বিদ্যালয় বোৰত NAS চাৰ্ভে ৰ কাৰনে উচিত সময় এইখিনি হয়নে ?



কালিলৈ ৰ পৰা অৰ্থাৎ ১২ নবেম্বৰৰ পৰা প্ৰায়বোৰ বিদ্যালয় ত আৰম্ভ হ'ব নেচনেল এচিভমেন্ট চাৰ্ভে ২০২১। মাহ ৰ পিছত মাহ বিদ্যালয় বোৰ বন্ধ থকাৰ পিছত অক্টোবৰ মাহত অসমৰ বিদ্যালয় বোৰ খুলিয়েই শিক্ষা বিভাগে উঠি পৰি লাগিছে ছাত্ৰ ছাত্ৰী ৰ দক্ষতা নিৰূপণ কৰিবলৈ । পিছে প্ৰশ্ন হয় এই সময় জানো সঠিক সময় ? নে একমাত্ৰ কেন্দ্ৰীয় চৰকাৰৰ ছাৰ্ভে কাৰনে উঠি পৰি লাগিছে ৰাজ্য চৰকাৰ ! যিটো সময়ত কভিড ৰ কাৰনে সকলো থানবান হৈ গৈছে , ছাত্ৰ ছাত্ৰী ৰ বৌদ্ধিক বিকাশত অত্যন্ত ভয়লগা প্ৰভাৱ পেলাইছে , সেই সময়ত এই ছাৰ্ভে য়ে বিদ্যালয়ৰ নগ্ন ৰূপ উন্মুক্ত নকৰিব নে ? অধ্যয়নবোৰৰ মতে ৩২ কোটি শিশুক মহামাৰীয়ে শিক্ষাৰ পৰা বঞ্চিত কৰিছে ।অনলাইন শিক্ষা ই চৰকাৰী বিদ্যালয় ত কিমান প্ৰযোজ্য হৈছে সেই কথা বহলাই নকলেও হব কিন্তু এই সকলোবোৰ কথাক আওকাণ কৰি শিক্ষা বিভাগ ব্যস্ত দক্ষতা নিৰূপণ কৰিবলৈ ! এন এ এছ ২০২১-য়ে গোটেই দেশতে চৰকাৰী, চৰকাৰৰ দ্বাৰা সহায়তাপ্ৰাপ্ত সকলো বিদ্যালয় ক সামৰি লব । চার্ভেৰ সুচাৰু আৰু পক্ষহীন সঞ্চালনৰ বাবে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ১,৮২,৪৮৮ জন ফিল্ড অন্বেষক, ১,২৩,৭২৯ জন পৰ্যবেক্ষক আৰু ৭৩৩ জন জিলা পৰ্যায়ৰ সমন্বয়ক আৰু জিলা ন'ডল অধিকাৰীৰ উপৰিও প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলত ৩৬ জনকৈ ন'ডল অধিকাৰীক নিয়োগ কৰা হৈছে । এন এ এছৰ সঞ্চালনৰ বাবে চিবিএছইৰ অধ্যক্ষৰ অধ্যক্ষতাত এখন ৰাষ্ট্ৰীয় সঞ্চালন সমিতিৰ গঠন কৰা হৈছে । ইয়াৰ সুচাৰু সঞ্চালনৰ বাবে বিভিন্ন মুখ্য পদাধিকাৰীসকলৰ সৈতে সমন্বয় ৰাখিবলৈ nas.education.gov.in- নামৰ এক পৰ্টেল ও খোলা হৈছে ।

52 views0 comments