দিপাৱলীত চাকি জ্বলাই ইছলাম ধৰ্মাৱলম্বী সাংবাদিকৰ টুইট : অন্য ইছলামীয় লোকৰ তিৰস্কাৰ



দিপাৱলীৰ দিনা ইছলাম ধৰ্মাৱলম্বী সাংবাদিক জেইনাব সিকন্দৰে টুইটাৰত লিখিছিল যে "মুছলমানে সদায় দিপাৱলী উদযাপন কৰি আহিছে । শুভ দিপাৱলী ।" কিন্তু আমোদজনকভাৱে সাংবাদিকগৰাকীৰ নিজৰ ধৰ্মৰ কিছুলোকে এতিয়া সেই টুইটটো তথা সাংবাদিকগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে । তেওঁলোকে সাংবাদিকগৰাকীক ককৰ্থনা কৰাৰ লগতে অন্য ধৰ্মৰ উৎসৱ উদযাপন কৰাটো ইছলামত নিষেধ বুলি উল্লেখ কৰিছে । সিকন্দৰক তিৰস্কাৰ কৰি এজনে স্পষ্টকৈ লিখিছে যে চাকি জ্বলোৱাটো মুছলিম সমাজৰ উপস্থাপন নহয় আৰু তেওঁলোকে কাকো একো প্ৰমাণ কৰাৰ দৰকাৰ নাই । অন্য এজনে কয় যে দিপাৱলী ইছলামত নিষিদ্ধ আৰু অন্য ধৰ্মৰ চৰিত্ৰ তথা উৎসৱ পালন কৰাটোও নিষিদ্ধ । তেওঁ কয় যে ঈশ্বৰে সাংবাদিকগৰাকীক সুমতি দিয়ক আৰু মংগল কৰক । অন্য এজন লোকৰ মতে সাংবাদিকগৰাকীক দোষ দি লাভ নাই, আচলতে বহু মুছলিম লোকে ফটকা আদি ফুটায় । তেওঁ কয় যে বহুলোকে ইয়াক পাপ বুলি গণ্য নকৰে । এয়া তেওঁলোকে ধৰ্মীয় উৎসৱ হিচাপে নহয়, সাংস্কৃতিক উৎসৱ হিচাপে উদযাপন কৰে যিটো কথাও আচলতে অশুদ্ধ বুলিও লোকজনে উল্লেখ কৰে ।




27 views0 comments