জিন্না, ছাদুল্লা, Grow More Muslim, শিৱসাগৰেই অসম ইত্যাদি




পূব পাকিস্তান অথবা বৰ্তমানৰ বাংলাদেশৰ পৰা ভৌগলিকভাৱে অবিভক্ত নগাঁও বা উজনি অসমৰ দূৰত্ব যথেষ্ট। অবিভক্ত গোৱালপাৰা জিলাখন সীমান্ততে। কিন্তু ভাবিলে আচৰিত লাগে মধ্য আৰু উজনিৰ জিলাকেইখনলৈ পূৰ্ববংগীয় মুছলমানৰ আবিৰ্ভাৱ ঘটিল কিদৰে! বিশেষকৈ অবিভক্ত নগাঁও জিলাত পূৰ্ববংগীয় মুছলমান সংখ্যাধিক্য চিন্তাৰ বিষয়। দেশ স্বাধীন হোৱাৰ সময়ত মহম্মদ আলী জিন্নাক এবাৰ সোধা হৈছিল, আপুনি কাশ্মীৰ কিয় দখল কৰা নাই? সেই সময়ত জিন্না জুনাগড়, হায়দৰাবাদ আদিক লৈ ব্যস্ত হৈ আছিল। তেওঁ কৈছিল, কাশ্মীৰ মোৰ জেপত থকা এটা আপেলৰ দৰে। যেতিয়াই ইচ্ছা তেতিয়াই দখল কৰি ল’ব পাৰোঁ। মোক লাগে হায়দৰাবাদ, জুনাগড়। মোক লাগে ভাৰতৰ ভিতৰত আন ৩০খন পাকিস্তান। কাশ্মীৰ কি! ইয়াৰ সৈতে ভাৰতৰ পথ যোগাযোগো নাই। মূল পথটো ৰাৱালপিণ্ডিৰে সংযুক্ত। যেতিয়াই ইচ্ছা তেতিয়া কাশ্মীৰ ল’ব পাৰোঁ। জিন্নাৰ স্বপ্নৰ পাকিস্তানকেইখন ভাৰতত গঠনৰ বাবে অসমতো চলিছিল চক্ৰান্ত। অসমৰ ছন পৰা মাটিত হাজাৰে হাজাৰে পমুৱা মুছলমানক আনি বহুওৱা হৈছিল।


অসমলৈ চৰকাৰী চাকৰি, বেহা-বেপাৰ, কৃষিক্ষেত্ৰখনত কৰ্মসংস্থাপনৰ বাবে হাজাৰ হাজাৰ লোকৰ আমদানি গটিছিল ব্ৰিটিছৰ সময়ত। এই বাটটো মুকলি কৰিছিল গৌৰীসিংহ আৰু কেপ্টেইন ৱেলছৰ মাজত ১৯৭৩ চনত সম্পাদিত চুক্তিখনে। চুক্তিখনৰ জৰিয়তে বৃহত্তৰ বেংগল প্রভিঞ্চৰ ভিতৰুৱা আৰু দূৰণিবটীয়া অঞ্চললৈকে বেপাৰ-বণিজ কৰাৰ বাট মুকলি হয়। কিন্তু ব্ৰিটিছে অসম দখল নকৰালৈকে ই বিশেষ ফলপ্ৰসু হোৱা নাছিল। ব্ৰিটিছৰ দিনত অসমলৈ বিশেষকৈ বংগৰ চিলেট, ঢাকা, মৈমনসিং আৰু ৰংপুৰ জিলাৰ পৰা প্ৰব্ৰজনকাৰীৰ সোঁত ববলৈ ধৰে। ১৮৫৩ চন মানৰ পৰা পূর্ববংগীয় মূলৰ মুছলমানে অসমৰ চৰ-চাপৰি অঞ্চলত কৃষিকর্ম আৰম্ভ কৰে৷ ব্ৰিটিছসকল যিহেতু ঔপনিৱেশিক শাসক, তেওঁলোকে প্ৰতিটো কথাত নিজৰ স্বাৰ্থৰ কথাক আগস্থান দিছিল। ব্ৰিটিছে অসম দখল কৰা সময়ত ৰাজ্যখনৰ দুৰৱস্থা চৰম সীমাত আছিল। মানৰ ধাৰাবাহিক আক্ৰমণত বিধ্বস্তপ্ৰায় অসমত জনসংখ্যাও তুলনামূলকভাৱে কমি গৈছিল। অৰ্থনৈতিক দিশো আছিল তেনেই শোচনীয়। তেনে অৱস্থাত ভূ-খণ্ডটোৰ পৰা অৰ্থনৈতিকভাৱে লাভান্বিত হোৱাৰ লালসাত ব্ৰিটিছে আমদানিকৃত শ্ৰমিকেৰে উৎপাদনী কাৰ্য আৰম্ভ কৰাৰ নীতি হাতত লয়। ব্রিটিছে আমদানিকৃত বনুৱাৰ দ্বাৰা অসমৰ উন্মুক্ত উর্বৰ ভূমিত কৃষি কৰোৱাই নিজৰ জোলোঙাটো ভৰোৱাটোকে উত্তম বুলি ধৰি ল’লে।

