জোৱাদ আহিছে, জোৱাদ




জোৱাদ আহিছে। জোৱাদ। সমুদ্ৰৰ ভূ-ভাগলৈ আতংক াৰু ধ্বংসলীলাৰ এটা নতুন নাম লৈ আহিছে। জোৱাদ আচলতে এটা সামুদ্ৰিক ধুমহাৰ নাম। বংগোপ সাগৰত সৃষ্টি হোৱা প্ৰচণ্ড নিম্নচাপসৃষ্ট ঘূৰ্ণি বতাহৰ নাম জোৱাদ। শনিবাৰ অৰ্থাৎ আজি সামুদ্রিক ঘূর্ণি বতাহজাকে অন্ধ্রপ্রদেশৰ উপকূলীয়া অঞ্চলত আঘাত কৰিছে। ইয়াৰ পাছতে ই ক্ৰমে ওড়িশা আৰু পশ্চিমবংগৰ দিশে গতি কৰিব।

বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধান মৃত্যুঞ্জয় মহাপাত্ৰই সংবাদ মাধ্যমক জনোৱা মতে, ঘূৰ্ণীবতাহজাকে দেওবাৰে দুপৰীয়া ওড়িশাৰ পুৰী জিলাৰ একেবাৰে ওচৰলৈ আহিব। সামুদ্ৰিক ধুমুহাজাকৰ বাবে শনিবাৰে আৰু দেওবাৰে পুৱা অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাত ধাৰাসাৰ বৰষুণ হ’ব। ই দেওবাৰেই বংগোপসাগৰলৈ ঘূৰি আহিব। সেই বাবে ইয়াৰ প্ৰভাৱ পশ্চিমবংগত পৰিব আৰু বংগৰ বিভিন্ন অঞ্চলত ধাৰাসাৰ বৰষুণ হ’ব পাৰে।

সাগৰীয় ধুমুহাজাক প্ৰতি ঘণ্টাত ১১০ কিলোমিটাৰ বেগত প্ৰবাহিত হ’ব। ইয়াৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে বিশাখাপট্টনম, শ্ৰীকাকুলম, পুৰী, গঞ্জাম, গজপতি, ভদ্ৰক, বালাচোৰ আৰু নয়াগড় জিলা। বতৰ বিজ্ঞান কেন্দ্ৰই সাগৰত মাছ মৰা, পৰ্যটক সোমবাৰলৈকে গভীৰ সাগৰলৈ নাযাবলৈ পৰামৰ্শ দিছে।

জোৱাদৰ পৰিপ্ৰেক্ষিত ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ৫ ডিচেম্বৰত অনুষ্ঠিতব্য ইউ জি চি-নেট পৰীক্ষা (ডিচেম্বৰ ২০২০আৰু জুন ২০২১) বাতিল কৰা হৈছে। ওড়়িশাৰ ১৪খন উপকূলীয় জিলাত সতৰ্কবাণী জাৰি কৰা হৈছে। ৰাজ্যখনে দক্ষিণ উপকূলত ২৬৬টা উদ্ধাৰকাৰী দল মোতায়েন কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ ভিতৰত আছে এনডিআৰএফ, ৰাজ্যিক অগ্নিনিৰ্বাপক বিভাগ আৰু ওড়িশা এছডিআৰএফ।

4 views0 comments