গুৱাহাটীত আৰক্ষীৰ গুলীত আহত ঝাড়খণ্ডৰ চিলনী চোৰ




অসমত ২৪ ঘণ্টাৰ ভিতৰত এনকাউণ্টাৰৰ দ্বিতীয়টো ঘটনা সংঘটিত হৈছে। প্ৰথমটো ঘটনাত বিশ্বনাথ আৰক্ষীৰ গুলীত এজন ড্ৰাগছ ব্যৱসায়ী আহত হৈছিল। ফকিৰ আলী নামৰ বৰবিহৰ ব্যৱসায়ীটোৰ ভৰিৰ ইপাৰ-সিপাৰ হৈ ওলাই গৈছিল আৰক্ষীৰ গুলী। দ্বিতীয়টো ঘটনা গুৱাহাটীৰ ৰাজপথত সংঘটিত হয়। আৰক্ষীয়ে চিলনী চোৰ এটালৈ লক্ষ্য কৰি গুলীচালনা কৰে। দিছপুৰ আৰক্ষীৰ গুলীত অমৰ গোৱালা নামৰ ঝাৰখণ্ডৰ চিলনী চোৰটো আহত হয়।

আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাইছিল গুলীবিদ্ধ ইৰাণী গ্রুপৰ সদস্যজন।জি এম চিৰ ধন লুট কৰি আৰক্ষীৰ জালত পৰিছিল গোৱালা।দিছপুৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল গোৱালাক।

উল্লেখ্য যে অমৰৰ দলটোৰ চাৰিওজন সদস্য ঝাৰখণ্ডৰ। দলটোৱে পুতলা পিষ্টল দেখুৱাই ৩ লাখ ৩৫হাজাৰ টকা লুট কৰিছিল। দলটোৰ বাকী সদস্যকেইজনে পলায়ন কৰিবলৈ সক্ষম হয় যদিও অমৰ গোৱালা আৰক্ষীৰ জালত পৰে।

5 views0 comments