মৈমনসিং জিলাৰ এজন উচচপদস্থ চৰকাৰী বিষয়া A. J. Moffatt Mills-ৰ পৰামর্শ আৰু অনুমোদনমর্মে ঘন জনবসতিপূর্ণ মৈমনসিং জিলাৰ পৰা বুজনসংখ্যক মুছলমান কৃষকক আনি কম জনবসতিপূর্ণ ব্রহ্মপুত্র উপত্যকাৰ কিছুমান অঞ্চলত কৃষিকার্যত নিয়োজিত আৰু পুনৰসংস্থাপন কৰা হ’ল৷ Colonisation Scheme বোলা প্রক্রিয়াটোৱে পূর্ববংগৰ মুছলমান বাবে অসমৰ ভূমি হস্তগত কৰাৰ সুবর্ণ সুযোগ দিলে। অসমলৈ দলে দলে পূর্ববংগীয় লোকৰ আগমন ঘটিল। তেওঁলোকৰ ৯০ শতাংশই মুছলমান৷


অসমত ১৯১১ চনৰ পৰা পূর্ববংগৰ প্রব্রজিত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে। ১৯৩১ চনৰ লোকপিয়লৰ অধীক্ষক C. S. Mullan-এ এই সন্দর্ভত লিখিছে, Where there is waste land, thither flock the Mymensinghias. তেওঁ প্রব্রজনৰ ধাৰাটোক Silent Invasion বুলি অভিহিত কৰি কৈছিল যে অতি কম সময়ৰ ভিতৰতে কাষৰীয়া পূর্ববংগৰ পৰা অহা ৫ লক্ষাধিক লোকে অসমত প্রৱেশ কৰি কৃষিকার্যত জড়িত হৈ পৰে। অৱশ্যে পূৰ্ববংগৰ পৰা অহা প্ৰব্ৰজনকাৰীসকলে দখল কৰা মাটিত অসমৰ খিলঞ্জীয়া লোকে খেতি কৰা নাছিল। সেইবোৰলৈ মূৰ তুলিয়েই চোৱা নাছিল। একপ্ৰকাৰ পৰিত্যক্ত হৈ আছিল। অসমীয়াৰ কি দুৰ্ভাগ্য, সেইবোৰ মাটিতে প্ৰথমে খোপনি পুতি পাছলৈ গোটেই ৰাজ্যখনকে গ্ৰাস কৰাৰ চক্ৰান্ত সেই ভেটিটোতেই ৰচিত হয়। ১৯১১-১৯২১ বৰ্ষৰ কালছোৱাত গোৱালপাৰা, নগাঁও, দৰং আৰু কামৰূপ জিলাৰ মুঠ জনসংখ্যাৰ এটা বৃহৎ অংশ প্রব্রজিত পূর্ববংগৰ কৃষকৰ হৈ পৰে৷ প্রব্রজিত মুছলমান খেতিয়কৰ প্রব্রজন বৃদ্ধিয়ে তেতিয়াই ভূমি বিবাদৰ সৃষ্টি কৰে। গোজেই গজালি পোতা লোকসকলে শক্তি প্ৰয়োগ কৰি ভূমি দখল কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ সমাধানৰ অর্থে ১৯২০ চনত নগাঁও জিলাৰ ডেপুটী কমিছনাৰৰ পৰামর্শ মতে তেতিয়াৰ কংগ্রেছ চৰকাৰে লাইন প্রথাৰ প্রৱর্তন কৰে৷ এই ব্যৱস্থাৰ অনুযায়ী ভূমিক তিনি শ্রেণীত ভাগ কৰা হয়–

