জে এন ইউত আকৌ বামপন্থী ছাত্ৰ সংগঠনৰ দ্বাৰা মাৰপিট




বন্দে মাতৰম্ কবলৈ কুন্ঠাবোধ কৰা , স্বামী বিবেকানন্দৰ মুৰ্তি ত কলা ছিয়াহী ঢালি দি আনন্দ পোৱা তথা বিৰোধী পক্ষৰ তেজৰ দ্বাৰা বিপ্লৱৰ সমাধান কৰিব বিচৰা বামপন্থী গোট সমুহৰ দ্বাৰা ভাৰতৰ আগশাৰীৰ শিক্ষানুষ্ঠান জে এন ইউত সংঘটিত হৈছে প্ৰচণ্ড মাৰপিটৰ ঘটনা। তেওলোকৰ পৰিকল্পিত আক্ৰমণ ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তা সকল যথেষ্ট ভাৱে আহত হয় ।দুখৰ কথা যে বামপন্থী সকলৰ দ্বাৰা হোৱা এই আক্ৰমণ ত বাচি যোৱা নাছিল ছাত্ৰী ও ।নাৰী সমাজৰ কথা কোৱা এইসকলৰ কাৰনে নাৰী মাত্ৰ শ্লোগানতেই সীমাবদ্ধ । জে এন ইউত নিজৰ অস্তিত্ব যেতিয়া ই সংকটত থকা যেন অনুভৱ কৰে তেতিয়া ই আৰম্ভ কৰে তেওলোকৰ আক্ৰমণ । জে এন ইউ ত নিজৰ অস্তিত্ব এতিয়াও যে আছে তাক সকলোৰে আগত দেখোৱাৰ এক ৰণনীতি ।কিন্তু বাস্তৱ কথা এই যে , তেওলোকৰ সীমা মাত্ৰ জে এন ইউ তেই সীমাবদ্ধ । ইতিমধ্যে বামপন্থী আদৰ্শ ই আমুৱাইছে একেখনে জে এন ইউ ৰ বিজ্ঞান শাখাৰ । ইতিমধ্যে গুৰুতৰভাৱে আহত সকলক ভৰ্তি কৰা হৈছে এইমছত।

3 views0 comments