২জন৷ ১৯৫১ চনৰ প্রথম লোকপিয়লৰ তুলনাত বিগত ছটা দশকত ৰাজ্যখনত ২ কোটি ৩২ লাখ জনসংখ্যা বৃদ্ধি পাইছে৷ এই ছটা দশকত বৃদ্ধি পোৱা ২ কোটি ৩২ লাখ লোকক ধর্মৰ ভিত্তিত বিশ্লেষণ কৰিলে অসমৰ ভৱিষ্যৎ কিমান ভয়াৱহ, তাক বুজিব পৰা যায়। ২০১১ চনৰ পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ ৩৪.২২ শতাংশ লোক হ’ল মুছলমান৷

মন কৰিবলগীয়া কথাটো হৈছে– অসমত মুছলমান জনসংখ্যা বৃদ্ধিৰ হাৰ সর্বভাৰতীয় হাৰতকৈ কেইবাগুণো বেছি৷ ২০১১ চনৰ পিয়লৰ তথ্য মতে, দেশৰ মুঠ জনসংখ্যাৰ ১৪.২৩ শতাংশ লোকহ মুছলমান৷ কিন্তু অসমত এই সংখ্যা হাৰ ৩৪.২২ শতাংশ। অর্থাৎ সর্বভাৰতীয় হাৰতকৈ অসমত ২০ শতাংশ অধিক হাৰত মুছলমান জনসংখ্যা বৃদ্ধি পাইছে৷ ১৯৭১ চনৰ পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ ২৪.৬ শতাংশ লোক মুছলমান আছিল৷ ২০১১ চনত ই হয়গৈ ৩৪.২২ শতাংশ৷ অর্থাৎ চাৰিটা দশকত অসম ৭.৬২ শতাংশ হাৰত মুছলমান জনসংখ্যা বৃদ্ধি পাইছে৷ এই পৰিসংখ্যাই প্রমাণ কৰিছে যে ১৯৭১ চনৰ পাছতো অসমলৈ অনুপ্রৱেশ ঘটিয়েই আছে আৰু অনুপ্রৱেশকাৰীসকলে বংশবিস্তাৰৰ প্রৱণতা অব্যাহত ৰাখিছে৷ অন্যহাতে, পৰিসংখ্যালৈ লক্ষ্য কৰিলে দেখা যায় যে ১৯৯১ চনৰ পাছৰ পৰাহে ৰাজ্যৰ দ্রুত হাৰত জনসংখ্যা বৃদ্ধি পাইছে৷ ২০০১ চনৰ পিয়লৰ সময়লৈকে অসমৰ ২৭খন জিলাৰ ভিতৰত ৬খন মুছলমান সংখ্যাগৰিষ্ঠ জিলা আছিল৷ কিন্তু ২০১১ চনৰ পিয়লত এই সংখ্যা ৯খনলৈ বৃদ্ধি পায়৷ এই ৯খন জিলাৰ জনসংখ্যাৰ অনুপাতলৈ লক্ষ্য কৰিলে স্পষ্ট হ’ব যে অনুপ্রৱেশে কেনেদৰে জনগাঁথনিৰ পৰিৱর্তন ঘটাইছে৷ ধুবুৰী জিলাৰ মুঠ জনসংখ্যাৰ শতকৰা ৭৯.৬৭ শতাংশ মুছলমান৷ হাইলাকান্দিৰ মুঠ জনসংখ্যাৰ ৬০.৩১ শতাংশ মুছলমান৷ অসমৰ ইতিমধ্যে ১১খন জিলাত মুছলমান জনসংখ্যা ভয়ংকৰভাৱে বৃদ্ধি পাইছে৷ জিলাকেইখন হ’ল– ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, কামৰূপ, দৰং, হাইলাকান্দি, নলবাৰী, কৰিমগঞ্জ, নগাঁও আৰু মৰিগাঁও৷

অলপ অতীতলৈ উভতি যাওঁ। গোৱালপাৰা জিলাত ১৯৭১ চনৰ পিয়ল অনুসৰি মুঠ জনসংখ্যাৰ ৪১.৫ শতাংশ লোক মুছলমান আছিল। ২০১১ চনত ই ৫৭.৬২ শতাংশলৈ বৃদ্ধি পায়৷ একেদৰে ১৯৭১ চনৰ ২৭.৮ শতাংশ মুছলমান লোক থকা বঙাইগাঁও জিলাত ২০১১ চনত ৫০.২২ শতাংশ মুছলমানৰ বসতি হয়৷ বৰপেটা জিলাত ১৯৭১ চনৰ মুছলমান লোক ৪৮.৬ শতাংশৰ পৰা ২০১১ চনত হ’লগৈ ৭০.৭৪ শতাংশ হয়৷ কামৰূপ জিলাত ১৯৭১ চনত মুঠ জনসংখ্যাৰ মাত্র ২০.৫ শতাংশ লোক মুছলমান আছিল। ২০১১ চনত হয়গৈ ৩৯.৬৬ শতাংশ৷ নলবাৰীত ১৫.৪ শতাংশৰ পৰা বৃদ্ধি পাই ৩৫.৯৬ শতাংশ নগাঁও জিলাত ৩৯.২ শতাংশৰ পৰা ৫৫.৩৬ শতাংশলৈ বৃদ্ধি পায়। দৰং জিলাত ১৯৭১ চনৰ পিয়ল অনুসৰি মুঠ জনসংখ্যাৰ মাত্র ২৩.৯ শতাংশ লোক মুছলমান আছিল৷ কিন্তু ২০১১ চনৰ পিয়লত এই পৰিমাণ বৃদ্ধি পাই হয়গৈ ৬৪.৩৪ শতাংশ৷ ২০ বছৰৰ ভিতৰত জিলাখনত ৩২ শতাংশ মুছলমান বৃদ্ধি পাইছে৷

এই পৰিসংখ্যাৰ পৰা এটা কথা বুজাত অকণো অসুবিধা নহয় যে অসমত মুছলমান জনসংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে৷ ইয়াৰ ফলাফলো অসমবাসীয়ে দেখিবলৈ পাইছে। মিঞা কবিতা, মিঞা মিউজিয়াম, জাতীয় শ্বহীদক মুকলিকৈ অপমান কৰা লোক এচাম ওলাইছে। ইছলামিক মৌলবাদী, সন্ত্ৰাসবাদীৰ তৎপৰতা বাঢ়িছে। অসমৰ ভূমিৰ ওপৰত চাপ বাঢ়িছে। খিলঞ্জীয়া লোকৰ বাবে কৃষিভূমিৰ অভাৱ হোৱা দেখিবলৈ পোৱা গৈছে। ৰাজ্যখনৰ খিলঞ্জীয়া লোকৰ হাতৰ পৰা ৰাজনৈতিক ক্ষমতা ওলাই যোৱাৰ দিশে গতি কৰিছে। অসমৰ ৯খন জিলাত ইছলাম এতিয়া সংখ্যাগৰিষ্ঠৰ ধৰ্ম। ২০২১ চনৰ লোকপিয়লে প্ৰতিচ্ছবিখন আৰু ভয়াৱহ কৰি তোলাৰ সম্ভাৱনা আছে। জনস্খ্যা বৃদ্ধিৰ গ্ৰাফডাল উপৰমুৱা হৈয়েই আছে।

3 views0 comments