ক) এইটো শ্ৰেণীত প্রব্রজিত মুছলমানে মুকলিকৈ স্থিতি ল’ব পাৰিব৷

খ)এইটো শ্ৰেণীত ’প্রব্রজিত মুছলমানে মুকলিকৈ স্থিতি ল’ব নোৱাৰিব৷

গ) এইটো শ্ৰেণীত নির্দিষ্ট ভূখণ্ড বা মেপত এডাল লাইন টনা হ’ব য’ৰ সিপাৰে প্রব্রজিত মুছলমানে স্থিতি ল’ব নোৱাৰিব৷

পূর্ববংগীয় মুছলমানৰ প্রব্রজনে আটাইতকৈ বেছি ক্ষতিগ্রস্ত কৰিছিল গোৱালপাৰা, বৰপেটা আৰু নগাঁও জিলাক৷ বৰপেটালৈ প্রব্রজনৰ সোঁত ইমান তীব্র আছিল যে ১৯১১-১৯৪১ চনৰ সময়ছোৱাত বৰপেটাত মুছলমান জনসংখ্যা বৃদ্ধিৰ হাৰ ০.১ৰপৰা ৪৯ হৈছিল৷ সেই সময়ছোৱাত নগাঁও জিলাৰ কিছুমান মৌজাত মুছলমান জনসংখ্যা বৃদ্ধিৰ হাৰ ১০০ৰপৰা ২৯৪ পৰ্যন্ত হৈছিল৷ C. S. Mullan-য়ে সেয়েহে ১৯৩১ চনৰ লোকপিয়লৰ ৰিপ’র্টত তাৎপর্যপূর্ণভাৱে মন্তব্য দিছিল যে অনাগত ৩০ বছৰত হয়তো শিৱসাগৰেই একমাত্র হয়তো এনে এখন ঠাই হ’ব, য’ত এজন অসমীয়াই অসমত থকা যেন অনুভৱ কৰিব৷ তেওঁ আৰু উল্লেখ কৰিছিল যে অসমলৈ ক্রমাৎ বৈ থকা পূর্ববংগীয় মুছলমানৰ প্রব্রজনে অসমৰ সভ্যতা আৰু সংস্কৃতিৰ বিস্তৰ ক্ষতি কৰাৰ লগতে অসমৰ ভৱিষ্যৎ চিৰদিনৰ বাবে সলনি কৰিলে আৰু প্রব্রজনকাৰীয়ে কৰা এই ক্ষতি ১৮২০ চনৰ মানৰ আক্রমণৰ ফলত হোৱা ক্ষতিতকৈ বহুগুণে ভয়াৱহ৷

১৯৪৩ চনত মুছলিম লীগৰ নেতা ছাদুল্লাই কৈছিল যে পূর্ববংগীয় প্রব্রজনকাৰী মুছলমানে কেৱল জনজাতীয় কৃষকৰে নহয়, বৰং অসমীয়া মুছলমান কৃষকৰ ভূমিও দখল কৰিছে৷ অৱশ্যে তেওঁৰ খিলঞ্জীয়াৰ প্ৰতি প্ৰেমত উঠলি উঠি এই কথা কোৱা নাছিল। ছাদুল্লাই ১৯৩৯ চনত ক্ষমতালৈ আহিয়েই লাইন প্রথাক সম্পূর্ণৰূপে বিধবস্ত কৰিবলৈ আৰু অসমক মুছলিম লীগৰ স্থায়ী ঘাটিলৈ পৰিৱর্তন কৰিবলৈ এটা Land Development Scheme প্রস্তুত কৰে যাক Grow More Food Scheme বুলিও কোৱা হয়৷ আঁচনিখনৰ উদ্দেশ্যই আছিল অসমত মুছলমানৰ প্ৰব্ৰজন অধিক হাৰত কৰা। সেই সপোনটো এফালে জিন্নাই দেখিছিল। ইফালে ছাদুল্লাৰ মানসপটতো পাকিস্তান পাকিস্তান ভাবৰ উদগীড়ন ঘটিছিল। আঁচনিখনৰ মূল উদ্দেশ্য আছিল প্রব্রজনকাৰী পূর্ববংগীয় মুছলমানৰ বাবে অধিক মাটি লাভৰ বাট প্রশস্ত কৰা৷ ভাইচৰয় ৱেভলে আঁচনিখনক Grow More Muslim আঁচনি আখ্যা দি প্রত্যাখ্যান কৰে৷ ছাৰ ছাদুল্লাই ১৯৪৩ চনত পুনৰ ক্ষমতালৈ আহিয়েই Land Development Scheme পুনৰাম্ভ কৰে। ইয়াৰ ফলত পূর্ববংগীয় মুছলমান প্রব্রজনকাৰীৰ নতুনকৈ বোৱা সোঁতে অসমৰ বহু হাবি-বননি, চৰণীয়া পথাৰ আদি গ্ৰাস কৰি লয়। এই প্রক্রিয়াত মিচিং আৰু বড়ো খেতিয়কসকল বাৰুকৈ ক্ষতিগ্রস্ত হয়৷

