ঘূর্ণীবতাহৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অপাৰগ নেকি ভাৰত চৰকাৰ ?







ঘূর্ণী বতাহ জাৱাদক লৈ সতৰ্ক হৈ পৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ । ঘূৰ্ণীবতাহ জাৱাদ পুৰী উপকূলত উপস্থিত হোৱাৰ লগে লগে এক উদ্বেগজনক বিষয়লৈ পৰিণত হ'ব বুলি ইতিমধ্যে জানিবলৈ দিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে । ৰাজ্য চৰকাৰসমূহে, বিশেষকৈ উৰিষ্যা আৰু অন্ধ্ৰ প্ৰদেশে, আৰম্ভণিতে জাৱাদে সৃষ্টি কৰা বিপদাশংকাৰ বাবে তেওঁলোকৰ প্ৰয়োজনীয় ব্যৱস্থাসমূহৰ বাবে তৎপৰ হৈ পৰিছে ।ঘূৰ্ণীবতাহ ব্যৱস্থাপনাৰ প্ৰতি ভাৰতৰ সচৰাচৰ দৃষ্টিভংগীৰ দুটা গুৰুত্বপূৰ্ণ বিষয়ৰ প্ৰথমটো হ'ল মুঠ স্থানান্তৰিত সংখ্যাৰ ওপৰত অত্যাধিক গুৰুত্ব দিয়া, বিশেষকৈ উৰিষ্যাৰ দৰে ৰাজ্যত। দ্বিতীয়টো হৈছে স্থানান্তৰৰ বাহিৰে আন দিশবোৰৰ ওপৰত গুৰুত্ব প্ৰদান নকৰা। যেনে শস্যৰ ক্ষতি হ্ৰাস কৰাৰ ব্যৱস্থা, দ্ৰুত শস্য চপোৱাৰ বাবে সহায়, পৰ্যাপ্ত সকাহ আৰু ঘূৰ্ণীবতাহৰ পিছত সহায় কৰা যেনে ক্ষতিগ্ৰস্তৰ ঘৰ আদি সময়মতে মেৰামতি কৰা আদিৰ ওপৰত গুৰুত্ব নিদিয়া । শেহতীয়াকৈ হৈ যোৱা ঘূৰ্ণীবতাহ যেনে ফেলিন,ফণী আদিৰ সময়ত দ্ৰুত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে উৰিষ্যাই লাভ কৰিছে বিশ্বব্যাপী স্বীকৃতি। চুপাৰ চাইক্লোনৰ পিছতো ৰাজ্য চৰকাৰে বৃহৎ স্থানান্তৰ অভিযান আৰম্ভ কৰিছিল। ফেলিন আৰু ফণী ঘূৰ্ণীবতাহৰ বাবে ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা এক মিলিয়নতকৈও অধিক লোকক স্থানান্তৰ কৰাৰ দাবী কৰিছিল। অধিক লোকৰ মৃত্যুৰ পৰা ৰক্ষা পৰাৰ প্ৰাথমিক কাৰণ হিচাপে স্থানান্তৰ কৰাটো বিবেচনা কৰা হৈছিল। ঘূৰ্ণীবতাহত ধ্বংসৰ মুখ্য কাৰণ হৈছে ধুমুহাৰ প্ৰকোপৰ পৰিমাণ, যাৰ ফলত ঘূৰ্ণীবতাহৰ তীব্ৰতা, উচ্চ জোৱাৰ আৰু ভূ-গঠনৰ দৰে কেইবাটাও কাৰকৰ ফল। যি অঞ্চলত সৰ্বাধিক ধুমুহাৰ সম্ভাৱনা আছে, সেই স্থানৰ পৰা আৱাসীসকলক আঁতৰাই সম্পূৰ্ণৰূপে সুৰক্ষিত কৰিব লাগে। অৱশ্যে নিম্ন গাঁথনি বা অৰ্ধ-কংক্ৰিটৰ ঘৰত বাস কৰা লোকসকলকহে স্থানান্তৰ কৰা হয় । আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ দৰে বহুতো উন্নত দেশেও আটাইতকৈ দুৰ্বল অঞ্চলটো চিনাক্ত কৰে আৰু জৰুৰীকালীন বিষয়াসকলৰ বাহিৰে সেই অঞ্চলটোত আন কাকো প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহয়। দ্বিতীয় বিষয়টো হ'ল স্থানান্তৰৰ বাহিৰে অন্য কাৰ্যবোৰত অতি কম মনোযোগ দিয়া। উদাহৰণ স্বৰূপে, ঘূৰ্ণীবতাহ জাৱাদ এনে এটা সময়ত আহিছে যে এই সময়চোৱাত অধিকাংশই শস্য চপাবৰ বাবে সাজু হৈছে। এই ঘূৰ্ণীবতাহৰ কাৰণেই ইতিমধ্যে বহুতে সময়তকৈ আগতেই শস্য চপাইছে বুলি জানিব পৰা গৈছে ।


এনে ক্ষেত্ৰত চৰকাৰে কি নিৰ্দিষ্ট সহায় প্ৰদান কৰিব? বা চৰকাৰে যান্ত্ৰিক শস্য চপোৱা প্ৰক্ৰিয়া আৰু জৰুৰী কালীন অৱস্থাত সেই যন্ত্ৰসমূহ উপলব্ধ কৰোৱাৰ কথা ভাবেনে ? অথবা প্ৰতিকূল বতৰৰ পৰিস্থিতিত কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী কেনেদৰে সুৰক্ষিত কৰে? একেদৰে, বিতৰণ কৰা সাহায্যৰ মানদণ্ড আৰু পৰিমাণৰ ওপৰতো খুব কম আলোচনা হৈছে। ২০১৯ চনৰ মে মাহত ঘূৰ্ণীবতাহ ফণীয়ে পুৰী জিলাত বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি কৰিছিল য'ত দীঘলীয়া সময়ৰ বাবে বিদ্যুৎ যোগান ব্যাহত হৈ আছিল।

গৃহ পুনৰ নিৰ্মাণৰ বাবে যোগ্য লোকসকলক যি গতিত বিত্তীয় সাহায্য বিতৰণ কৰা হয় সেয়া সদায়ে এক লেহেমীয়া প্ৰক্ৰিয়াত হৈ আহিছে । এনে সকলোবোৰ দিশ অতি গুৰুত্বপূৰ্ণ আৰু এইসমূহৰ প্ৰতিও মনোযোগ দিয়াৰ অতিকৈ প্ৰয়োজন। এই সমূহ বিষয় বিশ্লেষণ কৰিছে মানৱবিজ্ঞান আৰু সামাজিক বিজ্ঞান বিভাগ, বিআইটিএছ পিলানি, হায়দৰাবাদৰ সৈতে কাম কৰা বিশ্বনাথ দাসে ।নিশ্বয়কৈ কথাবোৰ চিন্তনীয় , সময় থাকোতেই আগতীয়া পৰিকল্পনা নকৰিলে , ঘূৰ্ণী বতাহ অহাৰ পিছত হাহাকাৰ কৰি লাভ নাই ।

4 views0 comments