শিক্ষাৰ্থীয়ে হিজাবৰ সমৰ্থনত ইমান উত্ৰাৱল হোৱাটো যুক্তিপূৰ্ণনে




হিজাব পিন্ধি শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ পাঠগ্ৰহণক লৈ কৰ্ণাটকত উদ্ভৱ হোৱা পৰিস্থিতি এতিয়া দেশজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে। অকল ভাৰততে নহয়, পাকিস্তানেও বিষয়টোত মূল সোমাই প্ৰতিৱেশী ৰাষ্ট্ৰখনৰ নাগৰিকৰ মনত হিন্দুবিৰোধী ভাবধাৰাক অধিক শক্তিদানৰ অপচেষ্টাও চলাইছে। ভাৰতত ইয়াক বিভিন্ন ধৰণে ব্যাখ্যা দিয়া হৈছে। কোনো কোনোৱে নাগৰিকৰ মৌলিক অধিকাৰৰ সৈতে ইয়াক সনা-পোটোকা কৰি বিজেপিক আক্ৰমণৰ লক্ষ্য হিচাপে লৈছে।


কিন্তু প্ৰশ্নটো হৈছে, হিজাবক লৈ আন্দোলন বা যুঁজ এখনৰ প্ৰয়োজন সঁচাকৈ আছেনে? মোল্লাৰ ইছলামত মহিলা ইমান স্বাধীননে? মহিলাক আৱৰণেৰে ঢাকি ৰাখিব খোজা ব্যৱস্থা এটাক ইয়াৰ জৰিয়তে উদগনি দিয়া নহ’বনে? আজি হিজাবক লৈ যিসকল ছাত্ৰী ৰাজপথলৈ ওলাই আহিছে, কাইলৈ সেইসকলৰ ওপৰত তালিবানী ব্যৱস্থা জাপি দিয়া, তেন্তে ইয়াৰ বাবে আজিৰ আন্দোলনটো দোষী নহ’বনে?


আজি যি পৰ্দা প্ৰথাক এটা বিশেষ ধৰ্মৰ পৰিচয় বুলি প্ৰতিষ্ঠা কৰি ধৰ্মীয় অধিকাৰ হনন অভিযোগ তোলা হৈছে, সেই একেই হিজাবক কিন্তু বি্শ্বৰ বহু ইছলামিক দেশে নিষিদ্ধ কৰি থৈছে। কছোভোত ২০০৯ চনৰ পৰা, আজাৰবাইজানত ২০১০ চনৰ পৰা, টিউনিছিয়াত ১৯৮১ চনৰ পৰা বিদ্যালয়-বিশ্ববিদ্যালয় আৰু চৰকাৰী কাৰ্যালয়ত হিজাব নিষিদ্ধ। তুৰস্কতো লাহে লাহে হিজাব প্ৰথা তুলি দিয়া হৈছে। ছিৰিয়া আৰু

মিছৰত ক্ৰমে ২০১০ চনৰ জুলাই আৰু ২০১৫ চনৰ পৰা বিশ্ববিদ্যালয়ত এনে প্ৰথা নিষিদ্ধ কৰা হৈছে। ইণ্ডেনেছিয়া, ব্ৰুনেই, মৰক্কো, মালদ্বীপ, ছোমালিয়াৰ দৰে ৰাষ্ট্ৰত হিজাব বাধ্যতামূলক নহয়। তেনে ক্ষেত্ৰত ভাৰতত এচামে হিজাবক লৈ উত্ৰাৱল হোৱাটো নিজৰ স্বাধীনতাৰ বাবেই কৱৰ খন্দাৰ দৰে নহ’বনে? এইখন দেশত সকলো ধৰ্মাৱলম্বীয়ে সমান স্বাধীনতা লাভ কৰি আহিছে। সংবিধানে কাকো হেয় বা হীন দৃষ্টিৰে চাবলৈ অনুমতি দিয়া নাই। কিন্তু নাৰীৰ স্বাধীনতাৰ বাবে যিবোৰ ব্যৱস্থা অশুভ বা নাৰী সবলীকৰণত হেঙাৰৰ সৃষ্টি কৰে, সেইবোৰক সামাজিকভাৱে আঁতৰ কৰাৰ দায়িত্ব দেশৰ নাগৰিকে গ্ৰহণ কৰিব লাগিব। ইয়াত ধৰ্মবিশেষৰ কথা নাহে। হিন্দু ধৰ্মাৱলম্বীয়ে সতীদাহ প্ৰথা কেতিয়াবাই এৰিলে। ইয়াৰ কাৰণ কাকো বুজাই ক’ব নালাগে।



ধৰ্ম যিয়েই নহওংক, ইয়াৰ উদ্দেশ্য, লক্ষ্য আৰু অৰ্থ এটাই-মানুহৰ কল্যাণ। এইখন জগতৰ কল্যাণ। ইয়াত যদি কোনো পৰম্পৰা বা ব্যৱস্থাই বাধাৰ সৃষ্টি কৰে, তাৰ বিৰুদ্ধে মাত মতা উচিত। আজি সমগ্ৰ বিশ্বই ইছলামৰ এটা বিকট ৰূপ প্ৰত্যক্ষ কৰি আছে। আফগানিস্তানত নাৰীৰ অধিকাৰক কিদৰে পদদলিত কৰি ৰখা হৈছে বা হৈ আছে, তাক সমগ্ৰ বিশ্বই দেখি আছে। সেই সকলোবোৰ ধৰ্মৰ নাম লৈয়েই কৰা হৈ আছে। তেওঁলোকৰ ইছলামক ইছলাম সমাজখনৰ পৰাই নাকচ কৰা হৈছে। ভাৰততো তেনে ধৰণৰ তালিবানী চিন্তাৰ ধাৰক-বাহক লোকৰ সংখ্যা কম নহয়। তেওঁলোকে পাৰিলে আজিয়েই ভাৰতবৰ্ষত তালিবানী শাসন ব্যৱস্থা বলৱৎ কৰিব বিচাৰে। তেওঁলোকৰ মনত নাৰীৰ প্ৰতি সামান্যতমো সহমৰ্মিতা নাই। নাই ন্যূনতম শ্ৰদ্ধা। তেনে লোকে হিজাব বিতৰ্কক আৰু ওপৰলৈ তুলি লৈ যাব। কিন্তু ইয়াৰ পৰা দেশখনৰ কি লাভ হ’ব? নাৰীক ভৰিৰ তলত ৰাখিবলৈ সেই তালিবানী চিন্তাৰ লোকসকলে এখন মঞ্চ বিচাৰিহে পাব।

4 views0 comments