১০ ফেব্রুৱাৰী, ১৯৪৬ চনত গোপীনাথ বৰদলৈ (কংগ্রেছ) ক্ষমতালৈ আহে আৰু অনতি পলমে থলুৱাৰ স্বার্থ ৰক্ষাৰ হকে ট্রাইবেল বেল্ট আৰু ব্লক গঠনৰ দিহা কৰে৷ এই আঁচনি অনুযায়ী ৫০ বা তাতোকৈ অধিক জনজাতীয় বা অন্যান্য পিছপৰা লোকে বসতি কৰা অঞ্চলত ট্রাইবেল বেল্ট আৰু ব্লক গঠনৰ পৰিকল্পনা কৰা হয়৷ অৱশ্যেই আগৰে পৰা বসবাস কৰা অজনজাতীয় লোকক ট্রাইবেল বেল্ট বা ব্লকত থকাৰ অনুমতি দিয়া হয় কিন্তু এনে বেল্ট বা ব্লকত জনজাতীয় লোকৰ পৰা অজনজাতীয় লোকৰ হাতলৈ ভূমি হস্তান্তৰত বাধা আৰোপ কৰা হয়৷

১৯৪৭ চনত Assam Land Revenue Regulation-ৰ এক প্রাৰম্ভিক সংশোধনৰ দ্বাৰা ১০টা ট্রাইবেল বেল্ট আৰু ২৩টা ট্রাইবেল ব্লকৰ পুনৰব্যাখ্যাৰ জৰিয়তে পূর্ববংগীয় প্রব্রজনকাৰী মুছলমান কৃষকৰ আগ্রাসনৰ পৰা অসমীয়া থলুৱা লোকৰ ভূমি অধিকাৰক সুৰক্ষা দিয়াৰ প্রচেষ্টা কৰা হৈছিল যদিও একে বর্ষত অর্থাৎ ১৯৪৭ চনত ব্রিটিছ আমোলৰ পৰা লাভ কৰা স্বাধীনতাই সকলো প্রচেষ্টাক আউল লগাই অধিক পূর্ববংগীয় অসম প্রৱেশৰ বাট মুকলি কৰে৷

দেশ বিভাজনৰ সময়ত সৃষ্টি হোৱা অবর্ণনীয় পৰিস্থিতিৰ পৰিপ্রেক্ষিতত মানৱীয়তাৰ খাতিৰত অসম চৰকাৰে ৫ লক্ষাধিক বাঙালীক আশ্রয় দিবলৈ সন্মত হয় যদিও প্রকৃতার্থত আশ্রয় লোৱা বাবে অসমত প্রৱেশ কৰা লোকৰ সংখ্যা তাতকৈ বহু অধিক আছিল৷ প্রব্রজনৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি Undersirable Immigrants (Expulsion from Assam) Bill-খন উত্থাপন কৰা হয়৷ পাছত ইয়াৰ নাম সলনি কৰি The Immigrants (Expulsion from Assam) Act,1950 কৰা হয়৷ বিদেশী চিনাক্তকৰণ আৰু বিতাড়নৰ ক্ষেত্রত এই আইন কিমান সফল হ’ল এই সন্দর্ভত কোনো বিশেষ তথ্য উপলব্ধ নহয়৷

১৯৫১-৬১ চনৰ সময়ছোৱাত অসমত জনসংখ্যা বৃদ্ধিৰ হাৰ অত্যধিক আছিল৷ অৱশ্যে ইয়াৰ কাৰণ দর্শাই ১৯৬৩ চনত The Census of India Paper No. 1-ত কোৱা হৈছে যে ১৯৫১ চনৰ লোকপিয়লৰ সময়ত যিবোৰ মুছলমান অদৃশ্য হৈছিল (১৯৫০ চনৰ সাম্প্রদায়িক সংঘাতৰ পৰিপ্রেক্ষিতত ইষ্ট পাকিস্তান বা অন্য স্থানলৈ পলায়ন কৰিছিল) তেওঁলোকৰ পুনৰ ১৯৬১ চনৰ লোকপিয়লৰ সময়ত আৱির্ভাৱ হোৱাৰ বাবেই ১৯৬১ চনৰ লোকপিয়লত পূর্বে নথকা ২,৭৫,০০০জন মুছলিম লোকৰ নাম সন্নিৱিষ্ট হয়৷ ১৯৬১-১৯৭১ চনৰ সময়ছোৱাত গৃহ বিভাগে সদৌ অসম ছাত্র সন্থাৰ প্রতিনিধি দলক দিয়া তথ্য অনুযায়ী ৯,৬৭,০০০জন অনুপ্রৱেশকাৰীয়ে অসমত প্রৱেশ কৰিছে৷

বিশেষকৈ ১৯৭১ চনৰ বাংলাদেশৰ স্বাধীনতা আন্দোলনৰ কালছোৱাত বৃহৎসংখ্যক লোক পূব পাকিস্তানৰ পৰা আহি অসমত খোপনি পোতে৷ অনিল শইকীয়া, হোমেশ্বৰ গোস্বামী আৰু অতুল শইকীয়াৰ জনগণনাৰ এক বিজ্ঞানসন্মত অধ্যয়ন অনুযায়ী ১৯৭১-১৯৯১ চনৰ ভিতৰত অসমলৈ অহা মুঠ অনুপ্রৱেশকাৰীৰ সংখ্যা আছিল ৬,৮৬,৩৪৪৷ এক দীর্ঘ বিৰতিৰ (২০০৪ৰপৰা) অন্তত বর্তমানৰ বিজেপি চৰকাৰৰ দ্বাৰা ধর্মীয় লোকপিয়লৰ তথ্য ৰাজহুৱা কৰা হয়৷ অসম সন্দর্ভত The Financial Express-ত ২২ জানুৱাৰী, ২০১৫ত এইদৰে উল্লেখ কৰে৷

The last time religion-based data was released in the country was in 2004, which was a record of figures till 2001. Among all states in the country, Jammu and Kashmir has the highest Muslim population (68.3 percent), followed by Assam (34.2 percent)... The most rapid rise in the share of Muslims in the total population was witnessed in Assam... Muslims constituted 30.9 percent of the state population in 2001 and it has risen to 34.2 percent a decade later.

২০১১ চনৰ লোকপিয়লত অসমৰ জনসংখ্যা ১৯৯১-২০০১ৰ তুলনাত ২০০১-২০১১ত ১৭.০৭ বৃদ্ধি হৈছে বুলি উল্লেখ কৰিছে৷ অসমৰ জনগাঁথনিৰ এনে মৌলিক পৰিৱর্তন সন্দর্ভত অসমৰ অনুপ্রৱেশ সমস্যা অধ্যয়নৰ বাবে গঠিত এজনীয়া উপমন্যু হাজৰিকা কমিছনে ৫ অক্টোবৰ, ২০১৫ত দাখিল কৰা ৰিপ’র্টে বিশেষ তাৎপর্য বহন কৰে, য’ত স্পষ্ট ভাষাত কোৱা হৈছে যে বাংলাদেশী অনুপ্রৱেশৰ ধাৰা যদি বর্তমানৰ দৰেই চলি থাকে তেনেহ’লে অসমৰ থলুৱা লোকসকল ২০৪৭ চনৰ ভিতৰত সংখ্যালঘুত পৰিণত হ’ব৷ অনাগত অসমৰ নির্বাচন আৰু বিজয়ী দলৰ অবৈধ বাংলাদেশী অনুপ্রৱেশ সন্দর্ভত লোৱা স্থিতিয়ে অসমৰ জনগণৰ আৰু অসমৰ ভৱিষ্যৎ সন্দর্ভত নিশ্চিতই এক গুৰু ভূমিকা পালন কৰিব৷